নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিক্ষার্থীৰ অপহৰণত জড়িত বকো হাৰাম

নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ আফ্রিকান ৰাষ্ট্র নাইজেৰিয়াৰ উত্তৰ–পশ্চিম প্রান্তৰ কাটছিনা প্রদেশৰ পৰা যোৱা সপ্তাহত কেইবাশও স্কুলীয়া শিক্ষার্থীক অপহৰণ কৰাৰ ঘটনাত জড়িত আছে দেশখনৰ কুখ্যাত ইছলামিষ্ট জেহাদী সংগঠন বকো হাৰাম৷ বকো হাৰামে এই অপহৰণৰ দায়িত্ব স্বীকাৰ কৰিছে৷

স্মর্তব্য যে পূর্বে প্রশাসনে ডকাইত তথা অপৰাধী চক্রই স্কুলীয়া ছাত্র–ছাত্রীসকলক অপহৰণ কৰা বুলি সন্দেহ কৰিছিল৷ বহু ছাত্র–ছাত্রীয়ে অপহৰণকাৰীৰ কবলৰ পৰা পলায়ন কৰিছে যদিও এতিয়াও তিনি শতাধিক ছাত্র–ছাত্রী সন্ধানহীন হৈ আছে অঞ্চলটোত৷ স্মর্তব্য যে কুখ্যাত ইছলামিষ্ট জেহাদী সংগঠন বকো হাৰামে ২০১৪ চনত চিব’ক চহৰৰ পৰা বহু কিশোৰী ছাত্রীক অপহৰণ কৰি বিশ্বজুৰি আলোড়ন সৃষ্টি কৰিছিল৷

শেহতীয়া ঘটনা সন্দর্ভত বকো হাৰামৰ নেতা আবু বকৰ ছেকাউৱে এক অডি’ বার্তাত উল্লেখ কৰিছে যে কাটছিনাৰ ঘটনাৰ দায়িত্ব সংগঠনটোৱে স্বীকাৰ কৰিছে৷ স্মর্তব্য যে নাইজেৰিয়াত পাশ্চাত্যৰ শিক্ষাৰ বিৰোধিতা কৰি আহিছে বকো হাৰামে৷ চলিত বর্ষটোত নাইজেৰিয়াৰ উত্তৰ–পশ্চিম প্রান্তত বকো হাৰামৰ হাতত নিহত হৈছে কেইবাশও লোক৷ প্রশাসনে এই হত্যাকাণ্ডৰ ঘটনাৰ বাবে অপৰাধী চক্রক জগৰীয়া কৰি আহিছে যদিও আন্তর্জাতিক বহু সংস্থাই ইয়াৰ অন্তৰালত বকো হাৰাম জড়িত থকা বুলি দাবী কৰি আহিছে৷ স্মর্তব্য যে ২০০৯ চনৰে পৰা ইছলামিষ্ট জেহাদী সংগঠন বকো হাৰামে নাইজেৰিয়াত সৃষ্টি কৰি আহিছে অবাধ ৰক্তপাত।

You might also like