চচলত অ’লা–উবেৰ চালকৰ আমৰণ অনশন
নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ ক’ৰোনাকালত ৰাজ্যৰ বিভিন্ন ক্ষেত্রৰ লগতে কেব সেৱাৰ লগত জড়িত লোকসকল বিশেষভাৱে ক্ষতিগ্রস্ত হৈছে৷ দীর্ঘদিন ধৰি চলা লকডাউনৰ বাবে কেব সেৱাৰ লগত জড়িত চালক/মালিকসকলৰ জীৱনলৈ নামি আহিছে অমানিশা৷ বিশেষকৈ গুৱাহাটী মহানগৰীত অ’লা–উবেৰ তথা ৰেপিড’ বাইক টেক্সি চলাই জীৱন নির্বাহ কৰা শ শ চালকৰ পৰিয়াল পোহপাল দিয়াত এতিয়া বিশেষ অসুবিধাৰ সন্মুখীন হৈছে৷ ক্রমাৎ পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে যদিও অ’লা–উবেৰ আৰু বাইক টেক্সি সেৱাৰ চলাচল আজিও স্বাভাৱিক হোৱা নাই৷ ফলত কেব সেৱাৰ জৰিয়তে পোহপাল চলোৱা চালকসকলৰ অৱস্থা শোচনীয় হৈ পৰিছে৷ এফালে, বহিঃৰাজ্যত প্রতিষ্ঠানৰ শোষণ আৰু আনফালে সীমিত ভাৰা তথা গ্রাহকৰ বাবে চালকসকল এতিয়া ভীষণ সমস্যাৰ সন্মুখীন হৈছে৷
অ’লা–উবেৰ আৰু ৰেপিড’ কর্তৃপক্ষক ভাৰাবৃদ্ধিৰ লগতে কমিছনৰ পৰিমাণ হ্রাস কৰি চালকসকলক সকাহ দিয়াৰ বাবে দাবী জনাই আহিছে যদিও এইক্ষেত্রত বিভাগীয় কর্তৃপক্ষই ফলপ্রসূ ব্যৱস্থা গ্রহণ কৰা নাই৷ যাৰ বাবে আজি মহানগৰীৰ চচলত শতাধিক অ’লা–উবেৰ চালকে আমৰণ অনশন কার্যসূচী ৰূপায়ণ কৰে৷ আজি পুৱাৰে পৰা গ্রহণ কৰা এই প্রতিবাদী কার্যসূচীত শ শ কেবচালকে অংশগ্রহণ কৰি প্রতিষ্ঠান দুটাৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰে৷ লগতে এইক্ষেত্রত অসম চৰকাৰে বিহিত ব্যৱস্থা গ্রহণ নকৰাপর্যন্ত তেওঁলোকে প্রতিবাদস্থলী ত্যাগ নকৰাৰ হুংকাৰ দিয়ে৷ ইপিনে, ৰেপিড’ সেৱাত কর্মৰত চালকসকল কালিৰে পৰা অনির্দিষ্টকাললৈ মহানগৰীত বাইক টেক্সি সেৱা বন্ধ দিয়াক লৈ জোনালীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ জানিব পৰা মতে আজি বন্ধক আওকাণ কৰি একাংশ চালকে ৰেপিড’ চলোৱাত এই পৰিস্থিতিৰ সৃষ্টি হয়৷ একাংশ বন্ধৰ সমর্থকে ৰেপিড’ সেৱাৰ বাইক ৰখাই জোনালীত দুর্ব্যৱহাৰ কৰাৰ লগতে যাত্রীক ঘূৰাই পঠিয়াই দিয়ে৷ তদুপৰি চালকৰ হেলমেট ভাঙি দিয়াৰ লগতে বিভাগীয় কর্তৃপক্ষই দাবী মানি নোলোৱাপর্যন্ত মহানগৰীত ৰেপিড’ চলোৱা বন্ধ ৰাখিবলৈ আহ্বান জনায়৷