নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছিপাঝাৰত কয়লাৰ ট্রাক জব্দ কৰাক লৈ ৰহস্য

নিয়মীয়া বাৰ্তা, ‍১৭ ডিচেম্বৰঃ ছিপাঝাৰত যোৱানিশা আৰক্ষীয়ে জব্দ কৰা দুখন কয়লাভর্তি ট্রাকক লৈ সৃষ্টি হৈছে ৰহস্যৰ৷ মাজনিশা অভিযান চলাই দুমুনীচকীত আৰক্ষীয়ে ট্রাক দুখন জব্দ কৰে যদিও পৰৱর্তী সময়ত আৰক্ষীৰ ভূমিকা হৈ পৰে ৰহস্যজনক৷

উল্লেখ্য, জব্দ হোৱা ট্রাক দুখনৰ নম্বৰ আছিল ক্রমে এ এছ ০১/এম চি ০৮৭৯ আৰু আৰু এ এছ ০১ কে চি ৯০০২৷ লক্ষণীয় যে ছিপাঝাৰৰ বাহগঢ়া–কুৰুৱা অঞ্চললৈ দৈনিক কয়লাভর্তি ট্রাক চলাচল কৰাটো নিয়মীয়া ঘটনা৷ কিন্তু ইয়াকে লৈ এটা ছিণ্ডিকেট চলি থকা বুলি বিভিন্ন অভিযোগ উত্থাপন হৈ আহিছে দীর্ঘদিন ধৰি৷ যোৱানিশা জব্দ কৰা ট্রাক দুখন সন্দর্ভত আৰক্ষীয়ে বিশেষ তথ্য সদৰী কৰাৰ পৰাৰ বিৰত আছে যদিও পৰৱর্তী সময়ত এনফ’চমেণ্ট বিভাগৰ লোক আহি দুয়োখন গাডীৰে অতিৰিক্ত বোজাইসহ পৰিবহণ সম্পর্কীয় তথ্যপাতি পৰীক্ষা কৰাত এখন ট্রাক দুই টন অত্যধিক সামগ্রী বহন কৰি অনাটো প্রাৰম্ভিকভাৱে ধৰা পৰে৷ অৱশ্যে এনফ’চমেণ্টে কেৱল পৰিবহণ সম্পর্কীয় দিশটিহে চোৱাচিতা কৰে যদিও সৰবৰাহ কৰা কয়লা সন্দর্ভত তথ্য পোহৰলৈ অহা নাই৷

স্মর্তব্য যে ১৫ নং ৰাষ্ট্রীয় ঘাইপথেৰে দৈনিক কয়লা পৰিবাহী ট্রাক চলাচল কৰি থাকে৷ কিন্তু মাজে–সময়ে হঠাতে আৰক্ষীৰ এনে ধৰণৰ তৎপৰতাহে সম্প্রতি ৰাইজৰ বাবে অবুজ সাঁথৰ হৈ পৰিছে৷

You might also like