নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা সাহায্য বিধেয়কক লৈ ক্ষুব্ধ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প

৯০ হাজাৰ কোটিৰ পেকেজত আপত্তি

নিয়মীয়া বাৰ্তা ২৪ ডিচেম্বৰঃ আমেৰিকাত ছিনেট আৰু কংগ্রেছে ৯০ হাজাৰ কোটি ডলাৰৰ ক’ৰোনা সাহায্য বিধেয়কত অনুমোদন জনোৱা বিষয়টোত তীব্র আপত্তি দর্শাইছে ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷ আমেৰিকানৰ প্রতি ক’ৰোনা সাহায্য পুঁজি হিচাপে আগবঢ়াবলগীয়া এই ধনৰ পৰিমাণ তিনি গুণ বেছি ধার্য কৰা হৈছে বুলি উল্লেখ কৰিছে ট্রাম্পে৷ ছ’চিয়েল মিডিয়া টুইটাৰযোগে এক ভিডি’ বার্তাত ট্রাম্পে উল্লেখ কৰিছে যে এয়া প্রকৃতার্থত এক অপমানজনক ঘটনা৷ ধনৰ অপচয়ৰ এক অংশ হিচাপে এই বিধেয়কত অনুমোদন জনোৱা হৈছে বুলি উল্লেখ কৰিছে ট্রাম্পে৷ ক’ভিড সাহায্য বিধেয়ক বুলি ইয়াক আখ্যা দিয়া হৈছে যদিও ক’ভিডৰ সৈতে ইয়াৰ কোনো সম্পর্ক নাই বুলিও উল্লেখ কৰিছে ৰাষ্ট্রপতিগৰাকীয়ে৷ স্মর্তব্য যে ৰাষ্ট্রপতিগৰাকীয়ে এই বিধেয়কত স্বাক্ষৰ নকৰিলে ইয়াক আইনৰ ৰূপ দিয়াটো সম্ভৱ নহ’ব৷ গতিকে ট্রাম্পৰ মন্তব্যক লৈ এতিয়া ৰিপাব্লিকান আৰু ডেম’ক্রেট প্রতিনিধিসকলৰ মাজত সৃষ্টি হৈছে প্রতিক্রিয়া৷

You might also like