নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিক্ষিত নিবনুৱা–আর্থিকভাৱে দুর্বলসকলক মাহিলি দিব অর্থসাহায্য

এজেপিৰ নির্বাচনী কার্যসূচী ঘোষণা লুৰিণজ্যোতিৰ

নিয়মীয়া বাৰ্তা ২৯ ডিচেম্বৰঃ ৰাজ্যত অসম জাতীয় পৰিষদৰ চৰকাৰ গঠন হ’লে প্রতিগৰাকী শিক্ষিত নিবনুৱাক মাহিলি ৫ হাজাৰ আৰু আর্থিকভাৱে দুর্বল, কাৰিকৰীভাৱে সক্ষম নিবনুৱাসকলক প্রতিমাহে ১০ হাজাৰ টকাৰ আর্থিক সাহায্য প্রদান কৰা হ’ব৷ প্রতিজন কর্মঠ আৰু অর্হতাসম্পন্ন নিবনুৱাৰ বাবে উপার্জনৰ পথ মুকলি নোহোৱালৈকে এই সাহায্যৰ ব্যৱস্থা থাকিব৷ আনুষ্ঠানিক আত্মপ্রকাশৰ পাছত আজি প্রথমখন সংবাদ মেল সম্বোধন কৰি এই ঘোষণা কৰে দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে৷ সংবাদ মেলত অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে লগতে কয়– ‘ৰাজ্যখনৰ প্রতিজন কর্মঠ ব্যক্তিয়ে উপার্জন কৰিব পৰাকৈ অর্থনৈতিক পৰিৱেশ গঢ়ি তুলিবলৈ অসম জাতীয় পৰিষদ প্রতিশ্রুতিবদ্ধ৷ প্রতিগৰাকী ব্যক্তিয়ে কামৰ জৰিয়তে উপার্জন কৰিব পাৰিলেহে ৰাজ্যখন এখন উৎপাদনশীল ৰাজ্যত পৰিণত হ’ব৷ প্রতিটো পৰিয়ালক উপার্জনশীল কৰি তোলাৰ লক্ষ্যৰে অসম জাতীয় পৰিষদে গ্রহণ কৰা অর্থনৈতিক মন্ত্রটো হ’ল– ঘৰে ঘৰে আমি, ঘৰে ঘৰে উপার্জন৷ এই উদ্দেশ্য আগত ৰাখি দলে অভিযান আৰম্ভ কৰিব৷ ৰাজ্যত কোনোপধ্যে ‘কা’ বলৱৎ কৰিবলৈ নিদিয়াৰ হুংকাৰ দি লুৰিণজ্যোতি গগৈয়ে আৰু কয় যে বিজেপি চৰকাৰে অসমবাসীৰ অধিকাৰসমূহ অতি কৌশলেৰে কাঢ়ি নিয়াৰ ষড়যন্ত্র কৰিছে৷ বিদেশী নাগৰিকৰ সমস্যাটোক জীয়াই ৰাখি অসমবাসীৰ ৰাজনৈতিক অধিকাৰ খর্ব কৰিছে৷ ১৯৭১ৰ পাছৰ বাংলাদেশীৰ নাম ভোটাৰ তালিকাত অন্তর্ভুক্ত কৰি, ৰাষ্ট্রীয় নাগৰিকপঞ্জীত সন্নিৱিষ্ট কৰি অসমবাসীক ৰাজনৈতিকভাৱে দুর্বল কৰিছে৷ তাৰ মাজতে ‘কা’ জাপি দি অসমৰ মাটিত অসমবাসীৰ ভাষা–সংস্কৃতিলৈ ভাবুকি মাতি আনিছে৷ অসমৰ সম্পদৰাজিৰ ওপৰতো অসমৰ মানুহৰ অধিকাৰ কাঢ়ি নিবলৈ আইন আনিছে৷ অসমবাসীৰ সকলো অর্থনৈতিক, ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক অধিকাৰ ঘূৰাই আনিবলৈ অসম জাতীয় পৰিষদে সংগ্রামৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ দল শাসনলৈ আহিলে অসমত কোনোপধ্যে ‘কা’ বলৱৎ হ’বলৈ নিদিয়ে৷ এয়া জাতীয় পৰিষদৰ দৃঢ় সংকল্প৷ তদুপৰি বান–গৰাখহনীয়াৰ বিজ্ঞানসন্মত সমাধানৰ পথ উলিওৱা, ভূমি আৰু সম্পদৰ সম অধিকাৰ, সম বিতৰণৰ প্রতিও অসম জাতীয় পৰিষদ যত্নৱান হ’ব বুলি তেওঁ মন্তব্য কৰে৷

