নিয়মীয়া বাৰ্তা ৯ ডিচেম্বৰঃ বিটিচি নির্বাচনৰ প্রচাৰ অভিযানৰ অন্তিম দিনা আজি কোকৰাঝাৰৰ ছেৰফাংগুৰি বজাৰত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে প্রচাৰ অভিযানৰ সামৰণি মাৰে৷ যোৱা সময়ছোৱাত বিটিআৰৰ কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰিত ধাৰাবাহিকভাৱে অর্ধশতাধিকৰো অধিক নির্বাচনী সভাৰে প্রচাৰ অভিযান চলাই বিজেপিক সন্মুখৰ পৰা নেতৃত্ব দিয়া ৰঞ্জিত দাসে আজি আবেলি পৰিষদৰ দোতমা সমষ্টিৰ ছেৰফাংগুৰি বজাৰত উপস্থিত হৈ সাধাৰণ ৰাইজৰ স’তে বার্তালাপেৰে অন্তিম প্রচাৰ চলায়৷ সভাপতি ৰঞ্জিত দাসে অন্তিম দিনা উল্লেখ কৰে বিটিআৰৰ পৰিৱর্তনৰ বাবে বিজেপিৰ বিকল্প নাই৷ বিজেপিৰ প্রতি ৰাইজৰ আগ্রহ আৰু মৰমৰ বাবে প্রথম পর্যায়ৰ নির্বাচনত হিলদল ভাঙি ভোটাৰ ৰাইজ ওলাই আহিছে৷ এই পৰিৱেশে স্পষ্ট কৰি দিছে এইবাৰ বিটিচিত বিজেপি চৰকাৰ নিশ্চিত৷ আজি অন্তিম প্রচাৰ অভিযানত সভাপতি ৰঞ্জিত দাসক সংগ দিয়ে সাংসদ কামাখ্যা তাছা, বিধায়ক অশোক সিংঘালৰ লগতে কেইবাজনো দলীয় কার্যকর্তাই৷