২০২০ত ১.৩৮ কোটি উপার্জন কৰিলে যশপ্রীত বুমৰাহে
নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ চলিত বর্ষত বি চি চি আইৰ সর্বাধিক উপার্জনকাৰী ক্রিকেটাৰ হিচাপে পৰিগণিত হৈছে তাৰকা বেগী বলাৰ যশপ্রীত বুমৰাহ৷ মহামাৰী ক’ভিড–১৯ৰ প্রাদুর্ভাৱে বিশ্ব ক্রিকেটক ক্ষতিগ্রস্ত কৰা এই বছৰটোত বেগী বলাৰগৰাকীয়ে বি চি চি আইৰ পৰা মেচ ফী হিচাপে ১.৩৮ কোটি উপার্জন কৰিবলৈ সক্ষম হৈছে৷
এই বছৰটোত বুমৰাহে চাৰিখন টেষ্ট, ৯খন এদিনীয়া আৰু ৮খন টি–২০ মেচ খেলে৷ তাৰকা বেগী বলাৰগৰাকীয়ে প্রতিখন টেষ্টৰ পৰা ১৫ লাখ, প্রতিখন এদিনীয়াৰ পৰা ৬ লাখ আৰু প্রতিখন টি–২০ৰ পৰা ৩ লাখ টকাকৈ মেচ ফী লাভ কৰিছে৷ ইফালে, অধিনায়ক বিৰাট কোহলিয়ে বছৰটোত তিনিখন টেষ্ট, ৯খন এদিনীয়া আৰু ১০খন টি–২০ৰ পৰা ১.২৯ কোটি লাভ কৰিছে৷
বক্সিং ডে’ টেষ্টত অংশ ল’লে তেওঁ সর্বাধিক উপার্জনকাৰী ভাৰতীয় খেলুৱৈ হিচাপে স্থান লাভ কৰিবলৈ সক্ষম হ’লহেঁতেন৷ ইফালে, এই তালিকাৰ তৃতীয় স্থানত আছে অলৰাউণ্ডাৰ ৰবীন্দ্র জাদেজা৷ বাঁওহতীয়া স্পীনাৰগৰাকীয়ে দুখন টেষ্ট, ৯খন এদিনীয়া আৰু চাৰিখন টি–২০ মেচ খেলি ৯৬ লাখ উপার্জন কৰিবলৈ সক্ষম হৈছে৷
লক্ষণীয়ভাৱে সর্বাধিক উপার্জনকাৰীৰ এই তালিকাৰ শীর্ষ পাঁচটা স্থানৰ ভিতৰত স্থান লাভ নকৰিলে ৰোহিত শর্মাই৷ তাৰকা অ’পেনাৰগৰাকীয়ে আঘাতৰ বাবে চলিত বছৰটোত অধিকাংশ সময় খেলপথাৰৰ বাহিৰত থকাৰ বাবে তেওঁ মাত্র ৩০ লাখ টকাহে লাভ কৰে৷ এই বছৰটোত তেওঁ তিনিখন এদিনীয়া আৰু চাৰিখন টি–২০ মেচহে খেলে৷