নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বর্ষাৰণ্য পবাৰ শোভা বর্ধনৰ চেষ্টা অব্যাহতঃ লুপ্তপ্ৰায় ৩০ৰো অধিক অৰ্কিড ৰোপণ

নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰঃ জোনাইত কেইজনমান যুৱকৰ ব্যতিক্ৰমী প্রচেষ্টাৰে প্রকৃতি প্রেমৰ নিদর্শন | ধেমাজি জিলাৰ একমাত্র বাচি থকা জোনাইৰ সংৰক্ষিত পবা বনাঞ্চলক শোভা বর্ধন আৰু পৰ্যটকক আকর্ষিত কৰাৰ লক্ষ্যৰে হাতে হাতে ব্রাছ লৈ সানিছে গছে গছে ৰং। জোনাইৰ বর্ষাৰণ্য পবা বনাঞ্চলৰ তিনিখন বিটৰ অন্যতম আকর্ষণৰ স্থান হ’ল চিয়াং নদীৰ কাষত থকা তিনিমাইল বিট।

চিয়াং নদীৰ কাষত থকা পবা বনাঞ্চলৰ তিনিমাইল বিটত অসমৰ বিভিন্ন প্রান্তৰ স্কুল-কলেজৰ ছাত্র-ছাত্রী ক্ষেত্র অধ্যয়নৰ লগতে এক উপযুক্ত স্থান বনভােজৰ বাবে। বছৰৰ প্ৰতিটো সময়তে তিনিমাইল বিটৰ চিয়াং নদীৰ পাৰত সমাগম হয় প্রাকৃতিক দৃশ্য উপভােগ কৰিবলৈ পৰ্যটনৰ লগতে স্থানীয় লােকে।

চিৰ সেউজীয়া পবা বনাঞ্চলৰ লগতে কাষতে থকা চিয়াঙৰ নৈসর্গিক সৌন্দৰ্যৰ লগতে পৰিভ্ৰমী চৰাই চাবলৈ ভিৰ কৰে বিভিন্ন প্রান্তৰ লােকে। তেনে সময়তে সংৰক্ষিত পবা বনাঞ্চলক আৰু অধিক শোভা বর্ধনেৰে পর্যটন কিম্বা প্রকৃতিপ্রেমী ৰাইজক আকর্ষিত কৰিবলৈ জোনাইৰ এইসকল যুৱকে যােৱা প্রায় এসপ্তাহ ধৰি অব্যাহত ৰাখিছে৷

জোনাইৰ প্ৰকৃতিপ্ৰেমী যুৱকসকলে পবা বনাঞ্চলৰ তিনিমাইল বিটৰ চিয়াং নদীৰ পাৰত থকা ডাঙৰ ডাঙৰ শিমলু গছত চূণ-তেল সনাৰ লগতে পবা বুলি এখন লুহাৰ পলক স্থাপন কৰাৰ আৰু পবা বনাঞ্চলত লুপ্ত হৈ যোৱা এবিধ অৰ্কিড প্রায় ৩০ৰাে অধিক অর্কিড বাহিৰৰ পৰা সংগ্রহ কৰি গছসমূহত ৰোপণ কৰি বনাঞ্চলখনৰ সোন্দর্য বৃদ্ধিৰ প্রয়াস অব্যাহত ৰাখিছে।

You might also like