চাকৰি নিয়মীয়াকৰণৰ দাবীত চচলত অস্থায়ী লেবৰেটৰী টেকনিচিয়ানৰ উত্তাল প্রতিবাদ
নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ চাকৰি নিয়মীয়াকৰণৰ দাবীত আজি মহানগৰীৰ চচলত ধর্ণা গ্রাউণ্ডত অস্থায়ী লেবৰেটৰী টেকনিচিয়ানসকলে এক প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে৷ প্রতিবাদী কার্যসূচীত ভাগ লোৱা একাংশ যুৱক–যুৱতীয়ে মতামত ব্যক্ত কৰি কয় যে ক’ৰোনা মহামাৰীৰ সময়ছোৱাত নিজৰ জীৱনক তুচ্ছ কৰি ৰাজ্যৰ বিভিন্ন প্রান্তত এন এইচ এমৰ অধীনত প্রায় ৪০০–৫০০ যুৱক–যুৱতীয়ে সেৱা আগবঢ়াই আহিছিল৷ ৰাজ্য চৰকাৰে পৰৱর্তী সময়ত অস্থায়ী লেবৰেটৰী টেকনিচিয়ানসকলৰ চাকৰি নিয়মীয়া কৰাৰ প্রতিশ্রুতি দিছিল যদিও সেয়া কার্যকৰী কৰা নহ’ল৷ ইয়াৰ বিপৰীতে তেওঁলোকক চাকৰিৰ পৰা অব্যাহতি দিয়া বুলি প্রতিবাদী কার্যসূচীত ভাগ লোৱাসকলে জানিবলৈ দিছে৷ সেয়েহে শীঘ্রে তেওঁলোকৰ চাকৰি নিয়মীয়া কৰিবলৈ ৰাজ্য চৰকাৰক ভুক্তভোগীসকলে আহ্বান জনাইছে৷