নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোটেলত কোনো বন্দী হোৱা নাই এয়া আমাৰ আভ্যন্তৰীণ নীতিহেঃ প্রমোদ

নিয়মীয়া বাৰ্তা, ‍১৭ ডিচেম্বৰঃ বিজেপি–ইউপিপিএল–জিএ মিত্রজোঁটে বিটিচি গঠন কৰাৰ পিছতো বিটিআৰৰ ৰাজনীতিত উৎকণ্ঠাৰ অৱসান ঘটা নাই৷ বর্তমানেও শাসকীয় তিনিওটা দলৰ নৱনির্বাচিত পাৰিষদবর্গক মহানগৰীৰ হোটেল লিলিতেই ৰাখি থোৱা হৈছে৷ কালি কোকৰাঝাৰত অনুষ্ঠিত শপতগ্রহণ অনুষ্ঠানলৈ তিনিওটা দলৰ নৱনির্বাচিত ২২ পাৰিষদক লৈ যোৱা হৈছিল যদিও পুনৰ গুৱাহাটীলৈ ঘূৰাই অনা হয়৷ ইয়াৰ মাজতে ১৭খন আসন দখলেৰে একক বৃহত্তম দল হিচাপে পৰিগণিত হোৱা হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফৰ এজন নৱনির্বাচিত পাৰিষদে আজি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে৷ যমদুৱাৰ পৰিষদীয় সমষ্টিৰ পৰা বিপিএফৰ নির্বাচিত প্রার্থী ৰেওৰেৱা নার্জিহাৰীয়ে দলত্যাগ কৰি বিজেপিত যোগদান কৰিছে৷

লক্ষণীয়ভাৱে ইয়াৰ পিছতো কিন্তু কোকৰাঝাৰৰ ক্ষমতা দখলৰ আশা এৰি দিয়া নাই হাগ্রামা মহিলাৰীয়ে৷ বড়োভূমিৰ ৰাজনীতিত বিৰাজ কৰা এনেধৰণৰ পৰিস্থিতিৰ মাজতে আজি পুৱাৰ ভাগত হোটেল লিলিত বিজেপি–ইউপিপিএল–জিএ পাৰিষদসকলক সাক্ষাৎ কৰে বিটিচিৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়ো আৰু কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াই৷ হোটেল লিলি চৌহদত সংবাদ মাধ্যমৰে হোৱা বার্তালাপত বিপিএফৰ সভাপতি হাগ্রামা মহিলাৰীয়ে বিটিচিত তেওঁৰ দলেই ক্ষমতা হস্তগত কৰিব বুলি কৰা দাবী নস্যাৎ কৰে কালি মুখ্য কার্যবাহী সদস্য হিচাপে শপত গ্রহণ কৰা প্রমোদ বড়োৱে৷ হাগ্রামা মহিলাৰীৰ দাবীৰ বিষয়ে উনুকিয়াই দিয়াত তেওঁ স্পষ্টভাৱে কয় যে ক’ব পাৰে, হাগ্রামা মহিলাৰীয়ে কোৱা মতেতো দুনীয়া নচলে৷ হাগ্রামা মহিলাৰীয়ে কোৱা মতে দুনীয়া চলিলে তেওঁ গোটেই বিশ্বখনকে ঘূৰাই থাকিলেহেঁতেন৷ হোটেলত ৰাখি থোৱাৰ বাবে নির্বাচিত জনপ্রতিনিধিসকলে নিজ সমষ্টিলৈ যাব নোৱাৰাক লৈ কৰা প্রশ্নৰ উত্তৰত তেওঁ কয় যে ময়ো সমষ্টিলৈ যোৱা নাই৷ ইয়াৰ বাবে একো আক্ষেপ নাই৷ ৰাইজৰ কাৰণে কাম কৰিব আহিছোঁ৷

