ক্ষোভ উজাৰি অৱসৰ ল’লে মহম্মদ আমীৰে
নিয়মীয়া বার্তা, ১৮ ডিচেম্বৰঃ পাকিস্তান ক্রিকেট ব’ডৰ বিৰুদ্ধে তীব্র ক্ষোভ উজাৰি আন্তঃৰাষ্ট্রীয় ক্রিকেটক বিদায় জনালে পাকিস্তানৰ তাৰকা বেগী বলাৰ মহম্মদ আমীৰে৷ দেশখনৰ ক্রিকেট ব’ডৰ মেনেজমেণ্টৰ ফালৰ পৰা দীর্ঘদিন ধৰি মানসিক হাৰাশাস্তিৰ সন্মুখীন হৈ অহা বুলি অভিযোগ তুলি ২৮ বছৰীয়া বাঁওহতীয়া বেগী বলাৰগৰাকীয়ে আকস্মিকভাৱে অৱসৰৰ কথা ঘোষণা কৰে৷ ‘পাকিস্তান ক্রিকেট ব’ডৰ মানসিক অত্যাচাৰত মই ভাগি পৰিছোঁ৷ মই ২০১০ৰ পৰা ২০১৫ চনলৈ ধাৰাবাহিকভাৱে মানসিক হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছে৷ স্পট ফিক্সিঙৰ অনুসন্ধানৰ নামত ব’র্ডে মোৰ ওপৰত অযথা হাৰাশাস্তি কৰিছিল৷ মই শাস্তিও ভোগ কৰিবলগীয়া হ’ল৷ এনে পৰিৱেশত আন্তঃৰাষ্ট্রীয় ক্রিকেট খেলি থকাৰ ইচ্ছা নাই৷ সেয়ে মই ভৱিষ্যতলৈ আন্তঃৰাষ্ট্রীয় মেচ নেখেলাৰ সিদ্ধান্ত লৈছোঁ৷’ মহম্মদ আমীৰে এইদৰে কয়৷
উল্লেখ্য যে ২০০৯ চনত টেষ্ট অভিষেক ঘটোৱা বাঁওহতীয়া বেগী বলাৰগৰাকীয়ে দেশৰ হৈ ৩৬খন টেষ্টত ১১৯টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল৷ শেহতীয়াকৈ নিউজিলেণ্ড ভ্রমণৰ পৰা বাদ পৰাৰ পিছতো আমীৰে ৰাষ্ট্রীয় নির্বাচক মণ্ডলীৰ বিৰুদ্ধে ক্ষোভ প্রকাশ কৰিছিল৷