ছয়মাইল–ভিআইপি পথৰ যান–জঁটত অতিষ্ঠ পথচাৰী
নিয়মীয়া বাৰ্তা ২১ ডিচেম্বৰঃ মহানগৰীৰ দৈনিক বর্ধিত তীব্র যান–জঁট সমস্যা সমাধান কৰাৰ বাবে পৰিবহণ বিভাগৰ লগতে যান–বাহন আৰক্ষীয়ে সময়ে সময়ে নানা পদক্ষেপ গ্রহণ কৰি আহিছে যদিও যান–জঁট নিয়ন্ত্রণ কৰাত ব্যর্থ হোৱা পৰিলক্ষিত হৈছে৷ ফলত সর্বসাধাৰণ লোকে চৰম দুর্ভোগ ভুগিবলগীয়া হৈছে৷ বিশেষকৈ মহানগৰীৰ ছয়মাইল–ভি আই পি ৰোডত সৃষ্টি হোৱা যান–জঁটে সম্প্রতি জলাকলা খুৱাই আহিছে পথচাৰীক৷
এই সমস্যা সন্দর্ভত একাংশ ভুক্তভোগী লোকৰ অভিযোগ অনুসৰি, মহানগৰীত সুচল যাতায়াতৰ বাবে মহানগৰীৰ বিভিন্ন ঠাই ক্রমে ছুপাৰ মার্কেট, গণেশগুৰি আদিত উৰণীয়া সেতু নির্মাণৰ কাম চলি আছে৷ সেয়েহে ছুপাৰ মার্কেটৰ পৰা গণেশগুৰি হৈ চানমাৰি অভিমুখী পথত সৃষ্টি হোৱা যান–জঁট ৰোধ কৰাৰ বাবে পৰিবহণ বিভাগে পাঞ্জাবাৰীৰ পৰা জালুকবাৰী অভিমুখী চিটী বাছবোৰ ছয়মাইল উৰণীয়া সেতুৰ তলেৰে ভি আই পি ৰোড–নাৰেংগী হৈ জালুকবাৰীলৈ যোৱাৰ নির্দেশনা দিছিল৷ কিন্তু এই বাছবোৰ উৰণীয়া সেতুৰ তলেৰে ভি আই পি ৰোডত প্রৱেশ কৰাৰ সময়ত দৈনিক তীব্র যান–জঁট সৃষ্টি হৈ আহিছে৷
কিয়নো এই স্থানত পূর্বৰে পৰা ই–ৰিক্সা, মেজিক, লঘু বাণিজ্যিক বাহন, অটোভেন আদি ৰখোৱা থাকে৷ নতুনকৈ এই স্থানত পাঞ্জাবাৰীৰ পৰা জালুকবাৰী অভিমুখী চিটী বাছবোৰ যাত্রীৰ বাবে ৰখাবলৈ লোৱাত এই অংশত ভয়ংকৰ যান–জঁটৰ সৃষ্টি হৈছে৷ এই স্থানত যান–জঁট নিয়ন্ত্রণ কৰাত ব্যর্থ হোৱা পৰিলক্ষিত হৈছে যান–বাহন আৰক্ষী৷ কিয়নো এই স্থানত কর্তব্যৰত যান–বাহন আৰক্ষীয়ে অধিকাংশ সময় উৰণীয়া সেতুখনৰ আনটো অংশ অর্থাৎ পাঞ্জাবাৰী–জয়ানগৰ অংশত থাকে৷ যাৰ ফলত একাংশ উদণ্ড চালকে জধে–মধে বাহনবোৰ চলাই আৰু য’তে–ত’তে যাত্রীৰ বাবে বাহন ৰখাই তীব্র যান–জঁট সৃষ্টি কৰি আহিছে৷