নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথমস্থান প্ৰাপ্ত ২২,২৪৫গৰাকী শিক্ষাৰ্থীলৈ স্কুটী প্ৰদান কৰে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত এই বঁটা প্ৰদান কৰা হয়।
প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ড০ বাণীকান্ত কাকতি বঁটা প্ৰদান কৰা হয়। আজি কামৰূপ মেট্ৰৰ ছাত্ৰীসকলক স্কুটী প্ৰদান কৰা হয়। আমিনগাঁৱৰ নুমলী জলাহ পেৰেড গ্ৰাউণ্ডত এই বঁটা প্ৰদান কৰা হয়।
সুদূৰ প্ৰসাৰী এই আঁচনিয়ে ছাত্ৰীসকলৰ শৈক্ষিক ক্ষেত্ৰত সুবিধাপ্ৰদান কৰিব। নাৰী সবলীকৰণৰ বাবেও চৰকাৰে বহু আঁচনি গ্ৰহণ কৰিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী সোণোৱালে।
Glad to ceremonially present scooters as part of #DrBanikantaKakatiAward, 2020 under Pragyan Bharati to meritorious girl students securing 1st division in HS Examination, 2020 from Kamrup(M) & Kamrup(R) districts in Guwahati. pic.twitter.com/KdzEQXVBvt
— Sarbananda Sonowal (@sarbanandsonwal) December 20, 2020
আনহাতে ২০২১ বৰ্ষৰ ২ আৰু ৩ জানুৱাৰীত জিলাসমূহত প্ৰদান কৰা হ’ব স্কুটী। স্কুটী লাভ কৰি আনন্দিত প্ৰাপ্ত ছাত্ৰীসকলে কয় যে আমি বহুত আনন্দিত। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ধন্যবাদ জ্ঞাপন কৰে ছাত্ৰীসকলে।