কংগ্রেছ এতিয়া ৰকি–ৰিপুণ কোম্পানীত পৰিণত হৈছে
নিয়মীয়া বাৰ্তা ২৮ ডিচেম্বৰঃ ব্যাপক আভ্যন্তৰীণ কন্দলত জর্জৰিত কংগ্রেছ দলে আগন্তুক অসম বিধানসভা নির্বাচনত মাত্র ১০খন আসনৰ ভিতৰতে সীমাবদ্ধ থাকিব লাগিব৷ –এই তাৎপর্যপূর্ণ মন্তব্য অসম প্রদেশ কংগ্রেছৰ প্রাক্তন নেতা দুলু আহমেদৰ৷ আজি গুৱাহাটীত এখন সংবাদ মেলত দুলু আহমেদে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা আৰু দলটোৰ নেতা ৰকিবুল হুছেইনক ক্ষুৰধাৰ সমালোচনা কৰে৷ তেওঁ কয় যে কংগ্রেছ দল এতিয়া এটা দল হৈ থকা নাই৷ ৰিপুণ–ৰকি কোম্পানীত পৰিণত হোৱা কংগ্রেছ দলত নিষ্ঠাৱান কংগ্রেছীৰ ত্যাগৰ কোনো মূল্য নাই৷ দলৰ বহু সাংসদ–বিধায়ক তথা নিষ্ঠাৱান নেতাই এই দুয়োগৰাকী নেতাৰ নিপীড়ন নীৰৱে সহি আছে আৰু সন্মানৰ স্বার্থত বর্তমানো দলত্যাগ কৰা নাই৷ লাজৰ কথা যে বর্তমান দলৰ সভাপতিৰ দায়িত্বত থকা ৰিপুণ বৰাৰ নিজৰ সমষ্টি গহপুৰৰ নিজৰ ৱার্ডটোতো কংগ্রেছৰ প্রার্থী জয়ী কৰাব নোৱাৰে৷ অথচ এইগৰাকী নেতাই আগন্তুক বিধানসভা নির্বাচনত বিজেপিক উৎখাত কৰাৰ আস্ফালন কৰিছে৷ কিন্তু তেওঁৰ নেতৃত্বত আগন্তুক বিধানসভা নির্বাচনত শোচনীয়ভাৱে পৰাজয় হোৱাটো নিশ্চিত৷ আনহাতে, ৰকিবুল হুছেইনৰ বাবেই কংগ্রেছ দলটো বর্তমান ধ্বংসৰ গৰাহলৈ গতি কৰিছে বুলি উল্লেখ কৰি দুলু আহমেদে কয়– ৰিপুণ বৰাই এইজন নেতাৰ সহযোগত দলক আগন্তুক নির্বাচনৰ বাবে কিদৰে সাজু কৰি তুলিব সেয়া ৰহস্যজনক৷ সংবাদ মেলত দুলু আহমেদে অসমীয়া জাতি তথা অসমৰ স্বার্থত মাত মাতি অহা আপোচবিহীন যোদ্ধা তথা আছুৰ প্রাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে অসম জাতীয় পৰিষদৰ সভাপতিৰ দায়িত্বভাৰ লোৱাৰ পাছতে অসমৰ যুৱচামৰ লগতে সর্বস্তৰৰ ৰাইজ উৎফুল্লিত হৈ পৰা বুলি উল্লেখ কৰে৷ ৰাষ্ট্রীয়তাবাদী শক্তিৰ সৈতে বুজাবুজি কৰি অসমৰ আঞ্চলিকতাবাদক ধ্বংসৰ মুখলৈ গতি কৰাৰ সময়তে ৰাইজে নতুন দলটোক লৈ মনত সাহস পাইছে৷ দুলু আহমেদে লগতে কয়– ৰাষ্ট্রীয় দলৰ নেতৃত্বৰ ওচৰত আমাৰ দৰে অসমীয়াৰ আৱেগ–নুভূতিৰ কোনো মূল্য নাই৷ সেয়ে ৰাষ্ট্রীয়বাদ এৰি অসমত আঞ্চলিকতাবাদক জীপাল কৰি তোলা অসমৰ ৰাইজৰ আদৰৰ দল অসম জাতীয় পৰিষদত মই যোগদানৰ সিদ্ধান্ত লৈছোঁ৷ অহা ৩ জানুৱাৰীত হাজোত অসম জাতীয় পৰিষদৰ উদ্যোগত আৰু কামৰূপ জিলাৰ সহযোগত অনুষ্ঠিত হ’বলগীয়া যোগদান সমাৰোহত মই এই দলটোত আনুষ্ঠানিকভাৱে যোগদান কৰিম৷