নিয়মীয়া বাৰ্তা ১০ ডিচেম্বৰঃ ‘কা’ বাতিলৰ দাবীত অহা ১১ ডিচেম্বৰৰ পৰা শিৱসাগৰৰ লগতে ৰাজ্যত পুনৰ আৰম্ভ হ’ব গণ আন্দোলন৷ জাতিৰ অস্তিত্ব বিপন্ন কৰিব পৰা ‘কা’ আইন বাতিলৰ দাবীত আৰম্ভ হ’বলগীয়া গণ আন্দোলনত অসমৰ ৰাইজক অংশগ্রহণ কৰিবৰ বাবে আজি শিৱসাগৰৰ পৰাই সংগ্রামী যুৱ–ছাত্র পৰিষদ অসম, বীৰ লাচিত সেনা, কৃষক মুক্তি সংগ্রাম সমিতি, ঐক্য সেনা অসম, সদৌ অসম অনুসূচিত জাতি ছাত্র সন্থা, আহোম জাতীয় গণ মঞ্চ, মৰিয়া যুৱ–ছাত্র পৰিষদ, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, অসম ছাত্র যুৱ সন্মিলন, কলিতা জনগোষ্ঠী ছাত্র সন্থা, জাগৃতি মহিলা সমাজ, ছাত্র মুক্তি সংগ্রাম সমিতি, অসম চাহ জনগোষ্ঠী জলহা যুৱ–ছাত্র পৰিষদ, সদৌ অসম মুছলিম যুৱ পৰিষদ, অসম জাতীয়তাবাদী যুৱ পৰিষদ, চাহ জনগোষ্ঠী ছাত্র সন্থা (স্বতন্ত্র), কৃষক–শ্রমিক কল্যাণ পৰিষদ আদিয়ে এখন সংবাদ মেলৰ জৰিয়তে আহ্বান জনাইছে৷ সংবাদ মেলত সংগ্রামী যুৱ–ছাত্র পৰিষদ অসমৰ কেন্দ্রীয় সভাপতি দেৱজিৎ দত্তই কয় যে চৰকাৰখনে মানুহৰ সাংবিধানিক অধিকাৰ খর্ব কৰিছে৷ চৰকাৰখনৰ নীতিৰ বিৰুদ্ধে মাত মাতিলেই ৰোষত পৰিবলগীয়া হয়৷ বিগত বর্ষত এইখন চৰকাৰে অসমীয়া জাতীয় জীৱনৰ অস্তিত্ব বিপন্ন কৰি তোলা নাগৰিকত্ব সংশোধনী আইন অসমীয়া জাতিৰ সিদ্ধান্তৰ বিপৰীতে গৈ প্রণয়ন কৰিলে৷ যিখন আইনৰ দ্বাৰা অদূৰ ভৱিষ্যতে অসমীয়া জাতিৰ অস্তিত্ব নস্যাৎ হয়৷ কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰোধিতাৰে অসমৰ জনগণ ৰাজপথলৈ ওলাই অহাত শাসক চৰকাৰখনে প্রতিবাদী কণ্ঠ ৰোধ কৰাৰ ধাৰাবাহিক প্রচেষ্টা অব্যাহত ৰাখিলে৷ শেহতীয়াকৈ ক’ভিড–১৯ অতিমাৰীৰ ফলত সমগ্র দেশতেই অব্যাহত থকা লকডাডনৰ বাবে ‘কা’বিৰোধী এই সংগ্রামৰ ধাৰা কিছু স্তিমিত হৈ পৰিছিল যদিও এইবাৰ পূর্বতকৈ অধিক শক্তিশালী ৰূপত এই ‘কা’বিৰোধী আন্দোলনখন চলাই নিয়া হ’ব বুলি সংবাদ মেলত দেৱজিৎ দত্তই স্পষ্ট কৰি দিয়ে৷ ইয়াৰ লগতে নেতাগৰাকীয়ে কয় যে সাম্প্রতিক সময়ত অসমৰ অস্তিত্ব বিপন্ন কৰিবৰ বাবে ডদগনি যোগোৱা ব্যক্তিক অসমীয়া জাতিৰ চিৰশত্রু হিচাপে চিনাক্ত কৰা হৈছে৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু অগপৰ সভাপতি তথা কৃষিমন্ত্রী অতুল বৰাক অসমীয়া জাতিয়ে কেতিয়াও ক্ষমা নকৰে বুলিও দত্তই ভাষণত ডল্লেখ কৰে৷
