নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্বহীদক কৰা অপমানৰ যোগ্য প্রত্যুত্তৰ দিব জনসাধাৰণে

কেন্দ্রীয় গৃহমন্ত্রী শ্বাহক কঠোৰ সকীয়নি ছাত্র সন্থাৰ

নিয়মীয়া বাৰ্তা ২৮ ডিচেম্বৰঃ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কালি অসম ভ্রমণৰ সময়ত অসম আন্দোলন, ‘কা’বিৰোধী আন্দোলনকে ধৰি অসমৰ বিভিন্ন আন্দোলনৰ জাতীয় শ্বহীদসকলক অপমান কৰি কৰা মন্তব্য আৰু ন্যায়প্রাপ্তিৰ বাবে অসমৰ জনসাধাৰণে কৰি অহা সংগ্রামক ভাবুকি প্রদান কৰা কার্যক সদৌ অসম ছাত্র সন্থাই তীব্র গৰিহণা দিছে আৰু এনে কার্যৰ পৰা বিৰত থাকিবলৈ গৃহমন্ত্রীগৰাকীক কঠোৰভাৱে সকীয়াই দিছে৷ সদৌ অসম ছাত্র সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয়– ‘কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ নিজৰ এটা সম্পূর্ণ অগণতান্ত্রিক ফেচিষ্ট মানসিকতা আছে বাবে জাতীয় শ্বহীদসকলক আৰু অহিংস গণতান্ত্রিক আন্দোলনৰ প্রতি অপমানসূচক মন্তব্য কৰিব পাৰিছে৷ গৃহমন্ত্রীয়ে মনত ৰখা উচিত স্বাধীনতাৰ সময়ৰে পৰা অসমৰ জনসাধাৰণে আন্দোলন নকৰাকৈ একো পোৱা নাই৷ দিল্লীয়ে অসমৰ জনসাধাৰণক আন্দোলন নকৰাকৈ দিছে কি? কিন্তু অতি দুখ আৰু পৰিতাপৰ কথা যে প্রতিটো অহিংস আন্দোলনত অসমৰ ছাত্র, যুৱক, জনসাধাৰণে প্রাণ দি শ্বহীদ হ’বলগীয়া হৈছে৷ অসমৰ ৰাইজ নির্যাতিত হৈছে৷ ভাষা, মাধ্যম, শোধনাগাৰ, খাদ্য, অসম আন্দোলনৰ পৰা আৰম্ভ কৰি ‘কা’ বিৰোধী আন্দোলনত খিলঞ্জীয়া মানুহ ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে৷ খিলঞ্জীয়া মানুহে প্রাণ বিসর্জন দিবলগীয়া হৈছে৷ বর্তমানৰ ‘কা’ বিৰোধী আন্দোলনত ফুলকুমলীয়া ছাত্রকে ধৰি পাঁচজনকৈ লোক চৰকাৰৰ গুলীত শ্বহীদ হ’ল৷ কেন্দ্রীয় চৰকাৰ, অসম চৰকাৰৰ লগতে কেন্দ্রীয় গৃহমন্ত্রীগৰাকী এই হত্যাৰ অপৰাধত অপৰাধী৷’ আছু নেতৃত্বই লগতে কয় যে কেন্দ্রীয় গৃহমন্ত্রীয়ে মনত ৰখা উচিত যে কালি মন্ত্রীগৰাকীয়ে এনে অপমানসূচক মন্তব্য দিয়াৰ সময়ত মঞ্চত তেওঁৰ সোঁৱে–বাঁৱে থকাসকলে আন্দোলনৰ মাজেদি আহি চৰকাৰৰ শাসনৰ গাদীত বহিছে৷ আন্দোলন কৰাসকলক কাষত বহুৱাই গৃহমন্ত্রীগৰাকীয়ে অসমৰ ৰাইজক ৰঙা চকু দেখুৱাবলৈ অপচেষ্টা কৰিছে৷ গৃহমন্ত্রীৰ এনে ৰঙা চকুক অসমৰ জনসাধাৰণে কেৰেপ নকৰে৷ কেন্দ্রীয় গৃহমন্ত্রী আৰু তেওঁৰ সতীর্থসকলেও দেশজুৰি বিভিন্ন আন্দোলন কৰিয়েই বর্তমান ক্ষমতাৰ গাদীত বহি আছে৷ অসমতো শাসকীয় দলটোৱে বিৰোধী পক্ষত থকা সময়ত অসম চুক্তি ৰূপায়ণৰ বাবে, ৰাষ্ট্রীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ বাবে আন্দোলন কৰিছিল৷ বৃহৎ নদীবান্ধ বন্ধ কৰিবলৈ, ভাৰত–বাংলাদেশ সীমান্ত ছীল কৰিবলৈ আন্দোলন কৰিছিল৷ আনকি অসমৰ মাটি বাংলাদেশক গতাই দিয়াৰ প্রতিবাদতো আন্দোলন কৰিছিল৷ কেন্দ্রীয় গৃহমন্ত্রীগৰাকীৰ প্রতি আছুৱে অভিযোগ উত্থাপন কৰি কয় যে কালি গৃহমন্ত্রীয়ে নিজৰ মন্তব্যত অসম চুক্তিৰ ৬নং দফা অনুসৰি সাংবিধানিক ৰক্ষাকৱচ সম্পর্কত নিজে গঠন কৰা উচ্চস্তৰীয় সমিতিৰ প্রতিবেদন কার্যকৰী কৰা সম্পর্কত এটা শব্দও উচ্চাৰণ নকৰিলে৷ সংসদৰ মজিয়াত দাড়ি, ক’মাসহ প্রতিবেদন কার্যকৰী কৰিম বুলি কৰা প্রতিশ্রুতি আৰু নাগৰিকপঞ্জী উন্নীতকৰণৰ সম্পর্কত কৰা মন্তব্যবোৰ ফাঁকিত পৰিণত কৰিব বিচাৰিছে৷ অসমৰ অর্থনৈতিক ভেটি ভাঙি চূৰমাৰ কৰি পেলোৱা অসমৰ বান আৰু গৰাখহনীয়াক ৰাষ্ট্রীয় সমস্যা হিচাপে সমাধান কৰা বিষয়তো পতিয়নযোগ্য কথা প্রকাশ নকৰিলে৷ বিবৃতিত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক সকীয়াই দি কয়– ‘অসমৰ জাতীয় শ্বহীদ, নির্যাতিত ব্যক্তি, অহিংস আন্দোলনক অপমান কৰাৰ পৰা বিৰত থাকক৷ দিল্লীৰ অন্যায়, অবিচাৰৰ বিৰুদ্ধে আৰু ন্যায়প্রাপ্তিৰ বাবে অসমৰ জনসাধাৰণে অহিংস পন্থাৰে আন্দোলন কৰিবই৷ ভাবুকি নিদিব৷ ভাবুকিক অসমৰ জনসাধাৰণে ভয় নকৰে৷’

You might also like