জালুকবাৰীত বালিভর্তি ট্রাকৰ খুন্দাত এজনৰ মৃত্যু
মহানগৰীৰ ৰাজপথত বালি কঢ়িওৱা ট্রাক–ডাম্পাৰৰ দৌৰাত্ম্য
নিয়মীয়া বাৰ্তা ১৩ ডিচেম্বৰঃ বন বিভাগ আৰু আৰক্ষীক মেনেজ কৰি বালি মাফিয়াই প্রতিদিনে শ শ বালিভর্তি ট্রাক–ডাম্পাৰ নিশাৰ ভাগত গুৱাহাটীলৈ সৰবৰাহ কৰি আহিছে৷ যান–বাহন আইন উলংঘাৰে এই বালিভর্তি ট্রাক–ডাম্পাৰে মহানগৰীৰ ৰাজপথত দৌৰাত্ম্য অব্যাহত ৰাখিছে৷ বলিভর্তি ট্রাকৰ দৌৰাত্ম্যৰ বাবেই আজি পুৱা জালুকবাৰীৰ ৩৭নং ৰাষ্ট্রীয় ঘাইপথত এক ভয়াৱহ পথ দুর্ঘটনা সংঘটিত হয়৷ মির্জাৰ পৰা গুৱাহাটী অভিমুখী এএছ–০১ এচি–৩৮৬৮ নম্বৰৰ বালিভর্তি ট্রাকখনত একে দিশেৰে আহি থকা এএছ–০১ চিচি–৮২০৩ নম্বৰৰ তীববেগী বালিভর্তি ট্রাকখনে পিছফালৰ পৰা প্রচণ্ড জোৰেৰে খুন্দা মাৰে৷ এই দুর্ঘটনাটোত বালিভর্তি ট্রাকখনৰ হেণ্ডিমেন ৰহিম আলী (২৫)ৰ মৃত্যু হয়৷ দুর্ঘটনাটো সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা ট্রাক দুখনৰ চালকে পলায়ন কৰে৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি বন বিভাগ আৰু আৰক্ষীৰ ছত্রছায়াত নিশাৰ ভাগত শ শ বালিভর্তি ট্রাক গুৱাহাটীলৈ চলাচল কৰে৷ ছয়গাঁও, মির্জা, লোহাৰঘাট, কুলসী, ৰাণীৰ বন বিভাগৰ বিষয়াৰে গোপন বুজাবুজি কৰি বালি মাফিয়াই গুৱাহাটীৰ বিভিন্ন স্থানলৈ বালিৰ সৰবৰাহ কৰি আহিছে৷ বন বিভাগৰ বিষয়া আৰু টহলদাৰী আৰক্ষীক মেনেজ কৰি বালি মাফিয়াই মহানগৰীৰ ৰাজপথত অব্যাহত ৰখা দৌৰাত্ম্য ৰোধৰ বাবে চৰকাৰ–প্রশাসনে কি ব্যৱস্থা গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