১৫ ডিচেম্বৰত খুলিব বিশ্ববিদ্যালয়ৰ হোষ্টেল
নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰঃ সমগ্র বিশ্বক মৃত্যু উপত্যকাত পৰিণত কৰা ক’ভিড–১৯ৰ ভয়াৱহতা আৰু সামাজিক সংক্রমণ প্রতিৰোধৰ বাবে বিগত মার্চ মাহৰ পৰা আৰম্ভ হোৱা দীর্ঘদিনীয়া লকডাউনৰ পিছৰে পৰা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহৰ পাঠদান কার্য একপ্রকাৰ স্থবিৰ হৈ পৰিছে৷ ৰাজ্য চৰকাৰৰ নীতি–নির্দেশনা অনুসৰি বিদ্যালয় আৰু মহাবিদ্যালয় পর্যায়ত পাঠদান প্রক্রিয়া আৰম্ভ হৈছে যদিও কেতবোৰ চর্ত সাপেক্ষেহে৷ ইয়াৰ বিপৰীতে ৰাজ্যৰ উচ্চ শিক্ষাৰ মহৎ প্রতিষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাঠদানকার্য অদ্যাপি আৰম্ভ হোৱা নাই৷ শেহতীয়াভাৱে গুৱাহাটী বিশ্ববিদ্যালয় কর্তৃপক্ষই বিশ্ববিদ্যালয়ৰ শ্রেণীসমূহ খোলাৰ ক্ষেত্রত ইতিমধ্যে যাৱতীয় প্রস্তুতি প্রায় সম্পূর্ণ কৰি তোলা বুলি জানিব পৰা গৈছে৷ ইয়াৰে সমান্তৰালকৈ বিশ্ববিদ্যালয়খনৰ ছাত্রাৱাস আৰু ছাত্রীনিবাসসমূহো খুলি দিয়াৰ পোষকতা কৰিছে৷
উল্লেখ্য যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্রেণীসমূহৰ সচিবগৰাকীয়ে ইতিমধ্যে ছাত্রাৱাস আৰু ছাত্রীনিবাসসমূহ খুলি দিয়াৰ আগমুহূর্তত এক নির্দেশনা জাৰি কৰিছে৷ নির্দেশনা অনুসৰি বিশ্ববিদ্যালয়ৰ চূডান্ত বর্ষৰ ছাত্র–ছাত্রীৰ যিসকলে বিশ্ববিদ্যালয়ৰ আৱাসত থাকি পঢ়াশুনা কৰি আহিছে সেইসকল আৱাসীৰ বাবে এখন ‘ষ্টেণ্ডার্ড অপাৰেটিং প্রচিডিইউৰ’ প্রস্তুত কৰিছে৷ সেই অনুসৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্রাৱাস আৰু ছাত্রীনিবাসসমূহ অহা ১৫ ডিচেম্বৰৰ পৰা বিভিন্ন নীতি–নির্দেশনাৰ মাজেৰে খুলি দিয়া হ’ব৷ ইয়াৰ পূর্বে ছাত্রাৱাসৰ আৱাসীসকলে অহা ১৪ ডিচেম্বৰ আৰু ছাত্রীনিবাসৰ আৱাসীসকলে ১৫ ডিচেম্বৰত বিশ্ববিদ্যালয়লৈ আহি কর্তৃপক্ষৰ ওচৰত ৰিপ’ট কৰিব লাগিব৷ বিশ্ববিদ্যালয়ৰ প্রতিটো আৱাসৰ শোৱনিকোঠা, ৰান্ধনীশাল, আহাৰ গ্রহণ কৰা গৃহ, শৌচাগাৰ তথা প্রস্রাৱাগাৰ আদি ইতিমধ্যে সম্পূর্ণ ৰূপে ছেনিটাইজ কৰি তুলিছে৷
গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্রতিগৰাকী শিক্ষক ৱার্ডেন আৰু কর্মচাৰীয়ে ছাত্রাৱাস আৰু ছাত্রীনিবাসসমূহ খুলি দিয়াৰ পূর্বে ৰেপিড এণ্টিজেন টেষ্ট কৰিব লাগিব৷ আৱাসত সোমোৱাৰ লগে লগে আৱাসীসকলে ২৪ ঘণ্টাৰ বাবে আছুতীয়াকৈ থাকিব লাগিব৷ ছাত্রাৱাস আৰু ছাত্রীনিবাসৰ আৱাসীসকলৰ ৰেপিড এণ্টিজেন টেষ্টৰ নিগেটিভ ৰিপ’ট কর্তৃপক্ষৰ ওচৰত জমা দিব লাগিব৷ তদুপৰি ছাত্রাৱাস আৰু ছাত্রীনিবাসৰ আৱাসীসকলৰ অভিভাৱকসকলে সন্তানৰ বাবে একোখনকৈ আপত্তি বিহীন প্রমাণ–পত্র জমা দিব লাগিব৷ আনহাতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চিকিৎসক বিষয়াসকলে ৰান্ধনীশাল আৰু ‘মেছ’সমূহৰ স্বাস্থ্যসন্মত দিশসমূহ সপ্তাহত এদিনকৈ পৰিদর্শন কৰিব৷