নিয়মীয়া বাৰ্তা ২৪ ডিচেম্বৰঃ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ পৱিত্র ভূমিত থিয় হৈ আমি গুৰুজনাৰ আশীর্বাদ বিচাৰিছোঁ৷ মই ৰাজ্যখনৰ বিভিন্ন সত্র অনুষ্ঠানলৈ গৈছোঁ৷ সত্রাধিকাৰ প্রভুসকলৰ লগতে সকলোৰে লগত কথা–বতৰা পাতি আশীর্বাদ বিচাৰিছোঁ৷ এই পৱিত্র ভূমিতেই গুৰুজনাই সমন্বয়ৰ বৰভেটি প্রতিষ্ঠা কৰিছিল৷ অসমৰ সমাজ ব্যৱস্থাৰ প্রাণ প্রতিষ্ঠা কৰিছিল৷ শিক্ষা–সাহিত্য–সংস্কৃ নৱজাগৰণৰ সৃষ্টি কৰিছিল৷’ –এই মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ৷ কালি নিশা নগাঁৱত উপস্থিত হোৱা লুৰিণজ্যোতি গগৈয়ে আজি পুৱা এখন সংবাদ মেলযোগে এই মন্তব্য কৰি কয়– গুৰুজনাৰ বাবে আজি আমি পৃথিৱীৰ মানুহৰ আগত অসমীয়া হিচাপে পৰিচয় দিবলৈ সক্ষম হৈছোঁ৷ এই অসমীয়া নামৰ যিটো জাতিসত্তা, এই সত্তাক সকলো দি গৈছে গুৰুজনাই৷ আজি সকলো সংকটত, শিক্ষাও সংকটত, কৃষ্টি–সংস্কৃতিও সংকটত৷ গুৰুত্বপূর্ণ বিষয়টো হ’ল সমন্বয়ৰ বৰভেটি গঢ়াত শংকৰ–আজানৰ যিটো সমন্বয়ৰ চিন্তা–দর্শন, এই চিন্তা–দর্শনক নিঃশেষ কৰিবলৈ কিছু শক্তি উঠিপৰি লাগিছে৷ এই শক্তিসমূহক উৎখাত কৰিব লাগিব৷ ইয়াৰ গুৰুদায়িত্ব বহন কৰিব অসম জাতীয় পৰিষদে৷ সংবাদ মেলত জাতীয় পৰিষদৰ নেতাগৰাকীয়ে কয়– ৰাজ্যজুৰি আমি অসমৰ জনগণৰ সঁহাৰি লাভ কৰিছোঁ৷ ইয়াতে আমি দেখা পাইছোঁ আশাৰ কিৰণ৷ এই কিৰণে অসমৰ সমাজ জীৱনলৈ এক নতুন বার্তা কঢ়িয়াই আনিব৷ সাংবাদিকে সোধা এক প্রশ্ণৰ উত্তৰত তেওঁ কয়– ‘নির্বাচনৰ প্রার্থিত্ব সম্পর্কে আমি দলৰ সকলো বিষয়ববীয়া কর্ণধাৰ সমিতিৰ লগত আলোচনা কৰি উপযুক্ত প্রার্থীক প্রক্ষেপ কৰা হ’ব৷ এই সম্পর্কত সম্পূর্ণ পেছাদাৰী মনোভাবেৰে আগবঢ়াৰ বাবে চিন্তা কৰা হৈছে৷ আমি ঐক্যবদ্ধ আঞ্চলিক শক্তিৰ সহযোগত ১২৬টা সমষ্টিতে প্রতিদ্বন্দ্বিতা কৰিম৷’ অখিল গগৈ সন্দর্ভত সাংবাদিকে সোধা এক প্রশ্ণৰ উত্তৰত তেওঁ কয়– ‘অখিল গগৈক শীঘ্রে মুক্তি দিব লাগে৷ চৰকাৰে আক্রোশী আৰু প্রতিশোধমূলকভাৱে তেওঁক বন্দী কৰি ৰাখিছে৷ এখন চৰকাৰে এনেধৰণৰ আক্রোশমূলক পদক্ষেপ গ্রহণ কৰাটো উচিত নহয়৷’