মোদী–শ্বাহৰ বিৰুদ্ধে ১০০ নিযুত ডলাৰৰ ক্ষতিপূৰণৰ গোচৰ প্রত্যাহাৰ
নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ আমেৰিকাৰ এখন আদালতে ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু গৃহমন্ত্রী অমিত শ্বাহৰ বিৰুদ্ধে দাখিল হোৱা ১০০ নিযুত ডলাৰৰ এক গোচৰ প্রত্যাহাৰ কৰিছে৷ উল্লেখনীয় যে এই গোচৰটো তৰিছিল কাশ্মীৰৰ খালিস্তানী সংগঠন এটাৰ লগতে অন্য দুই সহযোগীয়ে৷ দুবাৰকৈ নির্ধাৰিত শুনানিৰ দিনত গুচৰীয়া পক্ষ অনুপস্থিত থকাৰ বাবে আদালতে গোচৰটো প্রত্যাহাৰ কৰিছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ টেক্সাছৰ হুষ্ট’নত ঐতিহাসিক ‘হাওডি, মোদী’ কার্যসূচীৰ মাত্র কেইদিনমান পূর্বে এই গোচৰটো তৰা হৈছিল৷ যোৱা বছৰ ১৯ ছেপ্ঢেম্বৰত আদালতত গোচৰটো ৰুজু হৈছিল যদিও গুচৰীয়া পক্ষই গোচৰটোৰ শুনানিত উপস্থিত থকাৰ পৰা বিৰত থাকে৷ স্মর্তব্য যে জম্মু–কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মর্যাদা কর্তন কৰি উপত্যকা প্রদেশখনক দুই কেন্দ্রীয়শাসিত অঞ্চলত বিভক্ত কৰাৰ সিদ্ধান্ত লোৱা বাবে মোদী আৰু শ্বাহৰ বিৰুদ্ধে ১০০ নিযুত ডলাৰৰ ক্ষতিপূৰণ বিচাৰি গোচৰটো তৰা হৈছিল৷ পৰৱর্তী সময়ত এই গোচৰটোৰ দুবাৰকৈ শুনানিৰ দিন ঘোষণা কৰা হৈছিল যদিও গুচৰীয়া পক্ষৰ এজনো ব্যক্তি ইয়াত উপস্থিত নাথাকিল৷