নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাগীৰোডত বিশাল বাইক ৰেলীৰে প্রচাৰ মন্ত্রী পীয়ূষ হাজৰিকাৰ

তিৱা স্বায়ত্ত পৰিষদৰ নির্বাচনলৈ মাজত মাত্র আঠ দিন

নিয়মীয়া বাৰ্তা ৯ ডিচেম্বৰঃ অহা ১৭ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া এই তিৱা পৰিষদৰ নির্বাচনক লৈ মঙলবাৰে বিয়লি বিজেপিয়ে জাগীৰোডত এক বিশাল বাইক ৰেলী উইলয়ায়৷ জাগীৰোডৰ বিধায়ক তথা মন্ত্রী পীয়ূষ হাজৰিকাই এই বাইক ৰেলীৰ নেতৃত্ব দিয়ে৷ ৰেলীত পাঁচ শতাধিক মটৰচাইকেল আৰোহীক লগত লৈ মন্ত্রীগৰাকীয়ে প্রায় ১৫ কিলোমিটাৰ পথত বাইক চলাই নির্বাচনী প্রচাৰ চলায়৷ জাগীৰোডৰ কোঁৱৰ গাঁৱৰ পৰা আৰম্ভ কৰা এই বাইক ৰেলী গডমাৰীত সামৰণি মাৰে৷ মন্ত্রীগৰাকীয়ে তিৱা স্বায়ত্ত পৰিষদৰ গুৱা আৰু গড়মাৰী পৰিষদীয় সমষ্টিত বিজেপিৰ মনোনীত প্রার্থীৰ হৈ প্রচাৰ চলায়৷ এই বাইক ৰেলীৰ পিছতে প্রথমে ৭ নং গডমাৰী সমষ্টিৰ বিজেপিৰ মনোনীত প্রার্থী মৰমী বৰদলৈক লৈ এখন সভাত অংশ লয়৷ পাঁচ সহস্রাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত এই সভাত মন্ত্রীগৰাকীয়ে কংগ্রেছ দল আৰু দলটোৰ সাংসদ প্রদ্যুৎ বৰদলৈক তীব্র সমালোচনা কৰে৷ তেওঁ কয় যে সাংসদ প্রদ্যুৎ বৰদলৈৰ নিজ দলৰে কর্মীৰ খবৰ লোৱাৰ আহৰি নাই৷

উল্লেখ্য যে তিৱা নির্বাচনৰ দলীয় সভাত অংশগ্রহণ কৰি ওভতাৰ পথত দুর্ঘটনাত গুৰুতৰভাৱে আহত হোৱা কংগ্রেছ কর্মীৰ চিকিৎসাৰ দায়িত্ব লয় মন্ত্রী পীয়ূষে৷ যিজন সাংসদে নিজ কংগ্রেছ দলৰ কর্মীৰে খবৰ লোৱাৰ সময় নাথাকে, তেন্তে কংগ্রেছ নেতাই ৰাইজৰ হৈ কি চিন্তা কৰিব বুলিও মন্ত্রী হাজৰিকাই কটাক্ষ কৰে৷ ইয়াৰ পিছতে ৮ নং গুৱা পৰিষদীয় সমষ্টিৰ বিজেপিৰ মনোনীত প্রার্থী মিহিৰাম বৰদলৈৰ হৈ খোলা গাঁৱত আন এখন নির্বাচনী প্রচাৰ সভাত অংশগ্রহণ কৰি বিজেপি চৰকাৰৰ কাম–কাজ আৰু উন্নয়নৰ খতিয়ান দাঙি ধৰি মন্ত্রীগৰাকীয়ে বিজেপিৰ প্রার্থীক ভোট দিবলৈ আহ্বান জনায়৷

You might also like