খেলো ইণ্ডিয়া গেমছত অন্তর্ভুক্ত হ’ব যোগাসন
নিয়মীয়া বার্তা, ১৮ ডিচেম্বৰঃ ভাৰতৰ প্রাচীন পৰম্পৰা যোগাসনক প্রতিযোগিতামূলক ক্রীড়া হিচাপে আনুষ্ঠানিকভাৱে স্বীকৃতি দিছে দেশৰ ক্রীড়া মন্ত্রালয়ে৷ ক্রীড়ামন্ত্রী কিৰেণ ৰিজিজুৱে আজি এক অনুষ্ঠানত এই কথা ঘোষণা কৰে৷ অনুষ্ঠানত আয়ুস মন্ত্রী শ্রীপদ য়েছু নাইকো উপস্থিত থাকে৷ ৰিজিজুৱে কয় যে বছৰ বছৰ ধৰি ভাৰতত যোগাসনক প্রতিযোগিতামূলক ক্রীড়া হিচাপে গণ্য কৰি অহা হৈছে যদিও চৰকাৰৰ আনুষ্ঠানিক স্বীকৃতি লাভ কৰা নাছিল৷ কিন্তু শেহতীয়াকৈ বিশ্বজুৰি যোগাসনৰ জনপ্রিয়তা বৃদ্ধিৰ প্রতি লক্ষ্য ৰাখি কেন্দ্রীয় ক্রীড়া মন্ত্রালয়ে আন্তঃৰাষ্ট্রীয় যোগাসন স্প’টছ ফেডাৰেচন গঠন কৰাৰ লগতে যোগাসনক প্রতিযোগিতামূলক খেল হিচাপে স্বীকৃতি দিছে৷ ইফালে, খেলো ইণ্ডিয়া গেমছতো যোগাসন অন্তর্ভুক্ত কৰা হ’ব বুলিও কেন্দ্রীয় ক্রীড়ামন্ত্রীগৰাকীয়ে জানিবলৈ দিয়ে৷