আজি ভাৰতৰ দুই উদীয়মান তাৰকা শুভমন আৰু চিৰাজৰ টেষ্ট অভিষেক
নিয়মীয়া বাৰ্তা, ২৬ ডিচেম্বৰঃ ঐতিহাসিক বক্সিং ডে’ টেষ্টত অভিষেক ঘটাব ভাৰতৰ দুই উদীয়মান তাৰকা শুভমন গীল আৰু মহম্মদ চিৰাজে৷ ২১ বছৰীয়া প্রতিভাৱান বেটছমেন গীলে পৃথ্বি শ্বৰ সলনি ভাৰতীয় দলৰ মূল একাদশত স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ আজি তেওঁ মায়ংক আগৰৱালৰ সৈতে ইনিংছ মুকলি কৰাৰ সম্ভাৱনা আছে৷
ইফালে, সদ্যসমাপ্ত আই পি এলত আৰ চি বিৰ হৈ চমকপ্রদ প্রদর্শন দাঙি ধৰা হায়দৰাবাদৰ উদীয়মান বেগী বলাৰ মহম্মদ চিৰাজে তাৰকা বেগী বলাৰ মহম্মদ ছামিৰ স্থানত মূল একাদশত সুযোগ লাভ কৰিছে৷ মূল একাদশত স্থান লাভৰ বাবে নৱদীপ ছাইনীৰ সৈতে তেওঁৰ তীব্র যুঁজ হৈছিল যদিও শেষ মুহূর্তত টীম মেনেজমেণ্টে চিৰাজৰ ওপৰত আস্থা প্রদর্শন কৰে৷
ইফালে, অভিজ্ঞ অলৰাউণ্ডাৰ ৰবীন্দ্র জাদেজা আৰু উদীয়মান উইকেটৰক্ষক ঋষভ পণ্টে বক্সিং ডে’ টেষ্টত প্রত্যাৱর্তন ঘটাব৷ কালি ঘোষিত মূল একাদশত জাদেজাই অধিনায়ক বিৰাট কোহলি আৰু পণ্টে ঋদ্ধিমান সাহাৰ স্থানত অন্তর্ভুক্ত হৈছে৷
অৱশ্যে তাৰকা বেটছমেন লোকেশ ৰাহুলে মূল একাদশত স্থান লাভ কৰিবলৈ সক্ষম নহ’ল৷ দলটো হ’ল – আজিংক্য ৰাহানে (অধিনায়ক), মায়ংক আগৰৱাল, শুভমন গীল, শ্বেটেশ্বৰ পূজাৰা, হনুমা বিহাৰী, ঋষভ পণ্ট, ৰবীন্দ্র জাদেজা, ৰবিচন্দ্রন অশ্বিন, উমেশ যাদৱ, যশপ্রীত বুমৰাহ আৰু মহম্মদ চিৰাজ৷