দলটোৰ সভাপতিগৰাকীয়ে সাম্প্রদায়িক ৰাজনীতিৰ স্বৰূপ উদঙাই কয় যে অসমত এতিয়া বদৰুদ্দিন আজমলৰ মুখখন দেখুৱাই সাম্প্রদায়িক মেৰুকৰণ কৰিবলৈ বিচৰা হৈছে৷ কিন্তু সাম্প্রদায়িক শক্তিসমূহ ক’ৰবাত নহয় ক’ৰবাত একেটা মেৰুত মিলিত হয়৷ সেইবাবে ‘কা’ সম্পর্কীয় ভোটদানৰ সময়ত সংসদত বদৰুদ্দিন আজমল আৰু এ আই ইউ ডি এফৰ সদস্য উপস্থিত নাথাকিল৷ অসমত বিজেপি আৰু এ আই ইউ ডি এফে এতিয়াও একেলগে দুখন জিলা পৰিষদ গঠন কৰি আছে৷ এয়াই হৈছে সাম্প্রদায়িক ৰাজনীতিৰ আচল স্বৰূপ৷ লুৰিণজ্যোতি গগৈৰ মতে, অসমত এইবাৰ দুটা সভ্যতাৰ মাজতে যুঁজ হ’ব৷ এটা হ’ল আঁঠুকাঢ়ি জীয়াই থকাৰ সভ্যতা, আনটো হ’ল মূৰ দাঙি স্বাভিমানেৰে জীয়াই থকাৰ সভ্যতা৷ বিগত বর্ষৰ তিক্ততাৰ কথা সুঁৱৰি তেওঁ পুনৰ কয় যে ২০১৯–২০ বর্ষ অসমৰ জাতীয় জীৱনৰ বাবে অতি ভয়াৱহ বছৰ আছিল৷ এই সময়ছোৱাত দিল্লীয়ে অসমৰ স্বাভিমান ভূ–লুণ্ঠিত কৰিলে৷ যোৱা সময়ছোৱা আছিল হেৰুওৱাৰ বছৰ৷ নিৰাশাৰ বছৰ৷ চাৰিওফালে কেৱল প্রশাসনহীনতাৰ মাজত জীয়াই থকাৰ পৰিৱেশ৷ এই দুর্দিন অতিক্রমি ২০২১ হ’ব আশাৰ বছৰ৷ জাতীয় স্বাভিমান প্রতিষ্ঠাৰ বছৰ৷ ২০২১ত অসমত জাতীয়তাবাদৰ ভেটি সুদৃঢ় হ’ব আৰু অধিকাৰ প্রতিষ্ঠাৰ বছৰ হিচাপে চিহ্ণিত হৈ ৰ’ব৷ আনহাতে, গৃহমন্ত্রী অমিত শ্বাহে গণ আন্দোলন সন্দর্ভত প্রদান কৰা মন্তব্য আৰু অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ সন্দর্ভত অৱলম্বন কৰা মৌনতা চৰম অপমানসূচক আৰু অসমৰ প্রতি উদাসীনতাৰ প্রতিফলন বুলি তেওঁ মন্তব্য কৰে৷ আঞ্চলিক শক্তিৰ মিত্রতা সন্দর্ভত নৱগঠিত আঞ্চলিক ৰাজনৈতিক দলটোৰ সভাপতিগৰাকীয়ে কয় যে অসমৰ জাতীয় স্বার্থ নিঃশেষ কৰাৰ ষড়যন্ত্রত লিপ্ত হোৱা বিজেপিক পৰাভূত কৰাৰ স্বার্থত সকলো জাতীয়তাবাদী ভাৱাপন্ন আঞ্চলিক ৰাজনৈতিক দলৰে আলোচনা ত্বৰান্বিত কৰি তোলা হ’ব৷

