নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইংলেণ্ডফেৰৎ ৮ ব্যক্তি আক্রান্ত অতি সংক্রামক নতুন ক’ৰোনাত

অধিক সংক্রমণৰ আশংকা

নিয়মীয়া বাৰ্তা ৩০ ডিচেম্বৰঃ ক’ভিড–১৯ৰ শংকা দূৰ নৌহওঁতেই পুনৰ অধিক সংক্রমণশীল নতুন ক’ৰোনা ভাইৰাছৰ প্রাদুর্ভাৱ ঘটিছে৷ গ্রেট ব্রিটেইনত ৰূপান্তৰিত ক’ৰোনা ভাইৰাছত আক্রান্তই শংকাৰ পৰিৱেশ সৃষ্টি কৰাৰ সময়তে এই অতি সংক্রামক নতুন ক’ৰোনা ভাইৰাছত আক্রান্ত লোক চিনাক্ত হৈছে ভাৰতত৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে আজি প্রকাশ কৰা মতে গ্রেট ব্রিটেইনৰ পৰা উভতি অহা ৮জন লোকৰ দেহত মিউটেণ্ট ক’ৰোনা ভাইৰাছ ধৰা পৰিছে৷ ইংলেণ্ডফেৰৎ লোকৰ দেহত নতুন ক’ৰোনা ভাইৰাছৰ সংক্রমণ ধৰা পৰিছে হায়দৰাবাদ, পুনে আৰু বাংগালুৰুত৷ বাগালুৰুৰ নিমহান্সত গ্রেট ব্রিটেইনৰ পৰা উভতি অহা তিনি লোকৰ দেহত ক’ৰোনা ভাইৰাছ পজিটিভ ধৰা পৰিছে৷ আনপিনে হায়দৰাবাদৰ চেণ্টাৰ ফৰ চেলুলাৰ এণ্ড মলিকুলাৰ বায়ল’জীত গ্রেট ব্রিটেইনফেৰৎ দুই লোকৰ দেহত নতুন ক’ৰোনা ভাইৰাছ ধৰা পৰিছে৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে প্রকাশ কৰা মতে নতুন ক’ৰোনা ভাইৰাছত আক্রান্ত আটাইকেইজনকে এটা কোঠাত আছুতীয়াকৈ ৰখা হৈছে৷ তাৎপর্যপূর্ণ যে যোৱা ২৫ নৱেম্বৰৰ পৰা ২৩ ডিচেম্বৰলৈকে গ্রেট ব্রিটেইনৰ পৰা অহা ৩৩ হাজাৰ যাত্রী দেশৰ কেইবাটাও বিমানবন্দৰত অৱতৰণ কৰিছে৷ ব্রিটেইনফেৰৎ এই যাত্রীসকলক চিনাক্ত কৰি কর্তৃপক্ষই নিৰীক্ষণৰ বাবে ব্যৱস্থা গ্রহণ কৰিছে৷

উল্লেখ্য যে গ্রেট ব্রিটেইনত ৰূপান্তৰিত অধিক সংক্রমণশীল ক’ৰোনা ভাইৰাছৰ সংক্রমণ বৃদ্ধি পোৱাৰ পিছত এই নতুন ভাইৰাছৰ সংক্রমণ ইউৰোপৰ বিভিন্ন দেশৰ লগতে কানাডালৈকে বিয়পি পৰিছে৷ তথ্য মতে, ডেনমার্ক, নেডাৰলেণ্ড, অষ্ট্রেলিয়া, ইটালী, ছুইডেন, ফ্রান্স, স্পেইন, ছুইজাৰলেণ্ড, জার্মানীৰ উপৰি জাপান, লেবানন, ছিংগাপুৰলৈ সম্প্রসাৰিত হৈছে নতুন ক’ৰোনা ভাইৰাছৰ সংক্রমণ৷ গুৰুত্বপূর্ণ যে যোৱা ছেপ্ঢেম্বৰত গ্রেট ব্রিটেইনত প্রথমটো ৰূপান্তৰিত ক’ৰোনা ভাইৰাছৰ সংক্রমণ ধৰা পৰিছে৷ ইয়াৰ পাছৰ পৰাই দেশখনত এনে ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে৷ তথ্য অনুসৰি ক’ভিড–১৯তকৈ এই ভাইৰাছটোৰ সংক্রমণ অতি দ্রুতগতিত ঘটে৷ প্রথম পর্যায়ৰ ক’ভিড–১৯ সংক্রমণৰ তুলনাত নতুন ক’ৰোনা ভাইৰাছটোৰ সংক্রমণৰ গতি ৭০ শতাংশ বেছি৷ গ্রেট ব্রিটেইনৰ পৰা অহা যাত্রীৰ দেহত নতুন ক’ৰোনা ভাইৰাছৰ স্থিতি ধৰা পৰাৰ পাছতেই কেন্দ্রীয় চৰকাৰে অহা ৩১ ডিচেম্বৰলৈ দেশখনৰ পৰা অহা সকলো বিমান বাতিল কৰিছে৷ এই সময়সীমা ৩১ জানুৱাৰীলৈকে সম্প্রসাৰণ কৰাৰ পূর্ণ সম্ভাৱনা আছে৷

You might also like