নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২ ভাৰতীয়লৈ শীর্ষ পদবী জ’ বাইডেনৰ

নিয়মীয়া বাৰ্তা ২৪ ডিচেম্বৰঃ  আমেৰিকাৰ নৱনির্বাচিত ৰাষ্ট্রপতি জ’ বাইডেনে পুনৰ ভাৰতীয় মূলৰ দুগৰাকী আমেৰিকানক দেশখনৰ শীর্ষ বিষয়ববীয়া পদৰ বাবে মনোনীত কৰিছে৷ এই দুগৰাকী ভাৰতীয় মূলৰ আমেৰিকান হৈছে গৌতম ৰাঘৱন আৰু বিনয় ৰেড্ডী৷ ৰাঘৱনে ৰাষ্ট্রপতিৰ কার্যালয়ৰ ব্যক্তিগত ব্যৱসায়ৰ উপ–সঞ্চালকৰ দায়িত্ব লাভ কৰাৰ বিপৰীতে বিনয় ৰেড্ডীয়ে বাইডেনৰ ভাষণ লিখা বিভাগৰ সঞ্চালক পদ লাভ কৰিব৷ লক্ষণীয়ভাৱে গৌতম ৰাঘৱনে অ’বামাৰ কার্যকালতো হোৱাইট হাউছৰ গুৰুত্বপূর্ণ পদবী লাভ কৰিবলৈ সক্ষম হৈছিল৷

You might also like