নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত উলহ মালহেৰে বৰদিন উদযাপন

নিয়মীয়া বাৰ্তা ২৬ ডিচেম্বৰঃ সমগ্র বিশ্ব তথা দেশ আৰু ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো উলহ–মালহেৰে খ্রীষ্টান ধর্মাৱলম্বী লোকসকলে উদযাপন কৰিলে পৱিত্র বৰদিন৷ পৰম্পৰা ৰক্ষা কৰি গির্জাসমূহত ক’ভিড প্রট’কল মানি উদযাপন কৰা হয় পৱিত্র বৰদিন৷ ক’ৰোনাকেন্দ্রিক পৰিস্থিতিৰ বাবে পূর্বৰ উছাহ নাই যদিও পাণবজাৰ, খ্রীষ্টানবস্তি, ৰুক্মিণীগাঁও, বেলতলা, চন্দ্রপুৰৰ পাণবাৰী, মিছামাৰী, নলঘুলি, অৰণ্যনগৰ আৰু গোৱর্ধনকে ধৰি বিভিন্ন স্থানৰ গির্জাঘৰত বৰদিন উদযাপন কৰা হয়৷

গুৱাহাটী মহানগৰীৰ গির্জাঘৰসমূহত খ্রীষ্টান ধর্মাৱলম্বী লোকসকলে  পুৱাৰে পৰা ভিৰ কৰে৷ বৰদিন উপলক্ষে মহানগৰীৰ পার্ক, শ্বপিং মল, হোটেল, ৰোস্তাৰাঁসমূহতো মানুহৰ ভিৰ পৰিলক্ষিত হয়৷ বৰদিন উপলক্ষে মহানগৰবাসীয়ে স্বতঃর্স্ফূতভাৱে ওলাই অহাত মহানগৰীৰ বিভিন্ন পথত তীব্র যান–জঁট সৃষ্টি হয়৷

ইফালে, চন্দ্রপুৰ অঞ্চলৰ গির্জাঘৰসমূহত কেৱল স্থানীয় খ্রীষ্টানধর্মী লোকসকলে সামাজিক দূৰত্বৰ নিয়ম মানি চলি উপাসনাৰ জৰিয়তে সামৰণি মাৰিছে খ্রীষ্টমাছ দিৱসৰ কার্যসূচী৷ মূলতঃ ক’ৰোনা সংকটৰ পৰিপ্রেক্ষিতত প্রথমবাৰৰ বাবে অনাড়ম্বৰভাৱে চন্দ্রপুৰৰ গির্জাসমূহত এইবাৰ পালন কৰা হয় পৱিত্র খ্রীষ্টমাছ৷

You might also like