চিপিইচি প্রকল্পৰ বিৰুদ্ধে বেলুচিস্তানত প্রতিবাদ
নিয়মীয়া বাৰ্তা ২৫ ডিচেম্বৰঃ চিপিইচি প্রকল্পৰ অধীনত পাকিস্তানৰ গাডাৰ চহৰত এক প্রাচীৰ নির্মাণৰ কাম আৰম্ভ কৰাৰ পিছতেই সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি৷ চীন আৰু পাকিস্তানৰ যৌথ এই প্রকল্পক লৈ পাক ভূখণ্ডৰ বহু লোক ক্ষুব্ধ৷ গাডাৰ অঞ্চলত ইতিমধ্যে এই নির্মাণকার্যক লৈ সংগঠিত হৈছে বিক্ষোভ কার্যসূচী৷ ৩০ কিলোমিটাৰ দৈর্ঘ্যৰ ১০ ফুট উচ্চতাৰ এই প্রাচীৰ নির্মাণৰ কাম আৰম্ভ হোৱাৰ লগে লগে বেলুচিস্তান প্রদেশত মুকলিকৈ পাক চৰকাৰ তথা বেইজিং প্রশাসনৰ বিৰুদ্ধে জনসাধাৰণে গ্রহণ কৰিছে প্রতিবাদী কার্যসূচী৷
মানৱ অধিকাৰ কর্মীসকলে লক্ষণীয়ভাৱে গাডাৰ অঞ্চলত স্থানীয় জনসাধাৰণৰ প্রৱেশ আৰু প্রস্থানৰ ক্ষেত্রত এই প্রাচীৰে বাধাৰ সৃষ্টি কৰিব বুলি যুক্তি দর্শাইছে স্থানীয় লোকসকলে৷ বন্দৰ চহৰখনত চীন আৰু পাকিস্তানে গ্রহণ কৰা কোনো আঁচনিকে বেলুচিস্তান প্রদেশৰ প্রতিবাদী জনসাধাৰণে সমর্থন কৰা নাই৷ লক্ষণীয়ভাৱে এই প্রাচীৰ নির্মাণ কৰি জনসাধাৰণৰ ওপৰত নিৰীক্ষণ চলাবলৈ ৫০০ এইচডিৰ কেমেৰা সংস্থাপন কৰাৰ সিদ্ধান্ত লৈছে পাক চৰকাৰে৷ বেলুচিস্তানত পাকিস্তানৰ সেনা আৰু চৰকাৰৰ বিৰুদ্ধে সঘনে সংগঠিত হৈ আহিছে প্রতিবাদ৷
গতিকে প্রদেশখনৰ গুৰুত্বপূর্ণ অঞ্চল হিচাপে চিহ্ণিত গাডাৰত জনসাধাৰণৰ ওপৰত নিৰীক্ষণ চলোৱাৰ সিদ্ধান্ত লৈছে ইছলামাবাদ প্রশাসনে৷ ইতিমধ্যে প্রকল্পৰ কাম নিৰাপদে সম্পূর্ণ কৰিবলৈ পাকিস্তান আৰু চীনে ১৫ সহস্রাধিক সৈনিক মোতায়েন কৰিছে এই অঞ্চলটোত৷ সঘনে স্থানীয় বেলুচ লোকসকলৰ বিৰুদ্ধে দুয়োখন দেশৰ বাহিনীয়ে নির্যাতন চলোৱাৰ অভিযোগ কৰিছে বেলুচ মানৱ অধিকাৰ কর্মীসকলে৷ গতিকে চিপিইচিৰ প্রকল্পক লৈ এতিয়া পাকিস্তানত ক্ষোভৰ উদ্গীৰণ ঘটাৰ আশংকাই দেখা দিছে৷