নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঐতিহ্যমণ্ডিত দীপৰ বিললৈ তীব্র ভাবুকিঃ নীৰৱ আৰক্ষী–প্রশাসন

নিয়মীয়া বাৰ্তা, ২৩ ডিচেম্বৰঃ মহাবাহু ব্রহ্মপুত্র আৰু ঐতিহ্যমণ্ডিত দীপৰ বিল সংযোগী খানা নৈখনক একাংশ লোকে সম্প্রতি ডাষ্টবিন হিচাপে ব্যৱহাৰ কৰি পৰিৱেশৰ প্রতি তীব্র ভাবুকি কঢ়িয়াই অনা কার্যই ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ উল্লেখ্য যে অসমৰ একমাত্র পক্ষী অভয়াৰণ্য তথা ৰামচাৰ ছাইট খ্যাত আদর্শ জলাশয় হিচাপে পৰিচিত দীপৰ বিলৰ পাৰিপার্শ্বিক পৰিৱেশৰ লগতে বিলখনক পৰিশোধন কৰি ৰখাৰ ক্ষেত্রত খানা নৈখনে অতীজৰে পৰা গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি আহিছে৷ বাৰিষা ব্রহ্মপুত্রৰ পানী খানা নৈৰে গৈ দীপৰ বিলত সোমায়৷ ব্রহ্মপুত্রৰ পানীৰ সৈতে বিভিন্ন প্রজাতিৰ মাছ–কাছ বিলখনত প্রৱেশ কৰে৷ খৰালি সময়ত বিলৰ পানী খানা নৈৰে ওলাই ব্রহ্মপুত্রত পৰে৷

কিন্তু বর্তমান একাংশ লোকে খানা নৈখনক ডাষ্টবিন হিচাপে ব্যৱহাৰ কৰাৰ ফলত ঐতিহ্যমণ্ডিত বিলখনৰ প্রতি কঢ়িয়াই আনিছে তীব্র ভাবুকি৷ মন কৰিবলগীয়া যে প্রায় তিনি কিলোমিটাৰ দৈর্ঘ্যৰ খানা নৈৰ দুয়োপাৰে আছে ঘন জনবসতি৷ ইয়াৰে একাংশ বাসিন্দাই ঘৰৰ সমস্ত জাবৰ–আৱর্জনাসমূহ্ খানা নৈত পেলাই আহিছে৷ তদুপৰি ওচৰে–পাজৰে গঢ়ি উঠা বৃহৎ বৃহৎ অট্টালিকা আৰু ফ্লেটৰ একাংশ বাসিন্দায়ো খানা নৈখনক ডাষ্টবিন হিচাপে ব্যৱহাৰ কৰি আহিছে৷ পোহনীয়া গৰু, ছাগলী, কুকুৰ, মেকুৰী আদিৰ মৃতদেহকে ধৰি ৰাজপথত গাড়ৰ খুন্দাত মৃত্যু হোৱা জীৱ–জন্তুৰ মৃতদেহসমূহো খানা নৈত পেলাই অহাৰ ফলত খানা নৈৰ পানী দূষিত হৈ পৰিছে৷ যাৰ বাবে ইয়াৰ প্রভাৱ প্রত্যক্ষভাৱে পৰিছে বিলখনৰ ওপৰত৷ বর্তমান খানা নৈৰ দুয়োদিশে জনসংখ্যা প্রতিদিনে বৃদ্ধি পাই আছে৷ পৰিস্থিতি যদি এনেদৰে থাকে তেন্তে খানা নৈৰ পৰিৱেশ ভৰলু নৈ সদৃশ হ’বলৈ বেছিদিন নালাগিব৷ ইয়াৰ কুফল ভোগ কৰিব ৰামচাৰ ছাইট খ্যাত তথা অসমৰ একমাত্র পক্ষী অভয়াৰণ্য দীপৰ বিলে৷ এইক্ষেত্রত আৰক্ষী–প্রশাসনে কি ব্যৱস্থা গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷

You might also like