নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুৰাপায়ী চালকৰ বিৰুদ্ধে পৰিবহণ আৰক্ষী, আবকাৰী বিভাগৰ অভিযান

নিয়মীয়া বাৰ্তা ২৬ ডিচেম্বৰঃ সমাগত নৱবর্ষ আৰু বর্তমানৰ উৎসৱকালীন পৰিৱেশৰ নামত কোনো গাডী বা বাহন চালকে যাতে সুৰাপান কৰি ৰাজপথত সন্ত্রাস চলাব নোৱাৰে তাৰ বাবে কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা কমিটীয়ে শেহতীয়াভাৱে কঠোৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ কমিটীৰ অধ্যক্ষ আৰু জিলা উপায়ুক্ত বিশ্বজিৎ পেগু আৰু ৰাজ্যৰ পৰিবহণ আয়ুক্ত আদিল খানৰ নির্দেশত ২৪ ডিচেম্বৰৰ সন্ধিয়াৰ পৰা নিশালৈ গুৱাহাটীৰ ব্যস্ত জি এছ ৰোডৰ এবিচি পইণ্টত সুৰাপায়ী চালকৰ বিৰুদ্ধে বৃহৎ যৌথ অভিযান চলোৱা হয়৷ অভিযানত জিলা পৰিবহণ বিষয়া আৰু কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা কমিটীৰ সদস্য সচিব গৌতম দাস, মহানগৰ আৰক্ষীৰ যান–বাহন শাখাৰ অতিৰিক্ত উপ–আয়ুক্ত মৃণ্ময় গোস্বামী, কামৰূপ মহানগৰ জিলাৰ আবকাৰী অধীক্ষক দেৱজিৎ নাথৰ নেতৃত্বত এটা বিশাল বাহিনীয়ে জি এছ ৰোডত চলাচল কৰা লঘু বাহনসমূহৰ চালকক পৰীক্ষা কৰে৷

আবকাৰী বিভাগৰ দলে ব্রেথ এনলাইজাৰ যন্ত্রৰ সহায়ত চলোৱা পৰীক্ষাত নির্ধাৰিত পৰিমাণতকৈ অধিক মাত্রাত সুৰাপান কৰি বাহন চলোৱা পাঁচজন চালকক ধৰা পেলোৱা হয়৷ সুৰাপায়ী চালকসকলক স্বাস্থ্য বিভাগৰ জৰিয়তে আৰক্ষীক গতাই দিয়া হয়৷ অভিযানৰ জৰিয়তে ৰাজপথত উৎসৱৰ নামত যাতে কোনো চালকে বাহন নচলায় তাৰ বাবে এক সজাগতা অভিযান চলোৱা হয়৷ অভিযানত কামৰূপ মহানগৰ জিলাৰ মটৰ পৰিদর্শক ক্রমে কানাই মহন্ত, দুর্গা গগৈ, দেবাংচু দত্ত, বলেন পাঠক, প্রৱর্তক পৰিদর্শক ক্রমে অনিমেশ দাস, কাত্যজিৎ বুঢ়াগোহঁাই, লক্ষ্মী বুঢ়াগোহঁাই, গজেন হাজৰিকাসহ পৰিবহণ বিভাগৰ এটা বৃহৎ দল, আবকাৰী আৰু যান–বাহন আৰক্ষীৰ এটা বৃহৎ দলে ভাগ লয়৷

You might also like