সমষ্টিত অহা পাঁচ বছৰে থাকিম৷ কিন্তু এতিয়াই কামৰ পৰিকল্পনা কৰি ল’ব লাগিব৷ পৰিকল্পনাই যদি নাথাকে, তেন্তে ফ্লপ মাৰিব লাগিব৷ যোৱা ১৭ বছৰে বিটিচি ভালকৈ নচলিল৷ ইয়াৰ কাৰণ কোনোধৰণৰ পৰিকল্পনা নাছিল৷ সেয়েহে আমি পৰিকল্পনাক অগ্রাধিকাৰ দিছোঁ৷ ৫ দিন বা ১০ দিন সমষ্টিৰ ৰাইজৰ সৈতে কথা নপতাটো একো ডাঙৰ কথা নহয়৷ ৰাইজে ইয়াত দুখ নাপায়৷ কাম নহ’লেহে ৰাইজে দুখ পাব৷ তেওঁলোকে ভোট দি আমাক জয়ী কৰাইছে৷ আমি যদি কাম কৰিব নোৱাৰোঁ, ৰাইজে দুখ পাব৷ নৱনির্বাচিত পাৰিষদবর্গক হোটেলত বন্দী কৰি ৰখাৰ অভিযোগ তেওঁ পোনছাটেই অগ্রাহ্য কৰে৷ তেওঁ অতি স্পষ্টভাৱে কয় যে হোটেলত কোনো বন্দী হোৱা নাই৷ আমি সকলোৱে মুক্তভাৱেই হোটেলত আছোঁ৷ বন্দী হ’লে জে’লত থাকিলোঁহেঁতেন৷ শপত গ্রহণৰ আগত হোটেলৰ পৰা নৱনির্বাচিত পাৰিষদবর্গক কোকৰাঝাৰলৈ নি পুনৰ কিয় ঘূৰাই অনা হ’ল বুলি সোধাত তেওঁ কয় যে এয়া আমাৰ আভ্যন্তৰীণ নীতি৷ আপোনালোকে এই আভ্যন্তৰীণ নীতিত বৰ বেছিকৈ সোমাব নালাগে৷ আপোনালোকে সকলো গম পাই থাকিব৷ সময়ে সময়ে আমি কৈয়েই আছোঁ৷ দুই–এদিনতে আমাৰ বাকীখিনিৰো শপত গ্রহণ হৈ যাব৷ তাৰ পিছত সকলো কাম ভালেৰেই চলিব৷ কার্যবাহী সদস্যক লৈ কোনোধৰণৰ বিদ্রোহ হোৱা নাই বুলিও তেওঁ স্পষ্ট কৰি দিয়ে৷

ইফালে, হোটেল লিলিত উপস্থিত হোৱা কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াই এনেদৰে নির্বাচিত প্রতিনিধিসকলক একলগ কৰি ৰখাটো বর্তমান ৰাজনীতিৰ এটা অংশ হৈ পৰিছে আৰু ইয়াত মতামত আগবঢ়াবলগীয়া একো নাই বুলি মন্তব্য কৰে৷ তেওঁৰ মতে, ইতিমধ্যে বিজেপি–ইউপিপিএল–জিএ মিত্রতা হৈ গৈছে৷ গতিকে হাগ্রামা মহিলাৰীয়ে এতিয়া চৰকাৰ গঠন কৰাটো সম্ভৱ নহয়৷ আনকি আজিৰ দিনত এজন বা দুজন বিপিএফলৈ গ’লেও বিটিচিৰ নৱগঠিত চৰকাৰখন স্থিৰ হৈ থাকিব আৰু পাঁচ বছৰ ঠিকে ঠাকে চলি যাব বুলিও তেওঁ দাবী কৰে৷ উল্লেখ্য যে যোৱা দিনকেইটাত কার্যতঃ হোটেল লিলিৰ পৰাই নিয়ন্ত্রিত হৈছে বিটিচিৰ ৰাজনীতি৷ নৱনির্বাচিত পাৰিষদবর্গৰ লগত তিনিওটা দলৰ নেতৃত্বৰ সঘনে বৈঠক অনুষ্ঠিত হৈ আছে৷

You might also like