১৪ ডিচেম্বৰৰ পৰা চলিব ‘মানস ৰাইনো’
নিয়মীয়া বাৰ্তা ১০ ডিচেম্বৰঃ ক’ভিড–১৯ৰ বাবে দীর্ঘদিন ধৰি স্থানীয় যাত্রীবাহী ৰে’ল চলাচল বন্ধ হৈ আছিল৷ শেহতীয়াকৈ স্থানীয় যাত্রীবাহী ৰে’ল চলাচলৰ ক্ষেত্রত ব্যৱস্থা গ্রহণ কৰিছে উত্তৰ–পূব সীমান্ত ৰে’ল বিভাগে৷ মালিগাঁওস্থিত উত্তৰ–পূব সীমান্ত ৰে’লৰ মহাপ্রবন্ধকে ইতিমধ্যে প্রেৰণ কৰা নির্দেশনা অনুসৰি অহা ১৪ ডিচেম্বৰৰ পৰা কার্যকৰী হোৱাকৈ বিশেষ যাত্রীবাহী ৰে’ল মানস ৰাইনো চলাচল কৰিব৷ ০৫৮০১ নম্বৰৰ মানস ৰাইনো যাত্রীবাহী ৰে’লখন পূর্বৰ নির্ধাৰিত সময় পুৱা ৪.৪৫ বজাত নিউ বঙাইগাঁও জংচনৰ পৰা যাত্রা আৰম্ভ কৰি ৯.১৬ বজাত গুৱাহাটী ষ্টেচনত প্রৱেশ কৰিব৷ একেদৰে ০৫৮০২ নম্বৰ গুৱাহাটী–নিউ বঙাইগাঁও অভিমুখী মানস ৰাইনো সন্ধিয়া ৫.৩০ বজাত পল্টন বজাৰ ষ্টেচনৰ পৰা যাত্রা কৰিব৷ তদুপৰি আলিপুৰদুৱাৰ–লামড অভিমুখী ইণ্টৰচিটী এক্সপ্রেছ বিশেষ যাত্রীবাহী ৰে’লখনো অহা ২৫ ডিচেম্বৰৰ পৰা প্রতিদিনেই নিয়মিত আৰু পূর্বৰ সময়মতে চলাচল কৰিব বুলিও একেটা নির্দেশনাতে সদৰী কৰা হৈছে৷ ইয়াৰ বাবে সকলোবোৰ যাৱতীয়া প্রক্রিয়া উত্তৰ–পূব সীমান্ত ৰে’লৱে গ্রহণ কৰা বুলি চাংসাৰি ষ্টেচনৰ অধীক্ষক ভূমিধৰ দাসে জানিবলৈ দিয়ে৷ উল্লেখ্য যে নামনি অসমৰ লোকৰ যাতায়াতৰ অন্যতম চালিকা শক্তি মানস ৰাইনো, ব’হাগী যাত্রীবাহী, ইণ্টাৰচিটী এক্সপ্রেছৰ চলাচল বন্ধ হৈ থকাত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে ৰে’ল যাত্রীসকল৷