নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাগ্রামাক এৰি বিজেপিত যোগ দিলে ৰেওৰেৱা নার্জিহাৰীয়ে

নিয়মীয়া বাৰ্তা, ‍১৭ ডিচেম্বৰঃ বিটিচিত ১৭ বছৰীয়া হাগ্রামাৰাজৰ অৱসান ঘটাৰ পিছতেই হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফত তীব্র জোকাৰণিৰ সৃষ্টি হৈছে৷ দুদিন পূর্বে ‘নেডা’ৰ আহ্বায়ক তথা ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা, লোকনির্মাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, বিজেপি নেতা প্রাক্তন সাংসদ বিশ্বজিৎ দৈমাৰীয়ে বিপিএফৰ একাংশ নৱনির্বাচিত এমচিএলএ বিজেপিত যোগদান কৰাৰ বাবে বিভিন্ন উৎসৰ জৰিয়তে যোগাযোগ কৰি আছে বুলি কৰা মন্তব্য আজি সত্য প্রমাণিত হ’ল৷ হাগ্রামা মহিলাৰীৰ অতি বিশ্বস্ত তথা ঘনিষ্ঠ ৰূপে পৰিচিত যমদুৱাৰ পৰিষদীয় সমষ্টিৰ বিপিএফৰ নৱনির্বাচিত এমচিএলএ ৰেওৰেৱা নার্জিহাৰীয়ে বিপিএফ ত্যাগ কৰি আজি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে৷ ৰাজ্যিক বিজেপিৰ নৱনিযুক্ত প্রভাৰী তথা বিজেপিৰ ৰাষ্ট্রীয় উপ–সভাপতি বৈজয়ন্ত জয় পাণ্ডাৰ উপস্থিতিত  গুৱাহাটীত তেওঁ গেৰুৱা বসন পৰিধান কৰে৷

উল্লেখ্য যে বিপিএফৰ গোসাঁইগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদকৰ দায়িত্বত আছিল ৰেওৰেৱা নার্জিহাৰী৷ কালি তেওঁ দলৰ বিষয়বাবৰ লগতে প্রাথমিক সদস্যপদ ত্যাগ কৰি আজি বিজেপিত যোগদান কৰে৷ বিজেপিত যোগদান সম্পর্কত তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ভিজন, মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ আদর্শত আকৃষ্ট হৈয়েই তেওঁ বিজেপিত যোগদান কৰিছে৷ তদুপৰি আজিৰ দিনত ৰাজনীতি মানেই উন্নতি বুলি উল্লেখ কৰি তেওঁ কয় যে সমষ্টিত তেওঁৰ বহু কাম কৰিবলগীয়া আছে৷ বিপিএফে যিহেতু বিটিচিত চৰকাৰ কৰিব নোৱাৰিলে, সেয়ে তেওঁ ৰাইজৰ সমস্যা সমাধানৰ স্বার্থতেই বিজেপিত যোগ দিলে৷ মন কৰিবলগীয়া এয়ে যে এইবাৰ বিটিচি নির্বাচনত বিজেপিয়ে ৯টা পৰিষদীয় সমষ্টিত জয়লাভ কৰে৷ ৰেওৰেৱা নার্জিহাৰীৰ লগতে শ্রীৰামপুৰ পৰিষদীয় সমষ্টিৰ পৰা জয়লাভ কৰা কংগ্রেছৰ সজল সিনহাই বিজেপিত যোগদান কৰাত বিটিচিত বিজেপিৰ আসনৰ সংখ্যা ৯ৰ পৰা ১১লৈ বৃদ্ধি পালে৷ ইপিনে, বিজেপিয়ে ইউপিপিএল আৰু জিএছপিৰ লগ লাগি অগণতান্ত্রিকভাৱে বিটিচিত চৰকাৰ গঠনৰ গুৰুতৰ অভিযোগ কৰিছে বিপিএফৰ উপ–সভাপতি তথা ৰাজ্যৰ সমাজ কল্যাণ মন্ত্রী প্রমীলাৰাণী ব্রহ্মই৷

