২০২১ত বিধানসভা নির্বাচনত ইউপিপিএলৰে হ’ব বিজেপিৰ মিত্রতা
নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ সকলো জল্পনা–কল্পনাৰ অৱসান ঘটাই নেডাৰ আহ্বায়ক তথা ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা আৰু লোকনির্মাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ২০২১ চনত হ’বলগীয়া বিধানসভা নির্বাচনত ইউপিপিএল দলৰ সৈতে বিজেপিৰ মিত্রতা হ’ব বুলি স্পষ্ট কৰি দিয়ে৷
শনিবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত মন্ত্রী ড০ শর্মাই কয়– ২০২১ৰ বিধানসভা নির্বাচনত ইউপিপিএলৰ লগত আমাৰ মিত্রতা থকাটো স্পষ্ট কৰিছোঁ৷ সেইদৰে একাংশ সংবাদ মাধ্যমত (নিয়মীয়া বার্তা নহয়) মন্ত্রী ড০ শর্মাই কালি গুৱাহাটীৰ হোটেল তাজ ভিভাণ্টাত বিপিএফৰ মুৰব্বী তথা প্রাক্তন বিটিচিপ্রধান হাগ্রামা মহিলাৰীৰ সৈতে বৈঠকত মিলিত হোৱা বুলি প্রচাৰিত বাতৰি অস্বীকাৰ কৰে৷ এই সম্পর্কত মন্ত্রী ড০ শর্মাই কয় যে এতিয়া হাগ্রামা মহিলাৰীক ময়ো লগ কৰাৰ প্রয়োজন নাই আৰু তেৱোঁ মোক লগ কৰাৰ প্রয়োজন নাই৷
ইতিমধ্যে সেই কথা স্পষ্ট হৈ গৈছে৷ এতিয়া মোক লগ কৰি তেওঁৰো লাভ নাই মোৰো লাভ নাই৷ কালি ত্রিপুৰাৰ মুখ্যমন্ত্রী বিপ্লৱ দেৱ আহিছিল৷ ত্রিপুৰাৰ মুখ্যমন্ত্রীগৰাকীক লগ কৰাৰ বাবেহে তেওঁ তাজ ভিভাণ্টালৈ আহিছিল৷ ইপিনে, গুৱাহাটী উচ্চ ন্যায়ালয়ে কালি এক নির্দেশযোগে বিটিচিত স্থিতাৱস্থা বাহাল ৰাখিবলৈ দিয়া নির্দেশৰ প্রসংগত সাংবাদিকৰ প্রশ্ণৰ উত্তৰত মন্ত্রী ড০ শর্মাই কয়– স্থিতাৱস্থা মানে প্রমোদ বড়োক চলি থাকিবলৈ দিয়া৷ প্রমোদ বড়ো আৰু আমাৰ বর্তমান যি বিটিচি চলি আছে, সেই বিটিচিক চলিবলৈ দিছে৷
প্রমোদ বড়োৰ কাৰণে কালিৰ দিনটো আনন্দৰ দিন৷ স্থিতাৱস্থা মানে প্রমোদ বড়ো আৰু ইএমসকলে বিটিচি চলাই থাকিব৷ ন্যায়ালয়ৰ সেই নির্দেশে সাময়িকভাৱে হ’লেও বর্তমানৰ বিটিচিত মোহৰ লগাই দিলে৷ ইফালে, বিটিচিৰ উপ–মুখ্য কার্যবাহী সদস্য গোবিন্দ বসুমতাৰীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি বিপিএফৰ আৰু ৬জন এমচিএলএই ইউপিপিএল দলত যোগদানৰ বাবে যোগাযোগ কৰি আছে৷ বসুমতাৰীৰ মতে কোনোবাই স্বেচ্ছাই তেওঁলোকৰ দলত যোগদান কৰিবলৈ আগবাঢ়ি আহিলে আদৰি ল’ব৷