নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত প্রাক্তন মুখ্যমন্ত্রী গগৈলৈ গভীৰ শ্রদ্ধাঞ্জলি দলীয় নেতা–কর্মী–গুণমুগ্ধ

নিয়মীয়া বাৰ্তা ৯ ডিচেম্বৰঃ জননেতা, প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ চিতাভস্ম লৈ এখন সুসজ্জিত বাহনেৰে মঙলবাৰৰ গুৱাহাটীৰ পৰা আৰম্ভ হৈছে শান্তি সদ্ভাৱনা যাত্রা৷ ১২ ডিচেম্বৰ পর্যন্ত সমগ্র ৰাজ্যলৈকে যাব লগা এই যাত্রা পথত আজি বিয়লি প্রাক্তন মুখ্যমন্ত্রীগৰাকীৰ পত্নী ডলি গগৈ, সাংসদ পুত্র গৌৰৱ গগৈ, জীয়ৰী চন্দিমা গগৈসহ পৰিয়ালবর্গ আৰু কংগ্রেছৰ বহুসংখ্যক নেতা–কর্মীৰ এটা সঁজাতী দলে নগাঁও চহৰৰ ৰাজীৱ ভৱনত উপস্থিত হয়৷ জিলা ৰাজীৱ ভৱনলৈ এই সঁজাতী দলটোক গায়ন–বায়নেৰে আদৰণি জনোৱা হয়৷ পিছত জিলা কংগ্রেছৰ উদ্যোগত অনুষ্ঠিত হয় শ্রদ্ধাঞ্জলি অনুষ্ঠান৷ সঁজাতী দলটোৰ লগতে দলীয় নেতা–কর্মীসকলকে ধৰি অসংখ্য লোকে প্রয়াত মুখ্যমন্ত্রীগৰাকীলৈ শ্রদ্ধা জ্ঞাপন কৰে৷ অনুষ্ঠানত অংশগ্রহণ কৰাৰ পিছত প্রাক্তন সাংসদ গৌৰৱ গগৈয়ে সংবাদ মাধ্যমৰ আগত কয়, ‘জননেতা তৰুণ গগৈৰ স্মৃতিত ৰাজ্যজুৰি শান্তি আৰু সদ্ভাৱনা অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷ তৰুণ গগৈ যদিও আমাৰ মাজত শাৰীৰিকভাৱে নাই, তথাপি আমি চৌদিশে তেওঁৰ হাঁহি দেখা পাওঁ৷ সাধাৰণ ৰাইজৰ তেওঁৰ প্রতি থকা শ্রদ্ধা আৰু মৰমৰ পৰিৱেশ আজিও দেখা গৈছে৷’ জিলা কংগ্রেছ ভৱনত শ্রদ্ধাঞ্জলি অনুষ্ঠান উপলক্ষে সর্বধর্ম প্রার্থনা সভা অনুষ্ঠিত হয়৷ তদুপৰি, তৰুণ গগৈ ছবিসম্বলিত এখন চিত্র প্রদর্শনী মুকলি কৰে কবি ডাঃ প্রয়াগ শইকীয়াই৷

লগতে প্রাক্তন মন্ত্রী ৰকিবুল হুছেইন সম্পাদিত ‘শ্রদ্ধাৰ পৰা শ্রদ্ধাঞ্জলিঃ ফটোৱে কথা কয়’ শীর্ষক এক গ্রন্থ উন্মোচন কৰা হয়৷ গ্রন্থখন উন্মোচন কৰে শিক্ষাবিদ ড০ খর্গেশ্বৰ ভূঞাই৷ ইয়াৰ পিছতে তৰুণ গগৈৰ তিনিখন তথ্যচিত্র ক্রমে ‘জন্মৰ পৰা মৃত্যুলৈ’ মুকলি কৰে ডলি গগৈয়ে, ‘২০১১ৰ পৰা ২০১৬লৈ গগৈৰ কর্মৰাজি’ মুকলি কৰে চন্দিমা গগৈয়ে আৰু ‘২০১৬ৰ পৰা মৃত্যুলৈকে বিৰোধীৰ ভূমিকাত গগৈ’ মুকলি কৰে গৌৰৱ গগৈয়ে৷ জিলা কংগ্রেছৰ সভাপতি তপন কুমাৰ শর্মাই আঁত ধৰা অনুষ্ঠানত সাংসদ প্রদ্যুৎ বৰদলৈ, বিধায়ক নুৰুল হুদা, প্রাক্তন বিধায়ক ডাঃ দুর্লভ চমুৱা, কংগ্রেছ নেতা ক্রমে সুৰেশ বৰা, শান্তনু শর্মাকে ধৰি সহস্রাধিক কংগ্রেছ নেতা–কর্মীয়ে অংশগ্রহণ কৰে৷ ইপিনে, জিলাখনৰ বিভিন্ন স্থানত তৰুণ গগৈৰ স্মৃতিত শ্রদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়৷ সন্ধিয়াৰ ভাগত সঁজাতী দলটোক তিতাবৰ অভিমুখী যাত্রাপথত ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ উৰিয়াগাঁও বাইপাছ চ’কৰ ওচৰতো বঢ়মপুৰ যুৱ কংগ্রেছৰ তৰফৰ পৰা আদৰণি জনোৱাৰ লগতে কংগ্রেছৰ শতাধিক সদস্যই প্রয়াত তৰুণ গগৈক গভীৰ শ্রদ্ধাঞ্জলি জনায়৷

You might also like