নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড০ হিমন্ত বিশ্ব শর্মাৰ ঘোষণাঃ ’২১ৰ নির্বাচনত প্রার্থিত্ব নাপায় বর্তমানৰ বহু বিধায়কে

নিয়মীয়া বাৰ্তা, ১২ ডিচেম্বৰঃ বিটিচি নির্বাচনৰ পাছতে ৰাজ্যত এতিয়া ২০২১ৰ বিধানসভা নির্বাচনৰ বতাহ বলিছে৷ ক’ৰোনাকেন্দ্রিক পৰিৱেশৰ পাছত তৎপৰ হৈ পৰা ৰাজনৈতিক দলসমূহে ইতিমধ্যে ব্যাপক ৰাজনৈতিক কুচকাৱাজ আৰম্ভ কৰিছে৷ এনে নির্বাচনকেন্দ্রিক ব্যস্ততাৰ মাজতে শেহতীয়াকৈ চলিছে প্রার্থিত্বৰ চর্চা৷ আগন্তুক বিধানসভা নির্বাচনত প্রতিদ্বন্দ্বিতাৰ বাবে দলীয় প্রার্থী বিচাৰি শাসকীয় বিজেপিত ইতিমধ্যে আৰম্ভ হৈছে গুণাগঁথা৷ ২০১৬ চনত নির্বাচিত হোৱা বহু বিধায়কক প্রত্যাহ্বান জনাই বিজেপিৰ লগতে মিত্রদল অগপতো প্রার্থিত্ব বিচাৰি একাংশ যুৱ নেতাই আৰম্ভ কৰিছে তৎপৰতা৷

বিধানসভা নির্বাচনৰ দিন চমু চাপি অহাৰ সময়তে প্রার্থিত্বকেন্দ্রিক এনে তৎপৰতাৰ মাজতে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ঘোষণা– ‘আগন্তুক নির্বাচনত বর্তমানৰ বহু বিধায়কে নাপায় প্রার্থিত্ব৷ জয়ৰ সম্ভাৱনা থকা প্রার্থীকহে দিয়া হ’ব দলীয় টিকট৷ একমাত্র বিজেপিৰেই নহয়, মিত্রদল অগপৰো বহু বিধায়ক এইবাৰ বঞ্চিত হ’ব প্রার্থিত্বৰ পৰা৷’ বিধানসভা নির্বাচনৰ প্রাক্ক্ষণত বিজেপিৰ জ্যেষ্ঠ নেতা তথা নেডাৰ আহ্বায়কগৰাকীৰ এনে মন্তব্যক লৈ শাসকীয় আৰু আঞ্চলিক দল অগপৰ মাজত সৃষ্টি হৈছে তুমুল প্রতিক্রিয়া৷ মন কৰিবলগীয়া যে শাসকীয় দল বিজেপিয়ে এইবাৰ ১০০ প্লাছ আসনৰ লক্ষ্যৰে যথেষ্ট আগতীয়াকৈ আৰম্ভ কৰিছে নির্বাচনী কাম–কাজ৷ সাংগঠনিক দিশ শক্তিশালী কৰাৰ উদ্দেশ্যে বিভিন্ন দলীয় সভা আৰু ৰাজনৈতিক সভা অনুষ্ঠিত কৰি অহা বিজেপিয়ে ৰাজ্যৰ ১২৬টা সমষ্টিত ইতিমধ্যে সম্পূর্ণ কৰিছে এক বিশেষ সমীক্ষা৷ এই সমীক্ষাৰ জৰিয়তে সমষ্টিত বর্তমানৰ বিধায়কৰ স্থিতি কিমান শক্তিশালী অথবা পুনৰ নির্বাচনত বর্তমানৰ বিধায়কজন অৱতীর্ণ হ’লে জয়যুক্ত হ’ব নে নহয়, তাক নির্ধাৰণ কৰি উলিয়াইছে৷ ইতিমধ্যে সমীক্ষাৰ প্রতিবেদন বিজেপিয়ে ৰাষ্ট্রীয় নেতৃত্বলৈ প্রেৰণ কৰিছে৷ বিধানসভা নির্বাচনক লৈ দলটোৱে চলোৱা এনে সমীক্ষাৰ দ্বাৰাই স্পষ্ট হৈ পৰিছিল যে আগন্তুক নির্বাচনত দলটোৰ একাংশ বিধায়কক প্রার্থিত্বৰ পৰা আঁতৰাই নতুন মুখক দলীয় প্রার্থী হিচাপে প্রক্ষেপ কৰিবলৈ বিজেপিয়ে পৰিকল্পনা গ্রহণ কৰিছে৷

