৯ কোটি টকা ব্যয়েৰে মেৰামতি কৰিব ষ্ট্রীট লাইট
নিয়মীয়া বাৰ্তা ২৫ ডিচেম্বৰঃ গুৱাহাটী মহানগৰীৰ বিভিন্ন পথ–উপপথত দীর্ঘদিন ধৰি বিকল হৈ থকা ষ্ট্রীট লাইটসমূহ মেৰামতিৰ কাম আৰম্ভ কৰিছে পৌৰ নিগমে৷ গুৱাহাটী মহানগৰীৰ এটি ৰোড, জিএছ ৰোড, আৰ জি বৰুৱা ৰোড, মাদাৰ টেৰেছা ৰোড, এম জি ৰোড, পাঞ্জাবাৰী, বেলতলা, হাতীগাঁও, ৩৭নং ৰাষ্ট্রীয় ঘাইপথকে ধৰি প্রধান আৰু গুৰুত্বপূর্ণ পথসমূহত বিকল হৈ থকা ষ্ট্রীট লাইটসমূহ মেৰামতি কৰা হ’ব৷ প্রায় ৯ কোটি টকা ব্যয়েৰে বিকল ষ্ট্রীট লাইটসমূহ মেৰামতি কৰা হ’ব বুলি পৌৰ নিগমৰ এক শীর্ষ সূত্রই জানিবলৈ দিছে৷
ইতিমধ্যে ২২টা ঠিকাদাৰী প্রতিষ্ঠানক ষ্ট্রীট লাইট মেৰামতিৰ কাম আবণ্টন দিছে৷ ইয়াৰ উপৰি পৌৰ নিগম কর্তৃপক্ষই মহানগৰীৰ বিভিন্ন পথ আৰু উপপথসমূহত জৰীপৰ কাম আৰম্ভ কৰিছে৷ এই জৰীপৰ জৰিয়তে মহানগৰীৰ ষ্ট্রীট লাইট নথকা পথ–উপপথসমূহ চিনাক্ত কৰি উক্ত অঞ্চলসমূহত ষ্ট্রীট লাইটৰ ব্যৱস্থা কৰা হ’ব৷
জিএমচিৰ সূত্রটোৱে সদৰী কৰা তথ্য অনুসৰি ইতিমধ্যে মহানগৰীৰ মূল পথকেইটাত ষ্ট্রীট লাইট মেৰামতিৰ কাম চলি আছে৷ মহানগৰীৰ মূল পথসমূহত প্রায় ৫,০০০ ষ্ট্রীট লাইট আৰু উপপথসমূহত প্রায় ১০,০০০ ষ্ট্রীট লাইটৰ ব্যৱস্থা কৰাৰ বাবেও জিএমচি কর্তৃপক্ষই পৰিকল্পনা কৰিছে৷ ষ্ট্রীট লাইট নথকাৰ সুযোগ লৈ মহানগৰীৰ বিভিন্ন স্থানত দুর্বৃত্তই চুৰি–ডকাইতিকে ধৰি বিভিন্ন অপৰাধমূলক কার্যকলাপ সংঘটিত কৰি আহিছে৷ গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষই মহানগৰীৰ মূল পথ আৰু উপপথসমূহত ষ্ট্রীট লাইটৰ ব্যৱস্থা কৰিলেই অপৰাধমূলক কার্যকলাপ হ্রাস পোৱাৰ সম্ভাৱনা আছে৷