গুৱাহাটী প্রেছ ক্লাবত দ্বিভাষিক আন্তঃৰাষ্ট্ৰীয় মূকাভিনয় পত্ৰিকা ‘নিৰ্বাক’ উন্মোচন
নিয়মীয়া বার্তা, ২৬ ডিচেম্বৰঃ শনিবাৰে গুৱাহাটী প্রেছ ক্লাবত দ্বিভাষিক প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় মূকাভিনয় পত্ৰিকা ‘নিৰ্বাক’ৰ আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়৷ এই উপলক্ষে গুৱাহাটী প্রেছ ক্লাবত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত পত্ৰিকাখন উন্মোচন কৰে সাহিত্য অকাডেমি বঁটাপ্রাপক বিশিষ্ট মূকাভিনয় শিল্পী মইনুল হকে। তেওঁক সহযোগ কৰে বিশিষ্ট সাংবাদিক সুশান্ত তালুকদাৰ, অসম চৰকাৰ তথা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ শীৰ্ষ বিষয়া পমী বৰুৱা আৰু অভিনেতা হিংমাশু প্ৰসাদ দাসে।
বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা অনুষ্ঠানটোত নিজৰ ভাষণত মূকাভিনেতা মইনুল হকে মূকাভিনয়ৰ জগতত প্ৰতিষ্ঠা লাভ কৰিবলৈ সন্মুখীন হোৱা বিভিন্ন পৰিস্থিতিৰ বিষয়ে উল্লেখ কৰি নিজৰ ছাত্ৰ মিনাংক ডেকাই সম্পাদনা কৰা এই পত্ৰিকাখনৰ শলাগ লয়। লগতে যিকোনো কাম কৰিবলৈ হ’লে মনে প্ৰাণে ভাল পাব লাগিব, তেতিয়াহে সফলতা অৰ্জন কৰিব পাৰি বুলি মন্তব্য কৰে।
ইপিনে অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট সাংবাদিক সুশান্ত তালুকদাৰে কয় যে ক’ভিড মহামাৰীৰ সময়ত নিজৰ পকেটৰ ধন খৰচ কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন পত্ৰিকা প্ৰকাশ কৰি মিনাংক ডেকাই এক প্ৰসংশনীয় পদক্ষেপ হাতত লৈছে। লগতে বৰ্তমান ডিজিটেল মিডিয়াৰ উত্তৰণৰ সময়ত এই পত্ৰিকাখনৰ এক অনলাইন সংস্কৰণৰো ব্যৱস্থা কৰিবলৈ বিশিষ্ট সাংবাদিকগৰাকীয়ে সম্পাদনামণ্ডলীক আহ্বান জনায়।
উল্লেখ্য যে ৰাষ্ট্ৰীয় জলপানি প্ৰাপ্ত মূকাভিনয় শিল্পী মিনাংক ডেকাই সম্পাদনা কৰা পত্ৰিকাখনত দেশ-বিদেশৰ বিভিন্ন মূকাভিনয় শিল্পীয়ে মূকাভিনয় সম্পৰ্কে তেওঁলোকৰ অনুভৱ প্ৰকাশ কৰিছে।