নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰাবাটত চোৰাং শাল কাঠভর্তি বাহন জব্দ

নিয়মীয়া বাৰ্তা ২৫ ডিচেম্বৰঃ  বন বিভাগৰ গুৱাহাটী আঞ্চলিক বন বিষয়া কার্যালয়ৰ অধীনৰ অসম–মেঘালয় সীমান্তত থকা যোৰাবাট বন শিবিৰৰ বনকর্মীৰ দলে আজি পুৱতিনিশা প্রায় দুই মান বজাত বিশেষ সূত্রৰ পম খেদি মেঘালয়ৰ পৰা গুৱাহাটীলৈ কৌশলেৰে অনা অৱস্থাত এএছ–০১–এলচি–৫৫৩৭ নম্বৰৰ মহেন্দ্র পিকআপ বাহনখনসহ নথিপত্র অবিহনে চোৰাংকৈ অনা প্রায় ১০০ ঘনফুট পৰিমাণৰ শাল কাঠ জব্দ কৰে৷

বন বিভাগৰ সূত্রই সদৰী কৰা অনুসৰি আন দিনাৰ দৰে যোৰাবাট বন শিবিৰৰ ভাৰপ্রাপ্ত বিষয়া পুলিন মহন্তৰ নেতৃত্বত এটা বন কর্মীৰ দলে কালি সন্ধিয়া তালাচী চলাই আছিল৷ তাৰ মাজতে বিশেষ সূত্রৰ আধাৰত পুৱতিনিশা প্রায় দুই মান বজাত উল্লিখিত মহেন্দ্র পিকআপখনক ৰাখিবলৈ সংকেত দিয়ে৷ কিন্তু বনকর্মীৰ দলটো দেখি চালকজনে বাহনখন নৰখাই পলাই যায়৷ কিন্তু বনকর্মীৰ দলে খেদি যোৱাত চালকজনে এঘাৰ মাইলত পথৰ দাঁতিত বাহনখন ৰখাই আন্ধাৰৰ সুযোগ লৈ পলাই যায়৷ বনকর্মীৰ দলটোৱে তালাচী চলোৱাত কৌশলেৰে অনা শাল কাঠখিনি জব্দ কৰে৷ সম্প্রতি বাহনসহ কাঠখিনি বন বিভাগৰ বশিষ্ঠস্থিত ডিপোত ৰখা হৈছে৷

You might also like