কোকৰাঝাৰৰ বডোফা কমপ্লেক্স চৌহদত আয়োজিত এখন সংবাদ মেলত মন্ত্রী ব্রহ্মই কয় যে নির্বাচনী ফলাফলত বিপিএফে জনাদেশ লাভ কৰিছে৷ ১৭টাকৈ পৰিষদীয় সমষ্টিত জয়লাভ কৰি বিপিএফ একক বৃহৎ দল হিচাপে পৰিগণিত হৈছে৷ একক বৃহৎ দল হোৱাৰ পিছতো তেওঁলোকক চৰকাৰ গঠন কৰিবলৈ আমন্ত্রণ নজনোৱাটো উচিত হোৱা নাই৷ গণতন্ত্রত এনেধৰণৰ ব্যৱস্থা নাই৷ বিজেপিৰ মুৰব্বীসকলে অগণতান্ত্রিক কাম কৰি ইউপিপিএল–জিএছপিৰ লগত চৰকাৰ কৰিছে৷ বিজেপিয়ে প্রকৃততে স্বেচ্ছাচাৰিতা আৰম্ভ কৰিছে৷ বিপিএফে ইয়াৰ বিৰুদ্ধে ন্যায়ালয়ত আবেদন জনাব আৰু ন্যায়ালয়ে যি ৰায় দিয়ে তাকে মানি ল’ব৷ বিপিএফৰ জ্যেষ্ঠ নেতা ৰেওৰেৱা নার্জিহাৰীৰ দলত্যাগ সম্পর্কত আশ্চর্য প্রকাশ কৰি মন্ত্রী ব্রহ্মই কয় যে তেওঁলোকে ৰেওৰেৱা নার্জিহাৰীক বিশ্বাস কৰিছিল৷ ৰেওৰেৱা নার্জিহাৰীয়ে এনে কাম কৰিব বুলি কেতিয়াও ভবা নাছিল৷ সংবাদ মেলখনত তেওঁ আৰু কয় যে নতুন বিটিচি পৰিষদখনক আদৰণি জনাইছোঁ, শুভেচ্ছা জনাইছোঁ৷ তেওঁলোকে ৰাইজৰ আশা–আকাংক্ষা পূৰণ কৰক৷ কিন্তু আইন–শৃংখলা পৰিস্থিতিৰ সৃষ্টি নকৰিব৷

নতুন পৰিষদ গঠন হোৱাৰ পিছতেই তেওঁলোকে বিপিএফৰ কর্মীৰ ঘৰে ঘৰে গৈ ফট্কা ফুটাই অত্যাচাৰ চলাইছে৷ এয়া বন্ধ কৰিব লাগে৷ এই বিষয়ে কালি মুখ্যমন্ত্রীক জনোৱাৰ পিছত পৰিস্থিতি স্বাভাৱিক হৈছে৷ তেওঁ আৰু কয় যে কালি নতুন পৰিষদৰ শপত গ্রহণ অনুষ্ঠানত তেওঁক আমন্ত্রণেই নকৰিলে৷ সেইদৰে কোকৰাঝাৰ চহৰ সম্পর্কত কালি শপত গ্রহণ অনুষ্ঠানত মুখ্য কার্যবাহী সদস্য প্রমোদ বড়োৱে কৰা মন্তব্যক গৰিহণা দি মন্ত্রী ব্রহ্মই কয় যে কোকৰাঝাৰ চহৰ প্রমোদ বড়োৱে কোৱাৰ দৰে নহয়৷ কোকৰাঝাৰ চহৰত বড়ো–বড়ো সকলোৱে শান্তিৰে বসবাস কৰি আছে৷ বড়ো–বড়ো সকলোৱে চলিব–ফুৰিব পাৰিছে৷ ইফালে, মন্ত্রী প্রমীলাৰাণী ব্রহ্মৰ অভিযোগ খণ্ডন কৰি বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে কয় যে আমি গণতান্ত্রিকভাৱে বিটিচিত চৰকাৰ কৰিছোঁ৷ আমি সম্পূর্ণ গণতান্ত্রিকভাৱে ৰাজ্যপালৰ ওচৰত চৰকাৰ গঠনৰ বাবে চিঠি প্রেৰণ কৰিছোঁ৷ যি চিঠিত বিজেপি, ইউপিপিএল, জিএছপিৰ ২২গৰাকীকৈ নৱনির্বাচিত এমচিএলএৰ স্বাক্ষৰ আছে৷ আমাৰ পূর্বে কোনোবাই বিটিচিত চৰকাৰ গঠনৰ দাবী কৰি ৰাজ্যপালক চিঠি দিয়া হ’লে তেওঁলোকক সদনৰ মজিয়াত সংখ্যাগৰিষ্ঠতা প্রমাণ কৰাৰ কথা ক’লেহেঁতেন৷ কিন্তু যিহেতু কোনেও চৰকাৰ গঠনৰ বাবে দাবী কৰা নাছিল, ৰাজ্যপালে ন্যায়সংগতভাৱেই আমাক চৰকাৰ গঠন কৰিবলৈ দিছে৷

You might also like