ৰাষ্ট্রীয় দলৰ অক্সিজেন লৈ জীয়াই নথকা আঞ্চলিক শক্তিৰ সৈতে আলোচনাৰ কর্তৃত্ব কার্যনির্বাহক সভাই দলৰ সভাপতিৰ হাতত অর্পণ কৰিছে৷ শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ উন্নয়নৰ স্বৰূপ উদঙাবলৈ অসম জাতীয় পৰিষদে সংবাদ মাধ্যমক লগত লৈ শীঘ্রে বিধানসভা সমষ্টিসমূহ পৰিভ্রমণ কৰিব৷ এই কার্যসূচী সন্দর্ভত লুৰিণজ্যোতি গগৈয়ে কয়– ৰাজ্য চৰকাৰে বিজেপি আৰু অগপ বিধায়ক থকা সমষ্টিসমূহত অধিক ধন ব্যয় কৰিছে৷ আনহাতে বাকীবোৰ সমষ্টিত শিক্ষাকে ধৰি অন্যান্য উন্নয়নমূলক কাম–কাজত বৈষম্যমূলক দৃষ্টিভংগী গ্রহণ কৰিছে৷ এয়া অতি নিন্দনীয় কথা৷ তদুপৰি চৰকাৰখনে দৰাচলতে উন্নয়নৰ নামত ফটা ঢ়োল কোবাই আছে৷ এই ফোঁপোলা স্বৰূপ উন্মোচন কৰিবলৈ অসম জাতীয় পৰিষদে সংবাদ মাধ্যমৰ প্রতিনিধিক লগত লৈ অগপ আৰু বিজেপি বিধায়কৰ সমষ্টিসমূহ ভ্রমণ কৰিব৷ প্রতিটো সমষ্টিত এসপ্তাহৰ পৰা দহ দিন বাহৰ পাতি উন্নয়নৰ বৈষম্যমূলক স্বৰূপ আৰু প্রকৃত ছবি উদঙাই দিব৷ ৰাজ্যত সাম্প্রদায়িকতা, স্বৈৰতন্ত্র আৰু ঘৃণাৰ ৰাজনীতিৰ অৱসান ঘটাবলৈ, দুর্নীতি–পশাসন ৰোধ কৰি গণতান্ত্রিক পৰিৱেশ ঘূৰাই আনিবলৈ অসম জাতীয় পৰিষদক সহযোগ কৰাৰ বাবে ৰাজ্যবাসীক আহ্বান জনায় দলটোৰ সভাপতিগৰাকীয়ে৷ ইফালে, নৱগঠিত দলটোৰ আজিৰ ঘোষণাক কটাক্ষ কৰি ৰাজ্যৰ বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে যিসকলে কেতিয়াও চৰকাৰ গঠন কৰিব নোৱাৰে, তেওঁলোকে যিকোনো কথাই ক’ব পাৰে৷ যদিহে জাতীয় পৰিষদৰ ইস্তাহাৰত কিবা ভাল বিষয় থাকে, তেনেহ’লে বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পাছত সেয়া ৰূপায়ণ কৰিবলৈ চেষ্টা কৰিব৷ কিন্তু চৰকাৰ গঠনৰ সম্ভাৱনা নথকা দলসমূহে সকলো কথাই কৈ থাকে, যিহেতু তেওঁলোকে সেয়া কেতিয়াও কার্যকৰী কৰিবলগীয়া নহয়৷

You might also like