নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী বিশ্ববিদ্যালয় প্রশাসনত অৰাজকতাঃ কার্যকাল শেষ হোৱাৰ পাছতো পদ নেৰে চিডিচি সঞ্চালকে

নিয়মীয়া বার্তা,  ১৮  ডিচেম্বৰঃ চৰম অৰাজকতা বিৰাজ কৰিছে গুৱাহাটী বিশ্ববিদ্যালয় প্রশাসনত৷ দুর্নীতিত অভিযুক্ত ব্যক্তিয়েই এতিয়া ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়খনত উঠিৰজা–বহিৰজা হোৱাৰ অভিযোগ উত্থাপন হৈছে৷ সবাতোকৈ গুৰুত্বপূর্ণ অভিযোগটো হৈছে দুর্নীতিত অভিযুক্ত ব্যক্তিগৰাকীকেই যুটীয়া পঞ্জীয়কৰ দায়িত্ব অর্পণ কৰা হৈছে৷ উল্লেখ্য যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন অনুসৰি কলেজ ডেভেলপমেণ্ট কাউন্সিল চমুকৈ চিডিচিৰ সঞ্চালক পদটো এক সময়–নির্ধাৰিত পদ৷ এই পদটোৰ কার্যকাল ৫ বছৰ৷ সেই অনুসৰি এই পদত কার্যনির্বাহ কৰি থকা বিশ্বজিৎ শর্মাৰ কার্যকাল যোৱা জুলাই মাহতেই উকলি যায় যদিও তেওঁ একেটা পদতে এইপর্যন্ত কার্যনির্বাহ কৰি থকাৰ অভিযোগ উত্থাপন হৈছে৷ এই পদত তেওঁৰ কার্যকাল বৃদ্ধি কৰা সম্পর্কতো বিশ্ববিদ্যালয় কর্তৃপক্ষই এইপর্যন্ত কোনো ৰাজহুৱা জাননী জাৰি কৰা নাই বুলি জানিব পৰা হৈছে৷ এই সম্পর্কত যোৱা ৭ নৱেম্বৰত অনুষ্ঠিত গুৱাহাটী বিশ্ববিদ্যালয় শিক্ষক সংস্থাৰ কার্যনির্বাহক কমিটীৰ সভাতো আশ্চর্য প্রকাশ কৰি এক প্রস্তাৱ গ্রহণ কৰা হয় আৰু চিডিচিৰ সঞ্চালকজনৰ কার্যকাল বৃদ্ধি সম্পর্কীয় বিষয়টো বিশ্ববিদ্যালয়ৰ পঞ্জীয়কৰ সৈতে আলোচনাৰ বাবে সংস্থাৰ সাধাৰণ সম্পাদকক দায়িত্ব অর্পণ কৰা হয়৷

উল্লেখ্য যে চিডিচিৰ সঞ্চালক ৰূপে কার্যনির্বাহ কৰাৰ সময়ছোৱাতে বিশ্বজিৎ শর্মাৰ বিৰুদ্ধে উত্থাপন হৈছিল দুর্নীতিকে ধৰি বিভিন্ন অনিয়মত লিপ্ত থকাৰ গুৰুতৰ অভিযোগ৷ তাৎপর্যপূর্ণভাৱে চিডিচিৰ সঞ্চালকজনৰ ওপৰত ইউজিচিয়ে মহাবিদ্যালয়সমূহল্ আগবঢ়োৱা পুঁজিৰ অধীনত ৰূপায়ণ হোৱা প্রকল্পৰ পৰিদর্শন, মহাবিদ্যালয়ৰ অনুমতি, মহাবিদ্যালয়সমূহত্ নতুন পাঠ্যক্রম প্রৱর্তনৰ অনুমোদনকে ধৰি বিশ্ববিদ্যালয়ৰ শৈক্ষিক আৰু বিত্তীয় বিষয়ৰ সৈতে জড়িত একাধিক দায়িত্ব অর্পণ কৰা থাকে৷ বিশ্বজিৎ শর্মাই মহাবিদ্যালয়ৰ অনুমোদনকে ধৰি নতুন পাঠ্যক্রম প্রৱর্তন আৰু বিভিন্ন আঁচনিৰ নির্মাণকার্যৰ মহাবিদ্যালয় কর্তৃপক্ষৰ পৰা উৎকোচ গ্রহণ কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷

আনকি ইয়াৰ পূর্বৰ উপাচার্যগৰাকীৰ কার্যকালত ৰাজ্যৰ ৫খন মহাবিদ্যালয়ৰ অধ্যক্ষই চিডিচিৰ সঞ্চালকৰ বিৰুদ্ধে উৎকোচ দাবী কৰাৰ লিখিত অভিযোগ দাখিল কৰিছিল৷ এই সঞ্চালকজনৰ বিৰুদ্ধে ওদালগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষয়ো বিশ্ববিদ্যালয় কর্তৃপক্ষক মহাবিদ্যালয় পৰিদর্শনৰ সময়ত ধন দাবী কৰাৰ লিখিত অভিযোগ দাখিল কৰিছিল৷ বিশেষকৈ মহাবিদ্যালয়সমূহত্ নতুন পাঠ্যক্রমৰ অনুমতি প্রদানৰ ক্ষেত্রত মহাবিদ্যালয়সমূহৰ্ পৰা ব্যাপক ধন দাবীৰ অভিযোগ আছে এই সঞ্চালকজনৰ বিৰুদ্ধে৷ আনকি নতুন পাঠ্যক্রম খোলাৰ ক্ষেত্রত বহু মহাবিদ্যালয়ত সংশ্লিষ্ট বিষয়ৰ বাবে প্রয়োজনীয় শিক্ষক নোহোৱাকৈয়ে ধনৰ বিনিময়ত পাঠ্যক্রমৰ অনুমতি প্রদান কৰিছিল বিশ্বজিৎ শর্মাই৷ বিশ্ববিদ্যালয়ৰ অনুদান আয়োগে নতুন পাঠ্যক্রমৰ পূর্বে সংশ্লিষ্ট মহাবিদ্যালয়খনৰ পৰিদর্শন হোৱাটো বাধ্যতামূলক কৰা বাবেই তাৰ গইনা লৈ ব্যাপক উৎকোচ গ্রহণ কৰাৰ অভিযোগ আছে সঞ্চালক শর্মাৰ বিৰুদ্ধে৷ এনে অভিযোগ আৰু লিখিত অভিযোগৰ পিছত বিশ্ববিদ্যালয় কার্যবাহী পৰিষদ (ইচি)–এ প্রস্তাৱ গ্রহণ কৰি বিশ্বজিৎ শর্মাৰ মহাবিদ্যালয় পৰিদর্শন কৰাৰ ক্ষমতা কর্তন কৰিছিল৷ কিন্তু বিশ্ববিদ্যালয়ৰ মুৰব্বী সলনি হোৱাৰ লগে লগে নতুন মুৰব্বীৰ সৈতে গঢ়ি তোলা সু–সম্পর্কৰ আধাৰত পুনৰ মহাবিদ্যালয় পৰিদর্শনৰ ক্ষমতা লাভ কৰে বিশ্বজিৎ শর্মাই৷

অকল এয়েই নহয়, এই দুর্নীতিগ্রস্ত বিষয়াজনক শেহতীয়াকৈ বিশ্ববিদ্যালয়ৰ যুটীয়া পঞ্জীয়কৰ দায়িত্বও অতিৰিক্তকৈ অর্পণ কৰি পুৰস্কৃতহে কৰিছে বিশ্ববিদ্যালয় কর্তৃপক্ষই৷ তাৎপর্যপূর্ণভাৱে চিডিচিৰ এই সঞ্চালকজনৰ নিযুক্তিৰ ক্ষেত্রতো ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন হৈছিল৷ পূর্বে দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণত কর্মৰত অৱস্থাত দুর্নীতিত লিপ্ত হোৱা বিশ্বজিৎ শর্মাৰ বিৰুদ্ধে চলি আছিল বিভাগীয় তদন্ত (ডিপি)৷ এই তদন্তৰ বাবেই বিশ্ববিদ্যালয়ৰ নিযুক্তিৰ সময়ত পোনতে বিভাগীয় আপত্তিবিহীন প্রমাণ–পত্র দাখিল কৰিব পৰা নাছিল দুর্নীতিত অভিযুক্ত বিষয়াগৰাকীয়ে৷ কিন্তু তদানীন্তন বিশ্ববিদ্যালয় কর্তৃপক্ষক মেনেজ কৰি মেনেজ মাষ্টাৰখ্যাত বিশ্বজিৎ শর্মাই নিজৰ নিযুক্তি স্থায়ী কৰিবলৈ সক্ষম হয় বুলি সেই সময়তে অভিযোগ উত্থাপন হৈছিল৷ এনে এগৰাকী দুর্নীতিত অভিযুক্ত ব্যক্তিক গুৱাহাটী বিশ্ববিদ্যালয় কর্তৃপক্ষই দোষী সাব্যস্ত কৰাৰ বিপৰীতে পুৰস্কৃতহে কৰা আৰু তেওঁৰ দুর্নীতি তথা অনিয়ম সম্পর্কত কোনো তদন্তৰ ব্যৱস্থা নকৰা বিষয়টোৱে বিশেষ তাৎপর্য বহন কৰিছে৷ এনে দুর্নীতিৰ অভিযোগত অভিযুক্ত ব্যক্তি এগৰাকীক বিশ্ববিদ্যালয় কর্তৃপক্ষই ৰক্ষণাবেক্ষণ দিয়া বিষয়টোৱেও বিশ্ববিদ্যালয়ত ব্যাপক চর্চা লাভ কৰিছে৷

You might also like