নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খানকা–সিজুবাৰীত দলং–পদপথত অবৈধ বজাৰ

নিয়মীয়া বাৰ্তা, ২৩ ডিচেম্বৰঃ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নির্দেশমর্মে পথৰ কাষত নির্মাণ কৰা ধর্মীয় অনুষ্ঠান উচ্ছেদ কৰিছে মহানগৰ জিলা প্রশাসনে৷ মহানগৰীৰ যাতায়াত ব্যৱস্থা সুচল আৰু যান–জঁট নিয়ন্ত্রণৰ বাবে ন্যায়ালয়ৰ নির্দেশ অনুসৰি পথৰ কাষত নির্মাণ কৰা ধর্মীয় অনুষ্ঠান উচ্ছেদ অভিযান আৰম্ভ কৰিছে৷ কিন্তু গুৱাহাটী পৌৰ নিগম আৰু মহানগৰ আৰক্ষীয়ে ন্যায়ালয়ৰ নির্দেশৰ পাছতো সুচল যাতায়াত ব্যৱস্থা প্রদানৰ বাবে কোনোধৰণৰ ব্যৱস্থা গ্রহণ কৰা নাই৷ পৌৰ নিগম আৰু মহানগৰ আৰক্ষীৰ নিষ্ক্রিয়তাৰ সুযোগ লৈ একাংশ অসাধু লোকৰ ছত্রছায়াত মহানগৰীৰ বিভিন্ন স্থানত পদপথৰ ওপৰত ব্যৱসায় চলাই আহিছে৷

শেহতীয়াকৈ হাতীগাঁৱৰ খানকা আৰু দোৱাত বজাৰত পদপথ দখল কৰি গাৰো, মতলেব আৰু কাঞ্চাই দীর্ঘদিন ধৰি ব্যৱসায় চলাই অহা অভিযোগ উত্থাপিত হৈছে৷ অভিযোগ অনুসৰি খানকাত দলঙৰ ওপৰত একাংশ লোকক ব্যৱসায় কৰাৰ সুযোগ দি মতলেব আৰু কাঞ্চাই গুণ্ডাকৰ সংগ্রহ কৰি আহিছে৷ কাঞ্চা আৰু মতলেবে প্রতিখন দোকানৰ পৰা প্রতিদিনে ৫০ৰ পৰা ৭০ টকা গুণ্ডাকৰ সংগ্রহ কৰি আহিছে৷ একেদৰে দোৱাত বজাৰত গাৰোৱে পদপথৰ ওপৰত ব্যৱসায় কৰাৰ সুযোগ দি ব্যৱসায়ীসকলৰ পৰা প্রতিদিনে ৭০ টকাকৈ গুণ্ডাকৰ সংগ্রহ কৰি আহিছে৷ পৌৰ নিগম আৰু হাতীগাঁও থানাৰ আৰক্ষীক মেনেজ কৰি মতলেব, কাঞ্চাই দীর্ঘদিন ধৰি পদপথ দখল কৰি ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷ হাতীগাঁৱৰ খানকা আৰু দোৱাত বজাৰত মতলেব, আৰু কাঞ্চাৱে চলাই থকা অবৈধ বজাৰখন উচ্ছেদ কৰাৰ বাবে পৌৰ নিগম আৰু মহানগৰ আৰক্ষীয়ে কি ব্যৱস্থা গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷

You might also like