নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৰৈমাৰীৰ কৰাইবিলত অবৈধ আধাৰ কেন্দ্ৰ উৎখাত

নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰঃ কামৰূপ জিলাৰ ছয়গাঁও আৰক্ষীয়ে যোৱা নিশা ছয়গাৱৰ সংখ্যালঘু অধ্যুষিত অঞ্চল গৰৈমাৰীৰ কৰাইবিলত অভিযান চলাই অবৈধ আধাৰ কেন্দ্ৰ উৎখাট কৰে ৷ ঘটনাৰ বিৱৰণীত জানিব পৰা মতে, ছমৰীয়া ৰাজহ চক্ৰ এলেকাৰ একাংশ আধাৰ কেন্দ্ৰৰ স্বত্ত্বাধিকাৰীয়ে ছয়গাঁৱৰ বিভিন্ন অঞ্চলত দীৰ্ঘদিন ধৰি নিশাৰ ভাগত ধনৰ বিনিময়ত অবৈধভাৱে চলাই আহিছিল আধাৰ কাৰ্ডৰ নামত ব্যৱসায় ৷ যোৱা নিশা এক গোপন সুত্ৰৰ পমখেদি কামৰূপ জিলাৰ গৰৈমাৰীৰ কৰাইবিল গাঁৱৰ তাজিমুদ্দিনৰ ঘৰত ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ খৱৰৰ ভিত্তিত জোৰশিমুলী আৰক্ষীয়ে অভিযান চলাই দুজনকৈ আধাৰ কাৰ্ডৰ স্বত্ত্বাধিকাৰীক আটক কৰাৰ লগতে স্কেনাৰ, বায়োমেট্ৰিক, লেপটপকে ধৰি আধাৰ কাৰ্ড বনোৱাত ব্যৱহৃত যাৱতীয় সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়৷ ধৃত আধাৰ কাৰ্ড কেদ্ৰৰ স্বত্তাধিকাৰী মহেন্দ্ৰ মণ্ডল আৰু সঞ্জিব কুমাৰ বিশ্বাস ৷ বকোৰ ত্ৰিলোচন গাঁও পঞ্চায়ত কাৰ্যালয়ৰ আধাৰ কেন্দ্ৰত নিয়োজিত আছিল দুয়োজন যুৱক। একমাত্ৰ ধনৰ লোভত পৰি নিশাৰ ভাগত বকোৰ পৰা ছয়গাঁও সমষ্টিৰ ভিতৰুৱা অঞ্চলত আহি আধাৰ কাৰ্ড বনাই থকা অৱস্থাত হাতে লোটে ধৰা পৰে আৰক্ষীৰ হাতত ৷ উক্ত লোক দুজনৰ সা-সামগ্ৰীৰ সৈতে ১৫ খন ভোটাৰ কাৰ্ড আৰু ‍১৩ খন পেন কাৰ্ড জব্দ কৰিবলৈ সক্ষম হয় । জোৰশিমুলী আৰক্ষীয়ে ইতিমধ্যে দুই যুৱকক ছয়গাঁও থানালৈ প্ৰেৰণ কৰে ।

You might also like