নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লক্ষ্য বিজেপিৰ মিছন ১০০+, গুৱাহাটীত নেতা–কর্মীৰে মাৰাথন বৈঠক

নিয়মীয়া বাৰ্তা, ‍১৭ ডিচেম্বৰঃ বিধানসভা নির্বাচনৰ সময় চমু চাপি অহাৰ লগে লগে বিজেপিৰ মিছন ১০+ কার্যক্ষেত্রত ৰূপায়ণৰ বাবে তৎপৰ হৈ পৰিছে গেৰুৱা দলটো৷ ৰাজ্যিক বিজেপিৰ প্রভাৰী হিচাপে নিযুক্তি দিয়া দলৰ ৰাষ্ট্রীয় উপ–সভাপতি বৈজয়ন্ত জয় পাণ্ডা আজি দুদিনীয়া ভ্রমণসূচী লৈ গুৱাহাটীত উপস্থিত হয়৷ সহঃ প্রভাৰী হিচাপে নিযুক্তি দিয়া পৱন শর্মাও তেওঁৰ সৈতে গুৱাহাটীলৈ আহে৷ বৰঝাৰ বিমানকোঠত ৰাজ্যিক বিজেপিৰ তৰফৰ পৰা প্রভাৰী পাণ্ডাক বিপুল আদৰণি জনোৱা হয়৷ বিমানকোঠৰ পৰা পোনে পোনে হেঙেৰাবাৰীস্থিত বিজেপিৰ ৰাজ্যিক কার্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত উপস্থিত হৈ ৰাজ্যিক বিজেপিৰ বিষয়ববীয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়৷ ইয়াৰ পিছতেই তেওঁ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত উপস্থিত হৈ দলৰ জিলা সভাপতি আৰু জিলা প্রভাৰীসকলৰ লগত আন এখন বৈঠকত মিলিত হয়৷ তাৰ পিছতেই কলাক্ষেত্রত দলৰ মর্চাৰ সভাপতি, সাধাৰণ সম্পাদক, বিভিন্ন কোষৰ আহ্বায়ক, সহঃ আহ্বায়কসকলৰ লগত আন এখন বৈঠকত অংশগ্রহণ কৰে৷ সেই বৈঠকৰ পিছতেই সন্ধিয়াৰ ভাগত তেওঁ দলৰ মুখপাত্র, পেনেলিষ্ট, সামাজিক মাধ্যম কোষ, তথ্য–প্রযুক্তি কোষৰ কার্যকর্তাসকলৰ সৈতেও বৈঠকত মিলিত হৈ মার্গদর্শন কৰে৷ বিয়লিৰ ভাগত শংকৰদেৱ কলাক্ষেত্রতেই সদ্যসমাপ্ত বিটিচি নির্বাচনত জয়লাভ কৰা দলীয় এম চি এল এসকলক সম্বর্ধনা জ্ঞাপন কৰে৷ সেই অনুষ্ঠানতেই বিপিএফৰ এম চি এল এ যমদুৱাৰ পৰিষদীয় সমষ্টিৰ ৰেওৰেৱা নার্জিহাৰী আৰু কংগ্রেছৰ এম চি এল এ শ্রীৰামপুৰ পৰিষদীয় সমষ্টিৰ সজল সিনহাই বিজেপিত যোগদান কৰে৷ নিশাৰ ভাগত তেওঁ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ সৈতেও এখন বৈঠকত মিলিত হয়৷ গুৱাহাটীত সংবাদ মাধ্যমৰ আগত প্রভাৰী পাণ্ডাই অহা বিধানসভা নির্বাচনত বিজেপিৰ ফলাফল বহু ভাল হ’ব বুলি মন্তব্য কৰে৷ এই সম্পর্কত কাইলৈ তেওঁ সংবাদ মেলত বিতংভাৱে জনাব বুলি উল্লেখ কৰে৷ ইপিনে, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে প্রকাশ কৰা মতে, ২০২১ চনৰ বিধানসভা নির্বাচনত বিজেপি আৰু মিত্রদলে ১০+ আসন দখল কৰাৰ বাবে দৃঢ় লক্ষ্য বান্ধি লৈছে৷ দলে বিৰামহীন কার্যসূচীৰে নিশ্চিত লক্ষ্যৰ দিশে শক্তিশালীভাৱে আগবাঢ়িছে৷ এনে বিৰামহীন