নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছৰ মহাদুর্যোগ

তিনি দশক ধৰি অসমৰ ক্ষমতাৰ ৰাজনীতিত নেতৃত্ব সলনিৰ ধাৰা ২০০৬ৰ বিধানসভা নির্বাচনত প্রতিহত কৰিবলৈ সক্ষম হৈছিল প্রয়াত মুখ্যমন্ত্রী তৰুণ গগৈয়ে৷ ২০০১ৰ বিধানসভা নির্বাচনত ৭১খন আসনত বিজয় সাব্যস্ত কৰি প্রফুল্ল মহন্ত নেতৃত্বাধীন মর্চা চৰকাৰখনক ওফৰাই ক্ষমতাত অধিষ্ঠিত কংগ্রেছ চৰকাৰখনে দ্বিতীয়টো কার্যকালত ৫১খন আসন লাভ কৰিছিল যদিও হাগ্রামা মহিলাৰীৰ নেতৃত্বাধীন বিপিএফৰ সহযোগত ক্ষমতা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছিল৷ ২০১১ৰ বিধানসভা নির্বাচনত কংগ্রেছে ৭৮খন আসন লাভ কৰি একেৰাহে তৃতীয়বাৰৰ বাবে ক্ষমতা দখল কৰাই নহয়, অসমৰ দীর্ঘকালৰ মুখ্যমন্ত্রী ৰূপে অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল প্রয়াত প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে৷ ২০০১ৰ পূর্বে দিছপুৰত চৰকাৰ সলনিৰ ধাৰা অব্যাহত থকাৰ মূলতেই অছিল তদানীন্তন চৰকাৰসমূহৰ বিপৰীতে অসমবাসীৰ মনত জাগ্রত হোৱা অধিষ্ঠানবিৰোধী ক্ষোভ–সন্তুষ্টি৷ ২০২১ৰ বিধানসভা নির্বাচনলৈ মাজত মাথোঁ তিনি মাহ আছে৷ নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যখনৰ শাসক–বিৰোধী ৰাজনৈতিক দলসমূহৰ মাজত ব্যাপক তৎপৰতা দেখা গৈছে৷ আছু, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদ আৰু কৃষক মুক্তি সংগ্রাম সমিতিৰ উদ্যোগতো দুটা ৰাজনৈতিক দল গঠন হৈছে৷ সকলোৰে লক্ষ্য ২০২১ৰ বিধানসভা নির্বাচনৰ জৰিয়তে দিছপুৰৰ ক্ষমতা দখল কৰাটো৷ কিন্তু ৰাজ্যৰ ৰাজনীতিত বিগত ৫–৬ বছৰৰ ভিতৰত শক্তিশালী ৰূপত আত্মপ্রকাশ কৰিবলৈ সক্ষম হৈছে বিজেপি৷ ২০১১ৰ বিধানসভা নির্বাচনত অসম বিধানসভাত বিজেপিৰ বিধায়কৰ সংখ্যা মাথো পাঁচজন আছিল যদিও ২০১৬ৰ বিধানসভা নির্বাচনত দলটোৰ বিধায়কৰ সংখ্যা ৬০জন হৈছে৷ বিগত পাঁচ বছৰত বিজেপিয়ে লোকসভা নির্বাচনকে ধৰি ৰাজ্যৰ পঞ্চায়ত তথা স্থানীয় নিকায়ৰ নির্বাচনত বিজয়ৰ ধাৰা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে৷ শেহতীয়াকৈ বিটিচি আৰু তিৱা নির্বাচনতো প্রদর্শন কৰা সাফল্যই বিজেপিৰ নেতা–কর্মীসকলৰ মনোবল বৃদ্ধি কৰিছে৷ ২০২১ৰ বিধানসভা নির্বাচনত ১০+ আসনত জয়লাভ কৰাৰ পৰিকল্পনাৰে শাসকীয় দলটোৱে অগ্রসৰ হৈছে৷
