ধর্ণাস্থলীত মুকলিতে মল–মূত্র ত্যাগ প্রতিবাদকাৰীৰঃ প্রহসনত পৰিণত চচলৰ জিলা পানী–অনাময় সমিতিৰ সামূহিক টয়লেট
নিয়মীয়া বাৰ্তা ৩০ ডিচেম্বৰঃ যি সময়ত ৰাজকোষৰ কোটি কোটি টকা ব্যয় কৰি অনাময় ব্যৱস্থা সুচল কৰাৰ বাবে ৰাজ্য চৰকাৰে গুৱাহাটীৰ প্রান্তে প্রান্তে ৰাজহুৱা শৌচাগাৰ নির্মাণ কৰি চমক সৃষ্টি কৰিছে সেই সময়তে ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা প্রাপ্য বিচাৰি গুৱাহাটীলৈ অহা লোকসকলে মুকলি আকাশৰ তলত মল–মূত্র ত্যাগ কৰিবলগীয়া হৈছে৷ ৰাজহুৱা শৌচ–প্রস্রাৱাগাৰৰ অভাৱত প্রশাসনৰ চকুৰ সন্মুখতে চচলৰ ধর্ণাস্থলীত নিজৰ প্রাপ্য বিচাৰি প্রতিবাদ সাব্যস্ত কৰিবলৈ অহা প্রতিবাদকাৰীসকলে মুকলি আকাশৰ তলত মল–মূত্র ত্যাগ কৰাৰ পাছতো জিলা প্রশাসনে এইক্ষেত্রত বিহিত ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ ফলত ঘণ্টাৰ পাছত ঘণ্টা ধৰি প্রতিবাদ সাব্যস্ত কৰা লোকসকলে মল–মূত্র ত্যাগ কৰাত বিশেষ অসুবিধাৰ সন্মুখীন হৈছে৷
উল্লেখ্য যে গুৱাহাটী মহানগৰীত সঘনাই সৃষ্টি হোৱা যান–জঁট আৰু পৰিৱেশৰ প্রতি লক্ষ্য ৰাখি ন্যায়ালয়ৰ নির্দেশমর্মে দীঘলীপুখুৰীৰ পৰা ধর্ণাস্থলী চচললৈ স্থানান্তৰ কৰা হৈছিল৷ কামৰূপ মহানগৰ জিলা প্রশাসনে নিজৰ প্রাপ্য বিচাৰি ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা অহা লোকসকলক শান্তিপূর্ণভাৱে নিজ নিজ প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰিবলৈ চচলৰ চৰকাৰী ভূমিত ধর্ণাস্থলী নির্মাণ কৰিছিল৷ একে সময়তে ধর্ণাস্থলীত প্রতিবাদ কৰিবলৈ অহা লোকসকলৰ সুবিধার্থে গুৱাহাটী কার্বন লিমিটেডৰ সামাজিক দায়বদ্ধতা আঁচনিৰ পুঁজিৰ সহায়ত কামৰূপ মহানগৰ জিলা পানী আৰু অনাময় সমিতিয়ে উক্ত স্থানত সামূহিক অনাময় চৌহদ নির্মাণ কৰে৷
লক্ষণীয়ভাৱে ধর্ণাস্থলীত নির্মাণ কৰা সামূহিক অনাময় চৌহদত কামৰূপ মহানগৰ জিলা পানী আৰু অনাময় সমিতিয়ে এতিয়ালৈকে পানীৰ সুব্যৱস্থা কৰা নাই৷ তদুপৰি এই ৰাজহুৱা শৌচ–প্রস্রাৱাগাৰ নিয়মীয়াকৈ পৰিষ্কাৰ নকৰাৰ ফলত ব্যৱহাৰৰ অনুপযোগী হৈ পৰিছে৷ ইপিনে, একাংশ উদণ্ড যুৱকে সন্ধিয়া হ’লেই ধর্ণাস্থলীত প্রৱেশ কৰি সুৰা সেৱন কৰাৰ লগতে সুৰা আৰু পানীৰ বটল শৌচাগাৰৰ উপৰি ধর্ণা চৌহদত পেলাই পৰিৱেশ বিনষ্ট কৰিছে৷ ফলত ধর্ণাস্থলীত নিজৰ প্রাপ্য বিচাৰি প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰা বিভিন্ন সংগঠনৰ সদস্য তথা অন্যান্য প্রতিবাদকাৰীসকলে মল–মূত্র ত্যাগ কৰাত অসুবিধাৰ সন্মুখীন হৈছে৷ বিশেষকৈ প্রতিবাদী কার্যসূচীত অংশগ্রহণ কৰা মহিলাসকলে এইক্ষেত্রত বিশেষ অসুবিধাৰ সন্মুখীন হৈছে৷ একাংশ প্রতিবাদকাৰীয়ে মুকলি আকাশৰ তলত মল–মূত্র ত্যাগ কৰিবলগা হৈছে যদিও আৰক্ষী প্রশাসনে এইক্ষেত্রত বিহিত ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ উপায়হীন হৈ প্রতিবাদী কার্যসূচী গ্রহণ কৰা লোকসকলে ধর্ণাস্থলীত তির্পাল আঁৰি প্রস্রাৱ কৰা পৰিলক্ষিত হৈছে৷ এইক্ষেত্রত জিলা প্রশাসন তথা গুৱাহাটী পৌৰ নিগমে কি ব্যৱস্থা গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