দলৰ এনে প্রস্তুতিকেই স্পষ্ট কৰি মন্ত্রী ড০ শর্মাই উল্লেখ কৰে যে বিজেপি আৰু মিত্রজোঁটৰ যিসমূহ বিধায়কে আগন্তুক নির্বাচনত নিশ্চিতভাৱে জয়ী হ’ব, তেওঁলোকক প্রার্থিত্ব প্রদান কৰা হ’ব৷ কলিয়াবৰৰ শিলঘাটস্থিত কামাখ্যা দেৱালয় দর্শনৰ বাবে যোৱা মন্ত্রীগৰাকীয়ে সাংবাদিকৰ আগত এই সন্দর্ভত কয়– প্রার্থিত্ব দিয়াৰ সময়ত প্রতিদ্বন্দ্বিতা কৰিব খোজা প্রার্থীৰ জনপ্রিয়তা আৰু কোন দলৰ প্রার্থী জিকিব, সেয়া নিশ্চিত কৰি প্রার্থিত্ব দিব লাগিব৷ য’ত বিজেপিৰ প্রার্থী জিকাৰ সম্ভাৱনা নাই, তাত জোৰকৈ প্রার্থী দিলে ভোটাৰে উক্ত প্রার্থীক মানি নলয়৷ একেদৰে যি সমষ্টিত অগপৰ প্রার্থী জিকাৰ সম্ভাৱনা নাই, তাত যদি দলটোৰ প্রার্থী প্রক্ষেপ কৰা হয়, তেন্তে কংগ্রেছক জয়যুক্ত কৰাতহে সহায় কৰা হ’ব৷ গতিকে কোন কোন প্রার্থীৰ জয়ৰ সম্ভাৱনা অধিক, সেয়া আগতীয়াকৈ নির্ধাৰণ কৰি লোৱা হ’ব৷ অৱশ্যে এই ধৰণৰ বিষয়সমূহ অহা জানুৱাৰী মাহতহে আলোচনা কৰি আমি স্পষ্ট কৰিম৷

উল্লেখ্য যে ২০১৬ চনত বিজেপি, অগপ, বি পি এফ, গণ শক্তি, ৰাভা যৌথ মঞ্চৰ সৈতে মিত্রতা কৰি দিছপুৰত চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল মিত্রজোঁটে৷ ২০২১ চনৰ বিধানসভা নির্বাচনৰ পূর্বে ইতিমধ্যে বি পি এপৰ সৈতে মিত্রতাৰ প্রায় অৱসান ঘটিছে৷ এনে অৱস্থাত বিজেপিয়ে ১০০ প্লাছ আসনৰ লক্ষ্য পূৰাবলৈ প্রতিটো সমষ্টিতে প্রার্থী প্রক্ষেপ কৰাৰ ক্ষেত্রত যথেষ্ট সাৱধানতা যে অৱলম্বন কৰিব, সেয়া আজি মন্ত্রী ড০ শর্মাৰ ভাষ্যতে স্পষ্ট হৈ পৰিছে৷ সেয়াই নহয়, প্রার্থী প্রক্ষেপৰ ক্ষেত্রত ইতিমধ্যে বিজেপিৰ ৰাষ্ট্রীয় সমিতিয়ে বেচৰকাৰী সংস্থাৰ জৰিয়তে সমষ্টিয়ে সমষ্টিয়ে চলাই আছে সমীক্ষা৷ সমান্তৰালভাৱে ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ (আৰ এছ এছ) দ্বাৰাও কোন সমষ্টিত কাৰ জয়ৰ সম্ভাৱনা অধিক, তাৰ ওপৰতো চলিছে সমীক্ষা৷ এনে সমীক্ষাসমূহৰ প্রতিবেদনৰ ওপৰত ভিত্তি কৰিয়েই অহা জানুৱাৰী মাহত বিজেপিয়ে দলৰ প্রার্থী নিশ্চিত কৰিব৷

