বাদুংদুপ্পাৰ কলা কেন্দ্রত দুদিনীয়াকৈ আৰম্ভ নাট সমাৰোহ
নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ বিশিষ্ট নাট্যকর্মী প্রয়াত শুক্রাচার্য ৰাভাই প্রাণ প্রতিষ্ঠা কৰা গোৱালপাৰা জিলাৰ ৰামপুৰৰ বাদুংদুপ্পা কলা কেন্দ্রত আজিৰে পৰা আৰম্ভ হৈছে নাট সমাৰোহ ‘আণ্ডাৰ দ্য চাল ড্রী ২০২০’৷ পুৱা প্রয়াত শুক্রাচার্য ৰাভাৰ পত্নী ছিনা ৰাভাই আঁতধৰা উদ্বোধনী অনুষ্ঠানত বিশিষ্ট সাহিত্যিক ৰীতা চৌধুৰীয়ে নাট সমাৰোহৰ শুভ উদ্বোধন কৰে৷ উদ্বোধনী ভাষণত তেওঁ কয়– যান্ত্রিকতাৰ পৰা বহু দূৰৈত এনেদৰে প্রকৃতিৰ মাজত বিলীন হৈ নাট সমাৰোহত অংশ ল’বলৈ পাই ধন্য মানিছেছা৷ বাদুংদুপ্পা কলা কেন্দ্রক আমি সকলোৱে হাতে হাত ধৰি আগুৱাই লৈ যাব লাগিব৷ শুক্রাচার্যৰ অনুপস্থিতিত আমি সকলোৱে মিলি এই মহান অনুষ্ঠানটোক বিশ্ব দৰবাৰলৈ নি প্রতিষ্ঠা কৰিবই লাগিব৷ একাদশ বার্ষিক নাট সমাৰোহৰ আজি পুৱা ১০ বজাত প্রথমখন নাট বাদুংদুপ্পা পৰিয়ালৰ ধনঞ্জয় ৰাভাৰ ৰচনা আৰু পৰিচালনাত মঞ্চস্থ কৰা হয় ৰাভা ভাষাৰ ‘মাৰাংকাই কাপ’ নামৰ নাটকখন৷ বিয়লি ৩ বজাত মঞ্চস্থ হয় পূর্বৰংগ, গুৱাহাটীৰ গুণাকৰ দেৱ গোস্বামীৰ ৰচনা আৰু পৰিচালনাত অসমীয়া ভাষাৰ ‘ব্লেক এণ্ড হোৱাইট’৷ শালনিৰ মাজত মাটিৰ মঞ্চত মঞ্চস্থ হোৱা নাট উপভোগ কৰে বাঁহেৰে নির্মিত গেলাৰীত বহি প্রায় ৫০০ লোকে৷
লক্ষণীয় যে ৰাজ্যৰ ভিন্ন প্রান্তৰ পৰা অহা নাট্যপ্রেমীৰে এতিয়া উদুলি–মুদুলি হৈ পৰিছে বাদুংদুপ্পা কলা কেন্দ্রৰ বাকৰি৷ কাইলৈ সামৰণিৰ দিনা পুৱা ১০ বজাত মঞ্চস্থ হ’ব ক্রিয়েটৰছ হাৱ, সোণাপুৰ, কামৰূপৰ মনিমালা দাসৰ পৰিকল্পনা, ৰচনা আৰু পৰিচালনাত ‘ভূমিকন্যা’৷ বিয়লি ৩ বজাত নাট সমাৰোহৰ অন্তিমখন নাট লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুৰ আধাৰত ৰচিত ‘কমলা কুঁৱৰীৰ সাধু’ মঞ্চস্থ হ’ব৷ নাটকখনৰ নাট্যৰূপ নর্থ ইষ্ট থিয়েটাৰৰ একাডেমী, ডেৰগাঁও, অসমৰ ড০ পৰমানন্দ ৰাজংবশীৰ আৰু পৰিচালনা কৰিছে সীমান্ত ফুকনে৷ প্রয়াত শুক্রাচার্য ৰাভাৰ ধাৰা অব্যাহত ৰাখি তেওঁৰ পত্নী ছিনা ৰাভা আৰু তেওঁৰ শিষ্যসকলে পূর্বৰ দৰেই প্রাকৃতিক পৰিৱেশক প্রাধান্য দি অনুষ্ঠিত কৰিছে নাট সমাৰোহ৷ দুদিনীয়া নাট সমাৰোহ উপলক্ষে উদুলি–মুদুলি হৈ পৰিছে বাদুংদুপ্পা কলা কেন্দ্রৰ বাকৰি৷ উল্লেখ্য যে বাদুংদুপ্পা কলা কেন্দ্রই প্রতিবছৰে অনুষ্ঠিত কৰা নাট সমাৰোহত নাথাকে কৃত্রিমতা৷ ইয়াৰ বিপৰীতে থলুৱা বাদ্যযন্ত্রক প্রাধান্য দি বৈদ্যুতিক পোহৰ, মাইক, স্পার্ক আদি অবিহনে শালনিৰ মাজত মাটিৰ মঞ্চত মঞ্চস্থ কৰা হয় নাটক৷