‘কা’ আন্দোলনত কাৰাৰুদ্ধ হোৱা কৃষক মুক্তি সংগ্রাম সমিতিৰ কেন্দ্রীয় সাধাৰণ সম্পাদক ধৈর্য কোঁৱৰে সংবাদ মেল সম্বোধন কৰি কয় যে ইতিমধ্যে দিল্লী–দিছপুৰৰ চৰকাৰে অসমীয়া জনগণৰ আৱেগ–নুভূতিক নস্যাৎ কৰি নাগৰিকত্ব সংশোধনী আইন প্রণয়ন কৰিলে৷ চৰকাৰখনে এই আইন ২০২১ চনৰ জানুৱাৰী মাহৰ পৰা কার্যকৰী কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ যদি এই জাতিধ্বংসী আইনখন কার্যকৰী কৰা হয় তেন্তে চুবুৰীয়া দেশৰ পৰা অহা ১ কোটি ৯০ লাখ হিন্দু বিদেশী অসমত সংস্থাপিত হ’ব৷ এনে হ’লে অসমীয়া জাতিয়ে হেৰুৱাব লাগিব ৰাজনৈতিক অধিকাৰ, ভাষা–কলা সংসৃকতি, সভ্যতা৷ আৰু ইয়াৰ লগতে অসমত খিলঞ্জীয়াৰ পৰিৱর্তে এগৰাকী হিন্দু বিদেশীয়ে মুখ্যমন্ত্রী হ’ব বুলি তাৎপর্যপূর্ণ মন্তব্য কৰে৷ ইয়াৰ লগতে কৃষক নেতাগৰাকীয়ে কয় যে ‘কা’ আন্দোলনক মষিমূৰ কৰিবৰ বাবে বিজেপি চৰকাৰখনে ইটোৰ পিছত সিটো জাতিদ্রোহী সিদ্ধান্ত গ্রহণ কৰিছে৷ ‘কা’ৰ বিৰুদ্ধে আন্দোলন কৰা বহু ছাত্র সংগঠনৰ নেতাৰ লগতে কৃষক নেতা অখিল গগৈকো আজি এবছৰতকৈ অধিক দিন ধৰি কাৰাৰুদ্ধ কৰি ৰাখিছে৷ চৰকাৰখনৰ এনে স্বৈৰাচাৰী শাসন ব্যৱস্থাৰ পৰাই এটা কথা অনুমান কৰিব পাৰি যে এইখন চৰকাৰে কৃষক নেতা অখিল গগৈলৈ ভয় কৰে৷ চৰকাৰখনলৈ মুকলি প্রত্যাহ্বান, যদি এই চৰকাৰখনৰ তিলমানো সাহস আছে তেন্তে ভুৱা গোচৰত কাৰাৰুদ্ধ কৰি ৰখা কৃষক নেতা অখিল গগৈক মুকলি কৰি ২০২১ ৰ বিধানসভা নির্বাচনত বিজেপি দলটোৱে নির্বাচনত প্রতিদ্বন্দ্বিতা কৰক৷ ইতিমধ্যে দিছপুৰত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে অখিল গগৈ মুকলি আকাশৰ তললৈ আহিলে তেওঁলোকৰ সান্দহ খোৱা বালি যে তল যাব ইয়াক বাৰুকৈ ডপলব্ধি কৰিছে৷ যাৰ বাবে ইটোৰ পিছত সিটো ভুৱা গোচৰ জাপি দি অখিল গগৈক কাৰাগাৰতেই বন্দী কৰি ৰখাৰ প্রচেষ্টা অব্যাহত ৰাখিছে৷ এনে এখন জাতিদ্রোহী চৰকাৰক ডপযুক্ত শিক্ষা দিবৰ বাবে অসমৰ জনসাধাৰণক ৰাজপথলৈ ওলাই আহিবলৈ নেতাগৰাকীয়ে আহ্বান জনাইছে৷ সংবাদ মেলখনত বীৰ লাচিত সেনাৰ নেতা চিতু বৰুৱাৰ লগতে কেইবাগৰাকী ছাত্রনেতাই ‘কা’বিৰোধী আন্দোলনৰ সমর্থনত বক্তব্য প্রদান কৰে৷ ডল্লেখ্য যে অহা ১১ ডিচেম্বৰত অসমৰ ১৮ টাকৈ জাতি–জনগোষ্ঠীয় সংগঠনে শিৱসাগৰৰ বুকুৰ পৰাই নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত এক গণ আন্দোলনৰ কার্যসূচী আৰম্ভ কৰিব৷