নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গ্রাম্য অর্থনীতিক উজ্জীৱিত কৰাৰ আধাৰ পশুপালন

নিয়মীয়া বাৰ্তা, ‍১৭ ডিচেম্বৰঃ  ৰাজ্যৰ গ্রাম্য অর্থনীতিক স্বাৱলম্বী কৰাৰ অন্যতম আধাৰ হ’ব পশুপালন ক্ষেত্র৷ গ্রাম্য অর্থনীতি শক্তিশালী হ’লেহে ৰাজ্যৰ অর্থনৈতিক বুনিয়াদ শক্তিশালী হ’ব৷ –এই মন্তব্য পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্রী অতুল বৰাই৷  অসম পশুধন নিগমৰ উদ্যোগত দুশগৰাকী প্রশিক্ষণপ্রাপ্ত যুৱক–যুৱতী আৰু পুৰুষ–মহিলাৰ মাজত কুঁকুৰা পোৱালি বিতৰণ কার্যসূচীত অংশ লৈ মন্ত্রী বৰাই কয় যে ৰাজ্যৰ বজাৰত থলুৱা কৃষকসকলে উচিত মূল্য লাভ কৰাৰ লগতে থলুৱা লোকৰ নিয়ন্ত্রণাধীন হ’ব লাগিব বজাৰসমূহ৷ পশুপালকসকলৰ বাবে চৰকাৰে গ্রহণ কৰা আঁচনিসমূহৰ ওপৰত ব্যাখ্যা কৰি মন্ত্রী বৰাই কয় যে বিভাগ আৰু কৃষকসকলৰ মাজত দূৰত্ব আঁতৰ কৰি পশুপালন বিভাগ হ’ব ৰাইজৰ বিভাগ৷ এইক্ষেত্রখনত জনসাধাৰণে সন্মুখীন হোৱা সমস্যাসমূহ তাৎক্ষণিকভাৱে সমাধান কৰাৰ লগতে সহায়ৰ হাত আগবঢ়োৱাটো প্রতিগৰাকী পশু চিকিৎসকৰ প্রথম দায়িত্ব বুলি সোঁৱৰাই দি তেওঁ কয় যে এইক্ষেত্রখনক সংগঠিত ৰূপত আগবঢ়াই নিবলৈ আৰু ইয়াৰ বাবে বজাৰ সৃষ্টি কৰিবলৈ ব্যৱস্থা গ্রহণ কৰা হ’ব৷

ইতিমধ্যে বিভাগটোত ১১০গৰাকী পশু চিকিৎসক নিযুক্তি দিয়াৰ লগতে অহা ১৮ ডিচেম্বৰ তাৰিখে ২২০গৰাকী ক্ষেত্র সহায়কক নিযুক্তি পত্র বিতৰণ কৰা হ’ব বুলি তেওঁ ঘোষণা কৰে৷ অনুষ্ঠানত পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই কয় যে পথাৰো আমাৰ বজাৰো আমাৰ কার্যসূচীৰ আধাৰত নিগমে ইতিমধ্যে পাঁচ শতাধিক যুৱক–যুৱতীৰ মাজত হঁাহ, কুকুৰা আৰু গাহৰি পোৱালি বিতৰণ কৰিছে আৰু গুৱাহাটীকে ধৰি ৰাজ্যখনৰ বিভিন্ন প্রান্তত বিক্রী কেন্দ্র মুকলি কৰিছে৷ স্ব নির্ভৰশীলতাৰ জৰিয়তে অসমৰ অর্থনৈতিক কাঠামো শক্তিশালী কৰাৰ বাবে নিগমে ধাৰাবাহিকভাৱে এই কার্যসূচী ৰূপায়ণ কৰিব বুলি অধ্যক্ষ শইকীয়াই উল্লেখ কৰে৷ ইতিমধ্যে নিগমৰ জৰিয়তে ১৫০০০তকৈ অধিক যুৱক–যুৱতীয়ে প্রশিক্ষণ লাভ কৰাৰ লগতে ৪০০০ৰো অধিক যুৱক–যুৱতী প্রতিষ্ঠিত হ’বলৈ সক্ষম হৈছে বুলি শইকীয়াই উল্লেখ কৰে৷ অনুষ্ঠানত বিভাগৰ সচিব ৰবিনচন মুছাহাৰী, সঞ্চালক অশোক বর্মন, নিগমৰ পৰিচালন সঞ্চালক দীপালী দেৱী, দুগ্ধ উন্নয়ন সঞ্চালক উৎপল শর্মা আদি প্রমুখ্যে বহুসংখ্যক বিষয়া উপস্থিত থাকে৷

You might also like