নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ-পূবত প্ৰথমবাৰৰ বাবে স্থাপন মাতৃদুগ্ধৰ বেংক ‘HUMAN MILK BANK’

নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰঃ উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে স্থাপন কৰা হ’ল মাতৃদুগ্ধৰ বেংক। হিউমেন মিল্ক বেংক নামৰ এই বেংকটো গুৱাহাটীৰ ছাত্ৰীবাৰী খ্ৰীষ্টান হাস্পতালত স্থাপন কৰা হয়। ৰটাৰী ক্লাবৰ সাহায্যত স্থাপন কৰা বেংকটো আজি মুকলি কৰা হয়।

সাহায্য়কৃত দুগ্ধৰ বাবে এতিয়াৰে পৰা শিশুৰ মৃত্যু হাৰ হ্ৰাস হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে হাস্পতাল কৰ্তৃপক্ষই। অপৈণ নৱজাতকৰ বাবে বিশেষকৈ প্ৰয়োজন হয় মাতৃদুগ্ধ। আনহাতে মানসিক চাপ বা আন কোনো ৰোগৰ বাবে মাতৃদুগ্ধৰ নাটনিত ভুগিলে সকাহ পোৱা যাব এই বেংকৰ দ্বাৰা।

উত্তৰ-পূবত এই বেংকৰ যথেষ্ট প্ৰয়োজন আছিল আৰু আজিৰ হিউমেন মিল্ক বেংকে এই চাহিদা কিছু পৰিমাণে কমিব বুলি আশা কৰা হৈছে। কোনো মাতৃয়ে এই বেংকত দান কৰিব পাৰিব মাতৃদুগ্ধ।

You might also like