‘টাইম’ৰ বর্ষটোৰ ব্যক্তিৰ শীর্ষত জ’ বাইডেন, কমলা হেৰিছ
নিয়মীয়া বাৰ্তা, ১২ ডিচেম্বৰঃ জনপ্রিয় আন্তর্জাতিক বার্তালোচনী ‘টাইম’–এ চলিত বছৰৰ প্রভাৱশালী ব্যক্তি হিচাপে চিহ্ণিত কৰিছে আমেৰিকাৰ ৰাষ্ট্রপতি নির্বাচনত বিজয়ী হোৱা জ’ বাইডেন আৰু উপ–ৰাষ্ট্রপতি পদৰ বিজয়ী প্রার্থী ডেমক্রেটিক নেত্রী কমলা হেৰিছক৷ টাইমৰ ‘পার্ছন অৱ দ্য ইয়েৰ–২০২০’ত বাইডেন আৰু হেৰিছক শীর্ষস্থানত যুটীয়াভাৱে ৰাখি বার্তালোচনীখনৰ পৰা উল্লেখ কৰা হৈছে যে আমেৰিকাৰ কাহিনী সলনি কৰি দিছে দুয়োগৰাকী ডেম’ক্রেটিক ৰাজনীতিকে৷ বিভাজনৰ অগণিতকৈ সহমর্মিতাৰ শক্তি বেছি বুলি অভিহিত কৰিছে টাইমৰ তৰফৰ পৰা৷
টাইমে কিয় বাইডেন আৰু হেৰিছক পার্ছন অৱ দ্য ইয়েৰৰ সন্মানৰ বাবে বাছনি কৰিলে, সেই সন্দর্ভত ব্যাখ্যা আগবঢ়াই কৈছে যে বর্তমান বিশ্বৰ জটিল পৰিস্থিতিত দুয়োগৰাকী ৰাজনীতিকৰ দৃষ্টিভংগী অতি গুৰুত্বপূর্ণ৷ লক্ষণীয়ভাৱে তিনি ফাইনেলিষ্টৰ মাজৰ পৰা বাইডেন আৰু হেৰিছক যুটীয়াভাৱে টাইমে পার্ছন অৱ দ্য ইয়েৰ ঘোষণা কৰিছে৷ আন দুগৰাকী ফাইনেলিষ্ট আছিল আমেৰিকাৰ সংক্রামক ৰোগৰ শীর্ষ বিশেষজ্ঞ এণ্টনী ফাইচী আৰু বিদায়ী ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প৷
বাইডেন আৰু হেৰিছে আমেৰিকাৰ ৰাষ্ট্রপতি তথা উপ–ৰাষ্ট্রপতি পদৰ বাবে নির্বাচনত ডেম’ক্রেটিক দলৰ প্রার্থিত্ব লাভ কৰাটোৱেই ঐতিহাসিক ঘটনা আছিল বুলিও বার্তালোচনীখনে অভিহিত কৰিছে৷
স্মর্তব্য যে ১৯২৭ চনৰ পৰা টাইমে বর্ষটোৰ আটাইতকৈ প্রভাৱশালী ব্যক্তিগৰাকী বাছনি কৰি আহিছে৷ বার্তালোচনীখনৰ এডিটৰ–ইন–চীফ এডৱার্ড ফেলছেনথালে উল্লেখ কৰিছে যে বাইডেন–হেৰিছে শোকদগ্ধ পৃথিৱীত পৰিত্রাণৰ পথ দেখুওৱাৰ সংকল্প লৈছে৷ গতিকে ২০২০ত বাইডেন–হেৰিছেই টাইমৰ দৃষ্টিত বর্ষটোৰ আটাইতকৈ প্রভাৱশালী ব্যক্তি৷