কার্যসূচীৰ অংশ হিচাপেই ৰাজ্যিক বিজেপিৰ নৱনিযুক্ত প্রভাৰী তথা দলৰ ৰাষ্ট্রীয় উপ–সভাপতি পাণ্ডাই আজি গুৱাহাটীত উপস্থিত হৈ কেইবাখনো বৈঠকত অংশগ্রহণ কৰে৷ দলৰ বিষয়ববীয়াসকলৰ সৈতে হোৱা গুৰুত্বপূর্ণ বৈঠকখনত অহা বিধানসভা নির্বাচন সম্পর্কত ৰণকৌশল তৈয়াৰ কৰাৰ লগতে দলৰ সাংগঠনিক ভেটি আৰু কিদৰে মজবুত কৰিব পাৰি, সেই বিষয়ত বিশদ আলোচনা কৰে৷ সেইদৰে তৃণমূল কর্মীসকলৰ সৈতে অধিক প্রত্যক্ষভাৱে জড়িত জিলা সভাপতি, জিলা প্রভাৰীসকলৰ সৈতে হোৱা বৈঠকখনত তেওঁলোকক তৃণমূলৰ সকলো কার্যকর্তাকে নিষ্ঠাৰে কাম কৰিবলৈ উৎসাহ যোগাবলৈ আহ্বান জনোৱাৰ লগতে ২০২১ৰ নির্বাচনৰ বাবে শক্তিশালীভাৱে ৰণকৌশল তৈয়াৰ কৰা সম্পর্কতো বিশদভাৱে আলোচনা কৰে৷ সভাপতি দাসে জানিবলৈ দিয়া মতে, যোৱা চাৰি বছৰ ধৰি ৰাজ্যিক বিজেপিত কোনো প্রভাৰী নিযুক্তি দিয়া নাছিল৷ সংগঠনক অধিক শক্তিশালীভাৱে আগুৱাই নিয়াৰ স্বার্থতে ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে তেওঁ কেন্দ্রীয় নেতৃত্বক এজন প্রভাৰী নিযুক্তি দিয়াৰ বাবে অনুৰোধ জনাই আহিছে৷ শেহতীয়াকৈ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই পাণ্ডাক প্রভাৰী হিচাপে নিযুক্তি দিয়ে৷ প্রভাৰী হিচাপে দায়িত্ব লাভ কৰাৰ পিছত আজি তেওঁ প্রথমবাৰৰ বাবে অসমলৈ আহিছে৷ দলত নতুন প্রভাৰী এজন পাই উল্লসিত হৈ দাসে কয় যে এতিয়াৰে পৰা ৰাজ্যখনত দল আৰু অধিক ক্ষিপ্রতাৰে আগবাঢ়ি যাব৷ প্রভাৰী পাণ্ডাই অংশগ্রহণ কৰা প্রতিখন দলীয় বৈঠকত দলৰ ৰাজ্যিক সভাপতি দাসৰ লগতে দলৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ কুমাৰ শইকীয়া, ৰাজ্যিক বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্র নাথ শর্মা, সাধাৰণ সম্পাদক ডাঃ ৰাজদীপ ৰয়, তপন গগৈ, পল্লৱলোচন দাসো উপস্থিত থাকে৷ দুদিনীয়া ভ্রমণসূচী লৈ অহা প্রভাৰী পাণ্ডা কাইলৈ পুৱা ৮ বজাত কামাখ্যা মন্দিৰ দর্শনলৈ যাব৷ তাৰ পিছতেই দিনৰ ১১ বজাত কলাক্ষেত্রত এখন কৃষক সন্মিলনত অংশগ্রহণ কৰিব৷ সন্মিলনখনত দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ লগতে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, ‘নেডা’ৰ আহ্বায়ক তথা ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা, লোকনির্মাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাও উপস্থিত থাকিব৷ ইয়াৰ পিছতেই বিয়লি দুই বজাত কলাক্ষেত্রত তেওঁ এখন সংবাদ মেল সম্বোধন কৰিব৷

You might also like