নিয়মীয়া বাৰ্তা ২৯ ডিচেম্বৰঃ আজি ভাৰতীয় জনতা পার্টীত (বিজেপি) যোগদান কৰিব প্রাক্তন কংগ্রেছী মন্ত্রী অজন্তা নেওগ আৰু বিধায়ক ৰাজদীপ গোৱালাই৷ ৰাজ্যিক বিজেপিৰ হেঙেৰাবাৰীস্থিত মুখ্য কার্যালয়ত সভাপতি ৰঞ্জিত কুমাৰ দাসৰ উপস্থিতিত দলটোত যোগদান কৰিব নেওগ আৰু গোৱালাই৷ উল্লেখ্য যে দীর্ঘদিন ধৰি কংগ্রেছৰ অন্যতম শক্তিশালী নেত্রী অজন্তা নেওগে বিজেপিত যোগদান কৰিব বুলি ৰাজনৈতিকভাৱে চর্চা লাভ কৰি আহিছিল৷ শেহতীয়াকৈ প্রাক্তন মন্ত্রীগৰাকীয়ে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক সাক্ষাৎ কৰাৰ পাছতে এই সম্ভাৱনা অধিক প্রকট হৈ পৰে৷ যোৱা ২৫ ডিচেম্বৰত তিনিদিনীয়া ভ্রমণসূচীৰে অসম ভ্রমণলৈ অহা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক সাক্ষাৎ কৰি এই কথা স্পষ্ট কৰিছিল অজন্তা নেওগে৷ ইয়াৰ মাজতে কাইলৈ বিজেপিত আনুষ্ঠানিকভাৱে অজন্তা নেওগ আৰু ৰাজদীপ গোৱালাই যোগদান কৰিব বুলি ঘোষণা কৰা হৈছে৷
ইপিনে অজন্তা নেওগৰ বিজেপি গমন সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰিছে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই৷ ৰাজীৱ ভৱনত অনুষ্ঠিত এক অনুষ্ঠানৰ অন্তত সংবাদ মাধ্যমে নেওগৰ বিজেপি গমনে কংগ্রেছক দুর্বল কৰিব নেকি বুলি সোধা প্রশ্ণৰ উত্তৰত তেওঁ কয়– ‘দল দুর্বল হোৱা নাই৷ এয়া কোনো চাকৰি অথবা ব্যৱসায় নহয়৷ মন গ’লেই কৰি থাকিব অথবা মন নগ’লে এৰি দিব৷ কংগ্রেছ হৈছে এটা আদর্শ৷ যিসকলে কংগ্রেছৰ আদর্শক মনে–প্রাণে গ্রহণ কৰিছে, তেওঁলোকে কেতিয়াও দল এৰি যাব নোৱাৰে৷ যিসকলে ব্যৱসায়িক ভিত্তিত অথবা নিজৰ ব্যক্তিগত স্বার্থত কংগ্রেছত আছে, তেওঁলোকে আন স্থানত ব্যক্তি স্বার্থ পূৰণ হ’ব বুলি আশা কৰি যাব বিচাৰিছে৷’ আনহাতে, কংগ্রেছৰ নেতৃত্বৰ দুর্বলতাৰ বাবে দলত খাম–খেয়ালি সৃষ্টি হোৱা বুলি সঘনাই উত্থাপন হৈ অহা অভিযোগ সন্দর্ভত বৰাই কয় যে কেপ্ঢেইনে ভাল খেলিলেই এখন খেলত জয়ী হ’ব নোৱাৰি৷ আন খেলুৱৈসকলেও ভালদৰে খেলিব লাগিব৷ এই প্রসংগত বৰাই কয়– ‘এই পৰিস্থিতিত নেতৃত্ব দুর্বল হৈছে বুলি তেওঁলোকে কৈছে৷ মানি লৈছোঁ, কিন্তু দলক সবল কৰিবলৈ কোনে কি অৱদান আগবঢ়াইছে? এখন খেলত কেৱল কেপ্ঢেইনে ভাল খেলিলে জয়ী কৰাব নোৱাৰে৷ আন খেলুৱৈসকলেও সমানে ভাল প্রদর্শন কৰিব লাগিব৷ কংগ্রেছ এটা গণতান্ত্রিক দল৷ ইয়াৰ মাজত মত পার্থক্য থাকিব পাৰে৷ সকলো ৰাজনৈতিক দলতে মত পার্থক্য থাকে৷ এনে মত পার্থক্যসমূহ দূৰ কৰিবলৈ সদায় প্রচেষ্টা কৰি আহিছোঁ৷’