নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিমন্ত–হাগ্রামাৰ বাক্যুদ্ধৰ অৱসান, ফোনত বার্তালাপ দুয়োজন নেতাৰ

নিয়মীয়া বাৰ্তা ১৪ ডিচেম্বৰঃ শনিবাৰে ফলাফল ঘোষণাৰ লগে লগে বিটিচি নির্বাচন শেষ হ’ল৷ নির্বাচন শেষ হোৱাৰ লগে লগে অৱসান ঘটিল মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু প্রাক্তন বিটিচিপ্রধান হাগ্রামা মহিলাৰীৰ বাক্যুদ্ধও৷ অকল বাক্যুদ্ধৰ অৱসান ঘটাই নহয়, দুই নেতাৰ মাজত পূর্বৰ দৰেই আৰম্ভ হ’ল টেলিফোনযোগে সঘন বার্তালাপ৷  এই কথা মন্ত্রী ড০ শর্মাৰ লগতে হাগ্রামা মহিলাৰীয়েও সংবাদ মাধ্যমৰ আগত প্রকাশ কৰে৷ আজি পুৱা কোকৰাঝাৰত এখন সংবাদ মেলত মহিলাৰীয়ে কয় যে নির্বাচন শেষ হ’ল, ফলাফলো ওলাল৷ সেয়ে এতিয়া মন্ত্রী ড০ শর্মাৰ সৈতে তেওঁৰ কাজিয়াও শেষ৷ ড০ শর্মাৰ সৈতে তেওঁৰ যি বন্ধুত্ব আছে, সেয়া থাকিব৷ কালি নিশা তেওঁ নিজেও ড০ শর্মাক ফোন কৰিছে আৰু ড০ শর্মায়ো তেওঁক ফোন কৰিছে৷ নির্বাচনৰ সময়ত ইজনে সিজনক সমালোচনা কৰা, গালি পৰাটো ৰাজনীতিত স্বাভাৱিক কথা৷ ৰাজনীতিত কোনো স্থায়ী শত্রু নাথাকে৷ ইপিনে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত মন্ত্রী ড০ শর্মাই কয় যে হাগ্রামা মহিলাৰীলৈ তেৱোঁ ফোন কৰিছে আৰু হাগ্রামায়ো তেওঁলৈ ফোন কৰিছে৷ নির্বাচনৰ সময়ত যি কঠোৰতা আছিল, আজিৰ পৰা নাই৷ মুঠতে বিটিচি নির্বাচন শেষ হোৱাৰ লগে লগে পুনৰ মধুৰ হৈ পৰিল ড০ শর্মা আৰু মহিলাৰীৰ ব্যক্তিগত সম্পর্ক৷

You might also like