বিগত প্রায় পাঁচ বছৰত বিজেপিৰ উত্থান হ’লেও দলটোৰ নেতৃত্বত চলি থকা কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ কাম–কাজত একাংশ লোক অসন্তুষ্ট হৈছে৷ চৰকাৰবিৰোধী এই লোকসকলক ঐক্যবদ্ধ কৰি ৰাজ্যখনত এখন বিকল্প চৰকাৰ গঠনৰ বাবে বিৰোধী ৰাজনৈতিক দল–সংগঠনসমূহে এতিয়াও শক্তি আহৰণ কৰা নাই৷ শেহতীয়া বিটিচি আৰু তিৱা স্বায়ত্তশাসিত পৰিষদৰ নির্বাচনত বিজেপিয়ে প্রদর্শন কৰা অভূতপূর্ব সফলতাৰ বিপৰীতে ৰাজ্যৰ প্রধান বিৰোধী দল কংগ্রেছৰ ফলাফল আছিল একেবাৰে হতাশাজনক৷ বিটিচি নির্বাচনত বিজেপিয়ে এখন আসনৰ পৰা ৯খন আসন লাভ কৰাৰ বিপৰীতে কংগ্রেছে একমাত্র এখন আসনহে লাভ কৰিবলৈ সক্ষম হৈছে৷ শ্রীৰামপুৰ আসনখনত বিজয়ী সজল সিনহা নামৰ কংগ্রেছৰ প্রার্থীগৰাকীয়ে বিজেপিত যোগদান কৰি বিৰোধী দলটোত মোক্ষম আঘাত হানিছে৷ একেদৰে তিৱা স্বায়ত্তশাসিত পৰিষদৰ নির্বাচনত ৩৬খন আসনৰ ভিতৰত বিজেপিয়ে ৩৩খন আসনত জয়লাভ কৰাৰ বিপৰীতে কংগ্রেছে লাভ কৰিছে মাথোঁ এখন আসনহে৷ বিজেপিক প্রতিহত কৰাৰ বাবে কংগ্রেছে বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফৰ সৈতে মিত্রতা কৰিও বিটিচি আৰু তিৱা পৰিষদৰ নির্বাচনত হতাশাজনক ফলহে লাভ কৰিলে৷ এনে পৰিস্থিতিত বিৰোধী ৰাজনৈতিক দলটোৱে আগন্তুক বিধানসভা নির্বাচনত সফলতা লাভ কৰাৰ জোখাৰে যে শক্তি আহৰণ কৰিবলৈ যে সক্ষম হৈছে সেয়া সর্বসাধাৰণ ৰাইজক পতিয়ন নিয়াব পৰা নাই৷ আনকি দলীয় বিপর্যয়ক কেন্দ্র কৰি কংগ্রেছৰ বহুসংখ্যক নিষ্ঠাৱান নেতা–কর্মী হতাশ হৈ বিকল্প ৰাজনৈতিক দলৰ সন্ধানত ব্যস্ত হৈছে৷ বিগত ৬ বছৰৰ ভিতৰত বিজেপিলৈ বহুসংখ্যক কংগ্রেছৰ নেতা–কর্মীৰ আগমন হৈছে৷ শেহতীয়াকৈ প্রাক্তন মন্ত্রী অজন্তা নেওগ, বিধায়িকা ৰ’জলিনা তির্কী, ৰাজদ্বীপ গোৱালাকে ধৰি কেইবাজনো বিধায়কে বিজেপিত যোগদান কৰিবলৈ সাজু হোৱা বুলি বাতৰি ওলাইছে৷ আগন্তুক বিধানসভা নির্বাচনৰ পূর্বে এয়া নিশ্চিতভাৱে ৰাজ্যৰ প্রধান বিৰোধী দলটোৰ বাবে মোক্ষম আঘাত৷ যি সময়ত ৰাজ্যখনৰ প্রতিটো ৰাজনৈতিক দলে সমাগত বিধানসভা নির্বাচনৰ বাবে ক্ষমতা আহৰণৰ অভিযানত নামিছে সেই দলীয় খহনীয়া প্রতিৰোধৰ নামতে অধিকাংশ সময় কটাবলগীয়া হৈছে কংগ্রেছে৷ এনে পৰিস্থিতিত ২০২১ৰ বিধানসভা নির্বাচনত শাসকীয় দলে পুনৰ ক্ষমতা দখলৰ সপোন বাস্তৱায়িত হোৱাৰ দিশে অগ্রসৰ হৈছে৷

You might also like