নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইআইটি মাদ্রাজত শতাধিক শিক্ষার্থী ক’ভিড–১৯ত আক্রান্ত

নিয়মীয়া বাৰ্তা ১৫ ডিচেম্বৰঃ বিভিন্ন ৰাজ্যত উচ্চ শিক্ষাৰ প্রতিষ্ঠানসমূহ পুনৰ মুকলি হোৱাৰ লগতে পাঠদান প্রক্রিয়া নিয়মীয়াকৈ চলোৱাৰ লগে লগে ক’ৰোনা ভাইৰাছ মহামাৰীৰ সংক্রমণৰ আশংকা তীব্রতৰ হৈ পৰিছে৷ শেহতীয়াকৈ আইআইটি মাদ্রাজত ক’ভিড–১৯ৰ সমূহীয়া সংক্রমণে শিক্ষা প্রতিষ্ঠানটোৰ শিক্ষার্থী তথা কর্মীসকলৰ নিৰাপত্তালৈ কঢ়িয়াই আনিছে আশংকা৷ আইআইটি মাদ্রাজত শতাধিক শিক্ষার্থী ক’ভিড–১৯ত আক্রান্ত হৈছে৷

উল্লেখনীয় যে সাত শতাধিক শিক্ষার্থীয়ে এই সমূহীয়া ডাইনিং হলত মিলিত হৈ আহিছে৷ ইয়াৰ পৰাই ক’ভিডৰ সংক্রমণ ঘটা বুলি সন্দেহ কৰিছে বিশেষজ্ঞ চিকিৎসকসকলে৷ পূর্বতে ১০ শতাংশ শিক্ষার্থীক আৱাসত থকাৰ অনুমতি দিয়া হৈছিল৷ কিন্তু শেহতীয়াকৈ সকলো শিক্ষার্থীকে আৱাসত থকাৰ অনুমতি দিয়াৰ উপৰি তেওঁলোকক নিজ কোঠাত খাদ্য যোগান ধৰি অহা হৈছে৷ কিন্তু ক’ভিড প্রতিৰোধৰ ক্ষেত্রত যিধৰণৰ ব্যৱস্থা গ্রহণ কৰিব লাগিছিল, সেয়া আইআইটি মাদ্রাজ কর্তৃপক্ষই গ্রহণ নকৰাৰ অভিযোগ উঠিছে৷ পৰিণতিত শিক্ষা প্রতিষ্ঠানটোত ক’ভিড–১৯ত আক্রান্ত হৈছে শতাধিক শিক্ষার্থী৷

You might also like