মন্ত্রী ড০ শর্মাই প্রকাশ কৰা অনুসৰি আগন্তুক নির্বাচনত অগপই কোন কোন সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিব অথবা কি কি সমষ্টি মিত্রদলক এৰি দিব, সেই সম্পর্কেও অহা জানুৱাৰী মাহত উভয় দলৰ আলোচনাত নির্ধাৰণ কৰা হ’ব৷ ইফালে বিটিচি নির্বাচনক লৈয়ে বি পি এফৰ সৈতে মিত্রতা ছেদ হোৱাৰ পাছত বড়োভূমিত বিজেপিৰ মিত্রদল কোন হ’ব, তাক লৈ চলি থকা চর্চাৰ সময়তে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয়– বি পি এফৰ সৈতে আগন্তুক নির্বাচনত বিজেপিৰ মিত্রতাৰ সম্ভাৱনা একেবাৰে নাই৷ বি টি আৰত নতুন দলৰ সৈতে বিজেপিৰ মিত্রতা হ’ব পাৰে৷ নতুন মিত্রদল কোন হ’ব, সেয়া স্পষ্ট নকৰিলেও মন্ত্রীগৰাকীয়ে ইউ পি পি এলৰ সৈতে মিত্রতাৰ ইংগিত দি কয়– বি পি এফক বাদ দি বিজেপিৰ সৈতে পূর্বে যি দলৰ মিত্রতা আছিল, সেয়া অব্যাহত থাকিব৷ কিন্তু বড়োভূমিৰ কথাটো সুকীয়া৷ বড়োভূমিত নিশ্চিতভাৱে নতুন দলৰ সৈতে মিত্রতা হ’ব৷ বি পি এফক বাদ দিলেও অগপ, গণ শক্তি, ৰাভা যৌথ মঞ্চৰ সৈতে বিজেপিয়ে মিত্রতা অব্যাহত ৰাখিব বুলিও আজি স্পষ্ট কৰে মন্ত্রীগৰাকীয়ে৷ এনে অৱস্থাত বি টি আৰৰ ১২খন আসনত বিজেপিয়ে নতুন মিত্রদলৰ সৈতে প্রতিদ্বন্দ্বিতা কৰাটো প্রায় নিশ্চিত হৈছে৷

উল্লেখ্য যে আগন্তুক নির্বাচনত বিজেপিয়ে অগপৰ দখলত থকা ৬ সমষ্টিত প্রতিদ্বন্দ্বিতা কৰাৰ বাবে ইতিমধ্যে আৰম্ভ কৰিছে কুচকাৱাজ৷ ইয়াৰ বিপৰীতে আঞ্চলিক দলটোত আন ৬টা সমষ্টিত প্রতিদ্বন্দ্বিতাৰ বাবে এৰি দিয়াৰ সম্ভাৱনা আছে৷ অনানুষ্ঠানিকভাৱে চলি থকা এনে নির্বাচনী কাম–কাজক লৈ উভয় দলৰ তৃণমূল কর্মীৰ মাজত কিছু প্রতিক্রিয়া সৃষ্টি হৈ আছে যদিও ১০০ প্লাছ আসন দখলৰ লক্ষ্যৰে শাসকীয় দলটোৱে আৰম্ভ কৰা পৰিকল্পনা অনুসৰিয়েই যে এইবাৰ একাংশ বিধায়কৰ প্রার্থিত্ব কটা যাব, সেয়া নিশ্চিত৷

You might also like